--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : তামিলনাডুত প্ৰলয়ংকৰী বৰ্ষাসৃষ্ট প্ৰলয়ে সৃষ্টি কৰিছে অভাৱনীয় পৰিস্থিতিৰ। নেৰানেপেৰা বৰষুণ আৰু তাৰ ফলত সৃষ্টি হোৱা দুৰ্যোগে বিপন্ন কৰি পেলাইছে সৰ্বসাধাৰণ জীৱন। ৰাজ্যখনৰ ৰাজধানী চেন্নাইতে বিগত কেইদিনমান ধৰি নেৰানেপেৰা বৰষুণৰ ফলত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে। এই বৰ্ষাকালটোত চেন্নাইত ৪৬শতাংশ অধিক বৰষুণ হৈছে আৰু ই প্ৰলয়ৰ কাৰণ হৈ পৰিছে। ৰাজ্যখনৰ বান কৱলিত অঞ্চলবোৰত এতিয়া নেৰানেপেৰা গতিত চলিছে উদ্ধাৰ অভিযান। তাৰ মাজতে এগৰাকী মহিলা আৰক্ষী বিষয়াৰ সাহসী আৰু গভীৰ দায়িত্ববোধৰ নিদৰ্শনে ব্যাপক চৰ্চা লাভ কৰিছে। এটা ভিডিঅ’ত উদ্ধাৰকাৰ্যত নিয়োজিত আৰক্ষী বিষয়াগৰাকীক দেখা গৈছে এজন লোকক কান্ধত তুলি লৈ যোৱা।


বানসৃষ্ট কোনো দুৰ্যোগৰ সন্মুখীন হৈ অচেতন হৈ পৰিছিল লোকজন। এই খবৰ লাভ কৰাৰ লগে লগে আৰক্ষী পৰিদৰ্শক ৰাজেশ্বৰীয়ে তৎক্ষণাত ঘটনাস্থলীত উপস্থিত হয় আৰু অচেতন লোকজনক নিজৰ কান্ধত উঠাই লৈ উদ্ধাৰ কৰি হাস্পতাললৈ লৈ যোৱাৰ ব্যৱস্থা কৰে। চেন্নাইৰ টি পি চটৰাম এলেকাৰ এই ঘটনাৰ দৃশ্য এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

ভিডিঅ’টোত দেখা গৈছে কিদৰে এটা নলাৰ ওপৰত অচেতন হৈ পৰি থকা লোকজনক ইনছপেক্টৰ ৰাজেশ্বৰীয়ে কান্ধত তুলি লৈছে আৰু তাৰপাছত অটোত উঠাই হাস্পতাললৈ নিয়াৰ ব্যৱস্থা কৰিছে। ৰাজেশ্বৰীৰ এই কাৰ্যক এতিয়া সকলোৱে একেমুখে প্ৰশংসা কৰিছে। উল্লেখ্য যে, এতিয়ালৈ বৰ্ষাসৃষ্ট প্ৰলয়ত ৰাজ্যখনত ১২জনকৈ লোকৰ প্ৰাণ হানি হোৱা বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক