--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ বিশ্বত দেখা দিছে ক’ভিড-১৯ৰ প্ৰকোপে৷মাৰাত্মক ক’ভিড-১৯ ভাইৰাছৰ উৎপত্তি আৰু সংক্ৰমণৰ অনুসন্ধান কৰা গৱেষকসকলে শেহতীয়াকৈ আমেৰিকাৰ অহাইঅ’ত বগা ঠেংযুক্ত হৰিণত এই ভাইৰাছৰ অসংখ্য ৰোগী চিনাক্ত কৰিছে৷অহাইঅ’ ষ্টেট ইউনিভাৰ্চিটিৰ বিজ্ঞানীসকলে আৱিষ্কাৰ কৰিছে যে এই ভাইৰাছবিধ প্ৰাণীৰ মাজত বিয়পি পৰিছে আৰু মানুহৰ মাজত পুনৰ উত্থান ঘটিছে আৰু ইয়াৰ জিনীয় গঠন দ্ৰুতগতিত বিকশিত হৈছে।

নেচাৰ কমিউনিকেশ্যনত প্ৰকাশিত এক গৱেষণা পত্ৰ অনুসৰি ২০২১ চনৰ নৱেম্বৰৰ পৰা ২০২২ চনৰ মাৰ্চ মাহৰ ভিতৰত অহাইঅ’ত মুক্তভাৱে চলা হৰিণৰ পৰা ১৫২২ টা নাকৰ স্বাব সংগ্ৰহ কৰি সেই স্বাব পৰীক্ষা কৰি বিজ্ঞানীসকলে ১০%তকৈ অধিক নমুনা কৰ’না ভাইৰাছত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে। এই ভাইৰাছৰ জেনেটিক মেটেৰিয়েল বিশ্লেষণৰ জৰিয়তে গৱেষকসকলে নিৰ্ণয় কৰিলে যে হৰিণত হোৱা এই সংক্ৰমণৰ ভিতৰত নূন্যতম ৩০টা মানুহৰ পৰা সংক্ৰমিত হৈছে।

টাইমৰ এক প্ৰতিবেদন অনুসৰি হৰিণেও মানুহৰ দৰে SARS-CoV-2 ৰোগত আক্ৰান্ত নহয় আৰু চিকিৎসক ব’মেনৰ বিশ্লেষণত দেখা গৈছে যে হৰিণে ছয়ৰ পৰা ন মাহলৈকে SARS-CoV-2 কঢ়িয়াই নিব পাৰে, যিয়ে হয়তো কেনেকৈ বুজাব পাৰে ই প্ৰাণীৰ পৰা আন প্ৰাণীলৈ বিয়পে। আৰু যদি হৰিণ ভাইৰাছৰ বাবে এক উল্লেখযোগ্য উৎস হয়, তেন্তে ই মানুহৰ বাবে ভাবুকি কঢ়িয়াই আনিব পাৰে যিহেতু হৰিণে SARS-CoV-2ক প্ৰতিলিপি আৰু মিউটেচন সৃষ্টি কৰাৰ আন এক সুযোগ দিয়ে।

এই তথ্যই বুজাইছে যে মানুহ আৰু জীৱ-জন্তুৰ মাজত ভাইৰাছ বিয়পি পৰাৰ সংঘটন প্ৰথমতে ধাৰণা কৰাতকৈ অধিক হৈছে, ইয়াৰ দ্বাৰা বিশ্বজুৰি ক’ভিড-১৯ ভাইৰাছ নিয়ন্ত্ৰণলৈ অনাৰ বাবে স্থায়ী সতৰ্কতা আৰু সঁহাৰিৰ প্ৰচেষ্টাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
জ্যোতিচিত্ৰবনত অনুষ্ঠিত হৈছে আমাৰ ভূপেন দা ছিজন ৯ ৰ গুৱাহাটী অডিচন
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ উজলিল ৰিম্পী বুঢ়াগোহাঁই ; নিজ গাঁৱত উষ্ম আদৰণি খেলুৱৈ গৰাকীক
কৰিশ্মা নাথৰ দলক নিষিদ্ধ ঘোষণাৰ দাবী কলাগুৰুৰ পুত্ৰৰ
অসমৰ যুৱকৰ থাইলেণ্ডত ৰহস্যজনক মৃত্যু
খালী পেটত কেঁচা নহৰু খালে নানা উপকাৰ পোৱা যায়! জানি লওক সৱিশেষ
নিতৌ চুৰিকাণ্ডৰে ৰাইজৰ নিদ্ৰা হৰণ কৰা কুখ্যাত চোৰৰ দলক গ্ৰেপ্তাৰ মঙলদৈ আৰক্ষীৰ
গোৱালপাৰা আৰক্ষীৰ সফলতা! তিনিটা দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ
চীন-ভাৰতে মিলি শক্তিশালী কৰিব এছিয়াক