--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ বিশ্বত দেখা দিছে ক’ভিড-১৯ৰ প্ৰকোপে৷মাৰাত্মক ক’ভিড-১৯ ভাইৰাছৰ উৎপত্তি আৰু সংক্ৰমণৰ অনুসন্ধান কৰা গৱেষকসকলে শেহতীয়াকৈ আমেৰিকাৰ অহাইঅ’ত বগা ঠেংযুক্ত হৰিণত এই ভাইৰাছৰ অসংখ্য ৰোগী চিনাক্ত কৰিছে৷অহাইঅ’ ষ্টেট ইউনিভাৰ্চিটিৰ বিজ্ঞানীসকলে আৱিষ্কাৰ কৰিছে যে এই ভাইৰাছবিধ প্ৰাণীৰ মাজত বিয়পি পৰিছে আৰু মানুহৰ মাজত পুনৰ উত্থান ঘটিছে আৰু ইয়াৰ জিনীয় গঠন দ্ৰুতগতিত বিকশিত হৈছে।

নেচাৰ কমিউনিকেশ্যনত প্ৰকাশিত এক গৱেষণা পত্ৰ অনুসৰি ২০২১ চনৰ নৱেম্বৰৰ পৰা ২০২২ চনৰ মাৰ্চ মাহৰ ভিতৰত অহাইঅ’ত মুক্তভাৱে চলা হৰিণৰ পৰা ১৫২২ টা নাকৰ স্বাব সংগ্ৰহ কৰি সেই স্বাব পৰীক্ষা কৰি বিজ্ঞানীসকলে ১০%তকৈ অধিক নমুনা কৰ’না ভাইৰাছত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে। এই ভাইৰাছৰ জেনেটিক মেটেৰিয়েল বিশ্লেষণৰ জৰিয়তে গৱেষকসকলে নিৰ্ণয় কৰিলে যে হৰিণত হোৱা এই সংক্ৰমণৰ ভিতৰত নূন্যতম ৩০টা মানুহৰ পৰা সংক্ৰমিত হৈছে।

টাইমৰ এক প্ৰতিবেদন অনুসৰি হৰিণেও মানুহৰ দৰে SARS-CoV-2 ৰোগত আক্ৰান্ত নহয় আৰু চিকিৎসক ব’মেনৰ বিশ্লেষণত দেখা গৈছে যে হৰিণে ছয়ৰ পৰা ন মাহলৈকে SARS-CoV-2 কঢ়িয়াই নিব পাৰে, যিয়ে হয়তো কেনেকৈ বুজাব পাৰে ই প্ৰাণীৰ পৰা আন প্ৰাণীলৈ বিয়পে। আৰু যদি হৰিণ ভাইৰাছৰ বাবে এক উল্লেখযোগ্য উৎস হয়, তেন্তে ই মানুহৰ বাবে ভাবুকি কঢ়িয়াই আনিব পাৰে যিহেতু হৰিণে SARS-CoV-2ক প্ৰতিলিপি আৰু মিউটেচন সৃষ্টি কৰাৰ আন এক সুযোগ দিয়ে।

এই তথ্যই বুজাইছে যে মানুহ আৰু জীৱ-জন্তুৰ মাজত ভাইৰাছ বিয়পি পৰাৰ সংঘটন প্ৰথমতে ধাৰণা কৰাতকৈ অধিক হৈছে, ইয়াৰ দ্বাৰা বিশ্বজুৰি ক’ভিড-১৯ ভাইৰাছ নিয়ন্ত্ৰণলৈ অনাৰ বাবে স্থায়ী সতৰ্কতা আৰু সঁহাৰিৰ প্ৰচেষ্টাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
হৰমুজ প্রণালীক লৈ আমেৰিকাক চৰ্ত আৰোপ ইৰানৰ; গুৰুত্বপূৰ্ণ জলপথটোৰ মুকলিত পুনৰ অনিশ্চয়তা
পাহাৰৰ মাটি কটাৰ ভয়ংকৰ পৰিণতি! ৰঙা মাটি-পানীয়ে বুৰালে হাতীশিলা গণেশ মন্দিৰ
আৰক্ষী আৰু আছাম ৰাইফলছৰ যৌথ অভিযানত কাছাৰৰ বদৰপুৰ ঘাটত ১৩ কোটি টকাৰ ড্ৰাগছ জব্দ; এজনক গ্ৰেপ্তাৰ
১২ আগষ্টত ঘটিব ৩টা মহাজাগতিক ঘটনা
প্রলয়ংকৰী বানত পোত গ’ল উজনিৰ ৪ জিলাৰ হাজাৰ হাজাৰ বিঘা খেতিপথাৰ
UPIৰ লেনদেনত গ্রাহকে ভৰিব নালাগে মাচুল: নির্মলা সীতাৰমণ
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