--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : তামিলনাডুত প্ৰলয়ংকৰী বৰ্ষাসৃষ্ট প্ৰলয়ে সৃষ্টি কৰিছে অভাৱনীয় পৰিস্থিতিৰ। নেৰানেপেৰা বৰষুণ আৰু তাৰ ফলত সৃষ্টি হোৱা দুৰ্যোগে বিপন্ন কৰি পেলাইছে সৰ্বসাধাৰণ জীৱন। ৰাজ্যখনৰ ৰাজধানী চেন্নাইতে বিগত কেইদিনমান ধৰি নেৰানেপেৰা বৰষুণৰ ফলত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে। এই বৰ্ষাকালটোত চেন্নাইত ৪৬শতাংশ অধিক বৰষুণ হৈছে আৰু ই প্ৰলয়ৰ কাৰণ হৈ পৰিছে। ৰাজ্যখনৰ বান কৱলিত অঞ্চলবোৰত এতিয়া নেৰানেপেৰা গতিত চলিছে উদ্ধাৰ অভিযান। তাৰ মাজতে এগৰাকী মহিলা আৰক্ষী বিষয়াৰ সাহসী আৰু গভীৰ দায়িত্ববোধৰ নিদৰ্শনে ব্যাপক চৰ্চা লাভ কৰিছে। এটা ভিডিঅ’ত উদ্ধাৰকাৰ্যত নিয়োজিত আৰক্ষী বিষয়াগৰাকীক দেখা গৈছে এজন লোকক কান্ধত তুলি লৈ যোৱা।


বানসৃষ্ট কোনো দুৰ্যোগৰ সন্মুখীন হৈ অচেতন হৈ পৰিছিল লোকজন। এই খবৰ লাভ কৰাৰ লগে লগে আৰক্ষী পৰিদৰ্শক ৰাজেশ্বৰীয়ে তৎক্ষণাত ঘটনাস্থলীত উপস্থিত হয় আৰু অচেতন লোকজনক নিজৰ কান্ধত উঠাই লৈ উদ্ধাৰ কৰি হাস্পতাললৈ লৈ যোৱাৰ ব্যৱস্থা কৰে। চেন্নাইৰ টি পি চটৰাম এলেকাৰ এই ঘটনাৰ দৃশ্য এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

ভিডিঅ’টোত দেখা গৈছে কিদৰে এটা নলাৰ ওপৰত অচেতন হৈ পৰি থকা লোকজনক ইনছপেক্টৰ ৰাজেশ্বৰীয়ে কান্ধত তুলি লৈছে আৰু তাৰপাছত অটোত উঠাই হাস্পতাললৈ নিয়াৰ ব্যৱস্থা কৰিছে। ৰাজেশ্বৰীৰ এই কাৰ্যক এতিয়া সকলোৱে একেমুখে প্ৰশংসা কৰিছে। উল্লেখ্য যে, এতিয়ালৈ বৰ্ষাসৃষ্ট প্ৰলয়ত ৰাজ্যখনত ১২জনকৈ লোকৰ প্ৰাণ হানি হোৱা বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক