--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: বৰ্তমান সমাজত সন্তানৰ দ্বাৰা বৃদ্ধ পিতৃ-মাতৃক শাৰীৰিক-মানসিকভাৱে অত্যাচাৰ কৰাৰ ঘটনা প্ৰায়ে সহজলভ্য৷ সেই অনুপাতে বৃদ্ধি হৈছে বৃদ্ধাশ্ৰমো৷ সন্তানৰ অত্যাচাৰত ঘৰ এৰি ৰাজপথতো উদ্ধাৰ হয় বহু বয়োজ্যেষ্ঠ পিতৃ-মাতৃ৷ তাৰ মাজতে মৃত্যুকো সাবটি লোৱা উদাহৰণো নোহোৱা নহয়৷ মৃত্যু প্ৰত্যেকগৰাকী লোকৰ বাবে সদায়ে অসহনীয়৷ কিন্তু এগৰাকী জন্মদাত্ৰী মাতৃৰ মৃত্যু কিমান দুখজনক, সেয়া এটা সন্তানৰ বাদে কোনেও অনুধাৱন কৰিব নোৱাৰে৷ কিন্তু উড়িশাৰ এগৰাকী মাতৃৰ মৃত্যুৰ পাছতো মুখাগ্নি তথা শেষকৃত্য কৰাৰ বাবে দুই পুত্ৰই অস্বীকাৰ কৰা ঘটনা পোহৰলৈ আহিছে৷

উড়িশাৰ পুৰিৰ এগৰাকী মাতৃৰ মৃত্যুৰ পাছত দুই পুত্ৰই অস্বীকাৰ কৰে শেষকৃত্য কাৰ্যসূচীৰ বাবে৷ ইয়াৰ পাছতে চাৰিগৰাকী কন্যাই মৃত মাতৃৰ শৱদেহ চাঙিত তুলি লৈ যায় শেষকৃত্যৰ বাবে৷ প্ৰায় ৪ কিলোমিটাৰ কান্ধত চাঙিত তুলি মাতৃৰ শেষকৃত্যৰ বাবে নিয়া দৃশ্যই প্ৰত্যেকগৰাকী হৃদয়বান লোকৰ অন্তৰ চুই গৈছে৷

দেওবাৰে মৃত্যু হৈছিল পুৰিৰ মংগলাঘাটৰ জাতি নায়ক নামৰ মহিলাগৰাকী৷ তেওঁৰ পৰিয়ালত আছিল দুই পুত্ৰ আৰু চাৰিগৰাকীকৈ কন্যা সন্তান৷ স্থানীয় লোকৰ ভাষ্য অনুসৰি দুই পুত্ৰই মাতৃৰ মৃত্যুৰ পাছত আগবাঢ়ি নাহিল শেষকৃত্যৰ বাবে৷ ইয়াৰ পাছতে সমাজৰ সকলো নিয়ম ভাঙি চাৰি কন্যাই আগবাঢ়ি মাতৃক শ্মশানলৈ নিয়াৰ দায়িত্ব পালন কৰে৷ মৃত্যুৰ কেইদিনমানৰ পূৰ্বে জ্যেষ্ঠ কন্যাৰ ঘৰলৈ গৈছিল মাতৃগৰাকী৷ সেই সময়ত ডাঙৰ জোঁৱায়েকক কৈছিল, ‘তুমি মোৰ বৰপুত্ৰ৷ তুমি মোৰ যিমান যত্ন লোৱা, সিমান মোৰ দুই পুত্ৰয়ো নলয়৷ বহু বছৰ ধৰি তেঁওলোকে মোৰ খবৰে লোৱা নাই৷’


FOLLOW US F
POPULAR
FEATURE
TRENDY
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক