--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ নেতৃত্বত বৃহৎ পৰিসৰত চলি আছে ইতিহাস পুনৰ লিখনৰ কাম। ২০২৫ চনৰ প্ৰহিলা দিনটোতে চুবুৰীয়া দেশখনৰ বিখ্যাত কাকত ‘ডেইলী ষ্টাৰ’ত প্ৰকাশিত বাতৰি অনুসৰি এতিয়া বাংলাদেশৰ পাঠ্যপুথিত ছাত্ৰ-ছাত্ৰীক শিকোৱা হ’ব যে ১৯৭১ চনত দেশৰ স্বাধীনতা ঘোষণা ‘বংগবন্ধু’ শ্বেখ মুজিবুৰ ৰহমানে নহয়, জিয়াউৰে ৰহমানে কৰিছিল। নতুন পাঠ্যপুথিত মুজিবুৰ ৰহমানৰ 'জাতিৰ পিতা’ উপাধিও আঁতৰাই দিয়া হৈছে।

প্ৰাপ্ত খবৰ অনুসৰি ৰাষ্ট্ৰীয় পাঠ্যক্ৰম আৰু পাঠ্যপুথি ব’ৰ্ডৰ অধ্যক্ষ অধ্যাপক একেএম ৰিয়াজুল হাছানে সদৰি কৰা মতে ‘শৈক্ষিক বৰ্ষ-২০২৫ৰ বাবে প্ৰস্তুত কৰা নতুন পাঠ্যপুথিসমূহত ১৯৭১ চনৰ ২৬ মাৰ্চত জিয়াউৰ ৰহমানে বাংলাদেশৰ স্বাধীনতা ঘোষণা কৰিছিল আৰু ২৭ মাৰ্চত তেওঁ বংগবন্ধু মুজিবুৰ ৰহমানেও আন এক স্বাধীনতা ঘোষণা কৰিছিল।

উল্লেখযোগ্য যে জিয়াউৰ আছিল বাংলাদেশ জাতীয়তাবাদী পাৰ্টিৰ প্ৰতিষ্ঠাপক তথা বৰ্তমানৰ বিএনপিৰ মুৰব্বী খালেদা জিয়াৰ স্বামী। আৰু শেহতীয়াকৈ প্ৰধানমন্ত্ৰীৰ পদ এৰিবলৈ বাধ্য হোৱা শ্বেখ হাছিনাৰ পিতৃ মুজিবুৰ ৰহমানে বাংলাদেশ মুক্তি যুদ্ধৰ নেতৃত্ব দিছিল।

ইয়াৰ পূৰ্বেও মুজিবুৰ আৰু জিয়াউৰৰ উত্তৰাধিকাৰক লৈ সদায় ৰাজনৈতিকভাৱে বিতৰ্কৰ সৃষ্টি হৈ আহিছে, বাংলাদেশৰ স্বাধীনতা কোনে ঘোষণা কৰিছিল সেইলৈ ৰাজনৈতিকভাৱে বিতৰ্কিত হৈ আহিছে।  আৱামী লীগে এই ঘোষণা ‘বংগবন্ধু’ মুজিবুৰ ৰহমানে কৰা বুলি দাবী কৰাৰ বিপৰীতে বিএনপিয়ে ইয়াৰ কৃতিত্ব বিএনপিৰ প্ৰতিষ্ঠাপক জিয়াউৰক দিয়ে।

সেয়ে ক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰি বাংলাদেশৰ চৰকাৰী ইতিহাসৰ পৰিৱৰ্তন ঘটিছে। ১৯৭৮ চনত বাংলাদেশৰ ৰাষ্ট্ৰপতি হিচাপে জিয়াউৰৰ ৰাজত্বকালত প্ৰথমবাৰৰ বাবে এনে পৰিৱৰ্তন ঘটিছিল৷ জিয়াউৰক স্বাধীনতা ঘোষণা কৰা মানুহ বুলি অভিহিত কৰা হৈছিল। তেতিয়াৰ পৰাই আনুষ্ঠানিক ইতিহাস কেইবাবাৰো পুনৰ লিখা হৈছে। বাংলাদেশত ২০০৯ চনত শ্বেখ হাছিনা ক্ষমতালৈ অহাৰ পিছত ইতিহাস পুনৰ লিখা হৈছিল। 

