--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাজৰ সংঘাতৰ যেন ওৰেই নপৰিব। মোদীক শিলৰ ৰসগোল্লা খুৱাব বিচৰা মমতা বেনাৰ্জীৰে কেন্দ্ৰৰ সংঘাত এতিয়া চিৰাচৰিত ঘটনাত পৰিণত হৈছে। বংগৰ বিধানসভা নিৰ্বাচনৰ সময়ত অধিক তীব্ৰ হৈ পৰিছিল মোদী-মমতাৰ সংঘাত। বংগৰ দুৰ্গ ৰক্ষা কৰি মমতা এতিয়া অধিক আত্মবিশ্বাসী আৰু আক্ৰমণাত্মক হৈ পৰিছে।

ভালেমান বিজেপি নেতাই পুনৰ তৃণমূলৰ কাষলৈ ঘূৰি অহাৰ পাছত মমতাৰ শক্তিও স্বাভাৱিকতে বৃদ্ধি পাইছে। এইবাৰ মোদী-মমতাৰ সংঘাতৰ নজিৰবিহীন নিদৰ্শন দেখিবলৈ পোৱা গ’ল কলকাতাত। যোৱা শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কলকাতাৰ চিত্তৰঞ্জন ৰাষ্ট্ৰীয় কেন্সাৰ প্ৰতিষ্ঠানৰ দ্বিতীয়টো কেম্পাছৰ উদ্বোধন কৰিছিল। মোদীয়ে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে এই কেম্পাছ উদ্বোধন কৰে। সেই অনুষ্ঠানত যোগদান কৰে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়েও। কিন্তু তাতেই লাগিল কেনা। মুখ্যমন্ত্ৰী মমতাৰ মোদীৰ প্ৰতি তিক্ত-বিৰক্ত মনোভাবৰ প্ৰতিফলন ঘটিল সেই কাৰ্যসূচীতো।


কেন্সাৰ হাস্পতাল উদ্বোধনৰ সময়তে মমতাই মোদীৰ সন্মুখতে কয় যে, যিখন হাস্পতাল উদ্বোধন কৰিবলৈ মোদীয়ে ইমানখিনি আগ্ৰহ দেখুৱাই আছে সেই হাস্পতালখন তেওঁ আগতেই উদ্বোধন কৰি থৈছে। উদ্বোধনক লৈ প্ৰশ্ন উত্থাপন কৰি মমতাই কয়, স্বাস্থ্য মন্ত্ৰীয়ে দুবাৰলৈ ফোন কৰি মোক এই অনুষ্ঠানত অংশ ল’বলৈ আহ্বান জনাইছিল। মই ভাবিছিলোঁ যে, কলকাতাৰ অনুষ্ঠান আৰু মোদীয়ে আগ্ৰহ প্ৰকাশ কৰিছে, গতিকে মই এই অনুষ্ঠানত অংশ গ্ৰহণ কৰা ভাল। কিন্তু মই জনাই থওঁ যে, এই হাস্পতালখন মই আগতেই উদ্বোধন কৰিছিলোঁ। কৰ’না সংক্ৰমণৰ সময়ত আমাক চিকিৎসা কেন্দ্ৰৰ প্ৰয়োজন হৈছিল। সেই সময়তে ৰাজ্যৰ চিত্তৰঞ্জন হাস্পতালক কামত লগোৱাৰ কথা ভাবিলোঁ। সেইবাবে এই হাস্পতালখন মই উদ্বোধন কৰি তাক ক’ভিড চিকিৎসা কেন্দ্ৰ হিচাপে গঢ় দিছিলোঁ। কৰ’না সংক্ৰমণৰ সময়ত ই আমাৰ বাবে খুব সহায়ক হৈছিল।

মমতাই লগতে কয় যে, ৰাজ্য চৰকাৰে কেন্সাৰ হাস্পতালৰ বাবে ২৫ শতাংশ বাজেট দিছে। ১১একৰ মাটি দিছে। সেইবাবে যেতিয়া জনগণৰ স্বাৰ্থৰ কথা আহে, তেতিয়া কেন্দ্ৰ আৰু ৰাজ্যই একেলগে কাম কৰা উচিত।
এখন হাস্পতাল উদ্বোধনক লৈ মোদী-মমতাৰ এই সমুখ-সমৰ এক আমোদৰ বিষয় হৈ পৰিছে। প্ৰধানমন্ত্ৰী মোদীৰ অত্যুৎসাহত এনেদৰে চেঁচাপানী ঢালি মমতাই প্ৰমাণ কৰিছে দিছে যে, সকলো বিষয়তে মমতা বেনাৰ্জীৰ স্পষ্টবাদী আৰু আগৰণুৱা মনোভাব পুনৰ প্ৰকট হৈ পৰিছে। মোদী-মমতাৰ সংঘাতকো এই ঘটনাই যে আৰু অধিক পৰিসৰ প্ৰদান কৰিব সেয়াও এতিয়া স্পষ্ট হৈ পৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক