--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাজৰ সংঘাতৰ যেন ওৰেই নপৰিব। মোদীক শিলৰ ৰসগোল্লা খুৱাব বিচৰা মমতা বেনাৰ্জীৰে কেন্দ্ৰৰ সংঘাত এতিয়া চিৰাচৰিত ঘটনাত পৰিণত হৈছে। বংগৰ বিধানসভা নিৰ্বাচনৰ সময়ত অধিক তীব্ৰ হৈ পৰিছিল মোদী-মমতাৰ সংঘাত। বংগৰ দুৰ্গ ৰক্ষা কৰি মমতা এতিয়া অধিক আত্মবিশ্বাসী আৰু আক্ৰমণাত্মক হৈ পৰিছে।

ভালেমান বিজেপি নেতাই পুনৰ তৃণমূলৰ কাষলৈ ঘূৰি অহাৰ পাছত মমতাৰ শক্তিও স্বাভাৱিকতে বৃদ্ধি পাইছে। এইবাৰ মোদী-মমতাৰ সংঘাতৰ নজিৰবিহীন নিদৰ্শন দেখিবলৈ পোৱা গ’ল কলকাতাত। যোৱা শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কলকাতাৰ চিত্তৰঞ্জন ৰাষ্ট্ৰীয় কেন্সাৰ প্ৰতিষ্ঠানৰ দ্বিতীয়টো কেম্পাছৰ উদ্বোধন কৰিছিল। মোদীয়ে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে এই কেম্পাছ উদ্বোধন কৰে। সেই অনুষ্ঠানত যোগদান কৰে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়েও। কিন্তু তাতেই লাগিল কেনা। মুখ্যমন্ত্ৰী মমতাৰ মোদীৰ প্ৰতি তিক্ত-বিৰক্ত মনোভাবৰ প্ৰতিফলন ঘটিল সেই কাৰ্যসূচীতো।


কেন্সাৰ হাস্পতাল উদ্বোধনৰ সময়তে মমতাই মোদীৰ সন্মুখতে কয় যে, যিখন হাস্পতাল উদ্বোধন কৰিবলৈ মোদীয়ে ইমানখিনি আগ্ৰহ দেখুৱাই আছে সেই হাস্পতালখন তেওঁ আগতেই উদ্বোধন কৰি থৈছে। উদ্বোধনক লৈ প্ৰশ্ন উত্থাপন কৰি মমতাই কয়, স্বাস্থ্য মন্ত্ৰীয়ে দুবাৰলৈ ফোন কৰি মোক এই অনুষ্ঠানত অংশ ল’বলৈ আহ্বান জনাইছিল। মই ভাবিছিলোঁ যে, কলকাতাৰ অনুষ্ঠান আৰু মোদীয়ে আগ্ৰহ প্ৰকাশ কৰিছে, গতিকে মই এই অনুষ্ঠানত অংশ গ্ৰহণ কৰা ভাল। কিন্তু মই জনাই থওঁ যে, এই হাস্পতালখন মই আগতেই উদ্বোধন কৰিছিলোঁ। কৰ’না সংক্ৰমণৰ সময়ত আমাক চিকিৎসা কেন্দ্ৰৰ প্ৰয়োজন হৈছিল। সেই সময়তে ৰাজ্যৰ চিত্তৰঞ্জন হাস্পতালক কামত লগোৱাৰ কথা ভাবিলোঁ। সেইবাবে এই হাস্পতালখন মই উদ্বোধন কৰি তাক ক’ভিড চিকিৎসা কেন্দ্ৰ হিচাপে গঢ় দিছিলোঁ। কৰ’না সংক্ৰমণৰ সময়ত ই আমাৰ বাবে খুব সহায়ক হৈছিল।

মমতাই লগতে কয় যে, ৰাজ্য চৰকাৰে কেন্সাৰ হাস্পতালৰ বাবে ২৫ শতাংশ বাজেট দিছে। ১১একৰ মাটি দিছে। সেইবাবে যেতিয়া জনগণৰ স্বাৰ্থৰ কথা আহে, তেতিয়া কেন্দ্ৰ আৰু ৰাজ্যই একেলগে কাম কৰা উচিত।
এখন হাস্পতাল উদ্বোধনক লৈ মোদী-মমতাৰ এই সমুখ-সমৰ এক আমোদৰ বিষয় হৈ পৰিছে। প্ৰধানমন্ত্ৰী মোদীৰ অত্যুৎসাহত এনেদৰে চেঁচাপানী ঢালি মমতাই প্ৰমাণ কৰিছে দিছে যে, সকলো বিষয়তে মমতা বেনাৰ্জীৰ স্পষ্টবাদী আৰু আগৰণুৱা মনোভাব পুনৰ প্ৰকট হৈ পৰিছে। মোদী-মমতাৰ সংঘাতকো এই ঘটনাই যে আৰু অধিক পৰিসৰ প্ৰদান কৰিব সেয়াও এতিয়া স্পষ্ট হৈ পৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র