২০১০ চনত বাংলাদেশৰ উচ্চতম ন্যায়ালয়ে জিয়াউৰ ৰহমানক স্বাধীনতাৰ প্ৰচাৰক হিচাপে উপস্থাপন কৰা ১৯৭৮ চনত প্ৰকাশিত ‘বাংলাদেশ স্বাধীনতা যুদ্ধ: নথিপত্ৰ’ৰ তৃতীয় খণ্ডটো বাংলাদেশৰ উচ্চতম ন্যায়ালয়ে অবৈধ বুলি ঘোষণা কৰিছিল।

চৰকাৰ বিৰোধী প্ৰতিবাদৰ বাবে ২০২৪ চনৰ আগষ্ট মাহত শ্বেখ হাছিনাই ক্ষমতা এৰিবলগীয়া হৈছিল। তেওঁৰ কাৰ্যকালত মুজিবুৰ উত্তৰাধিকাৰক শক্তিশালী কৰাৰ প্ৰচেষ্টা চলোৱা হৈছিল। কিন্তু এতিয়া বিএনপিৰ আধিপত্য থকা অন্তৱৰ্তীকালীন চৰকাৰখনে মুজিবৰ উত্তৰাধিকাৰক আক্ৰমণ কৰিছে। প্ৰতিবাদত হাছিনা চৰকাৰৰ দিনত স্মৃতিসৌধ হিচাপে গঢ়ি তোলা মুজিবৰ ৰহমানৰ প্ৰতিমূৰ্তি ভাঙি পেলোৱা হয় আৰু তেওঁৰ বাসগৃহ জ্বলাই ধ্বংস কৰা হয়।

তথ্য অনুসৰি জিয়াউৰহমানে স্বাধীনতা ঘোষণাকৰা দাবীটো সন্দেহজনক। ১৯৭১ চনৰ ২৬ মাৰ্চত শ্বেখ মুজিবুৰে স্বাধীনতা ঘোষণা কৰিছিল। আমেৰিকাৰ প্ৰতিৰক্ষা চোৰাংচোৱা সংস্থা আৰু হেনৰী কিচিঞ্জাৰৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা ৱাশ্বিংটন স্পেচিয়েল একচন গ্ৰুপৰ বৈঠকৰ নথি-পত্ৰতো মুজিবৰ এই ঘোষণাৰ কথা উল্লেখ আছে।

২৬ মাৰ্চৰ পুৱা ১২:৩০ বজাত টেলিগ্ৰামৰ জৰিয়তে প্ৰেৰণ কৰা হৈছিল মুজিবুৰ এই বাৰ্তা আৰু ২৬ মাৰ্চৰ বিয়লি কালুৰঘাটত অৱস্থিত ‘স্বাধীন বাংলা বেটাৰ কেন্দ্ৰ’ৰ পৰা এম এ হান্নানে মুজিবৰ বাৰ্তা সম্প্ৰচাৰ কৰিছিল। ২৭ মাৰ্চত বংগবন্ধুৰ নামত জিয়াউৰে আন এক ঘোষণা কৰে।

মুজিবুৰে ১৯৭৩ চনৰ নিৰ্বাচনত জয়লাভ কৰি বাংলাদেশক ধৰ্মনিৰপেক্ষ গণৰাজ্য হিচাপে গঢ়ি তোলাৰ চেষ্টা চলাইছিল। একে সময়তে ১৯৭৫ চনত তেওঁৰ হত্যাৰ পিছত ক্ষমতালৈ অহা জিয়াউৰ ৰহমানে সংবিধানৰ পৰা ধৰ্মনিৰপেক্ষতাক আঁতৰাই ইছলামিক প্ৰচাৰ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক