--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: বৰ্তমান সমাজত সন্তানৰ দ্বাৰা বৃদ্ধ পিতৃ-মাতৃক শাৰীৰিক-মানসিকভাৱে অত্যাচাৰ কৰাৰ ঘটনা প্ৰায়ে সহজলভ্য৷ সেই অনুপাতে বৃদ্ধি হৈছে বৃদ্ধাশ্ৰমো৷ সন্তানৰ অত্যাচাৰত ঘৰ এৰি ৰাজপথতো উদ্ধাৰ হয় বহু বয়োজ্যেষ্ঠ পিতৃ-মাতৃ৷ তাৰ মাজতে মৃত্যুকো সাবটি লোৱা উদাহৰণো নোহোৱা নহয়৷ মৃত্যু প্ৰত্যেকগৰাকী লোকৰ বাবে সদায়ে অসহনীয়৷ কিন্তু এগৰাকী জন্মদাত্ৰী মাতৃৰ মৃত্যু কিমান দুখজনক, সেয়া এটা সন্তানৰ বাদে কোনেও অনুধাৱন কৰিব নোৱাৰে৷ কিন্তু উড়িশাৰ এগৰাকী মাতৃৰ মৃত্যুৰ পাছতো মুখাগ্নি তথা শেষকৃত্য কৰাৰ বাবে দুই পুত্ৰই অস্বীকাৰ কৰা ঘটনা পোহৰলৈ আহিছে৷

উড়িশাৰ পুৰিৰ এগৰাকী মাতৃৰ মৃত্যুৰ পাছত দুই পুত্ৰই অস্বীকাৰ কৰে শেষকৃত্য কাৰ্যসূচীৰ বাবে৷ ইয়াৰ পাছতে চাৰিগৰাকী কন্যাই মৃত মাতৃৰ শৱদেহ চাঙিত তুলি লৈ যায় শেষকৃত্যৰ বাবে৷ প্ৰায় ৪ কিলোমিটাৰ কান্ধত চাঙিত তুলি মাতৃৰ শেষকৃত্যৰ বাবে নিয়া দৃশ্যই প্ৰত্যেকগৰাকী হৃদয়বান লোকৰ অন্তৰ চুই গৈছে৷

দেওবাৰে মৃত্যু হৈছিল পুৰিৰ মংগলাঘাটৰ জাতি নায়ক নামৰ মহিলাগৰাকী৷ তেওঁৰ পৰিয়ালত আছিল দুই পুত্ৰ আৰু চাৰিগৰাকীকৈ কন্যা সন্তান৷ স্থানীয় লোকৰ ভাষ্য অনুসৰি দুই পুত্ৰই মাতৃৰ মৃত্যুৰ পাছত আগবাঢ়ি নাহিল শেষকৃত্যৰ বাবে৷ ইয়াৰ পাছতে সমাজৰ সকলো নিয়ম ভাঙি চাৰি কন্যাই আগবাঢ়ি মাতৃক শ্মশানলৈ নিয়াৰ দায়িত্ব পালন কৰে৷ মৃত্যুৰ কেইদিনমানৰ পূৰ্বে জ্যেষ্ঠ কন্যাৰ ঘৰলৈ গৈছিল মাতৃগৰাকী৷ সেই সময়ত ডাঙৰ জোঁৱায়েকক কৈছিল, ‘তুমি মোৰ বৰপুত্ৰ৷ তুমি মোৰ যিমান যত্ন লোৱা, সিমান মোৰ দুই পুত্ৰয়ো নলয়৷ বহু বছৰ ধৰি তেঁওলোকে মোৰ খবৰে লোৱা নাই৷’


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন