--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমগ্ৰ বিশ্বৰ লগতে দেশত এতিয়া ক’ভিড ১৯ য়ে সংহাৰী ৰূপ ধাৰণ কৰিছে৷ অৱশ্যে প্ৰতিষেধক উদ্ভাৱনৰ পাছত এই ভাইৰাছ কিছু পৰিমাণে নিয়ন্ত্ৰণত আহিছে যদিও এতিয়া পুনৰ ক’ভিড ১৯ য়ে গুৰতৰ ৰূপ ধাৰণ কৰিছে৷ প্ৰধানমন্ত্ৰীৰ প্ৰধান বৈজ্ঞানিক উপদেষ্টা ড০ কে ভি বিজয়ৰাঘৱনে কৰা মন্তব্য অনুসৰি "বৰ্তমান সময়ত ভয়াবহ ক'ভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত তৃতীয় পৰ্যায়ৰ ক'ভিড ঢৌ অনিবাৰ্য। হয়তো, বৰ্ধিত হাৰত ক’ভিড সংক্ৰমণ বৃদ্ধি পোৱা দিশটোলৈ চাই দেশৰ চিকিৎসকমহলে আশংকা কৰিছে যে, হয়তো এয়াই ক’ভিডৰ তৃতীয় ঢৌ হ’ব পাৰে৷ উল্লেখ্য যে, বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্ৰোছ অধানম ঘেব্ৰেয়েচাছ আশাবাদী যে ২০২২ বৰ্ষতে কোভিড-১৯ মহামাৰী সমগ্ৰ বিশ্বৰ পৰা নোহোৱা হ’ব৷ তেওঁ লগতে ক’য় আমি ক’ভিড-১৯ মহামাৰীয়ে ইয়াৰ তৃতীয় ঢৌ কঢ়িয়াই আনিব সেইটো নিশ্চিত আৰু ইয়াৰ প্ৰভাৱ বিশ্বৰ প্ৰতিখন ৰাষ্ট্ৰতে পৰিব৷ কিন্তু তৃতীয় ঢৌৰ পাছতে অৰ্থাৎ ২০২২ বৰ্ষতে সমগ্ৰ বিশ্বৰ পৰা ক’ভিড মহামাৰী নোহোৱা হ’ব-কিন্তু এয়া কেৱল তেতিয়াহে সম্ভৱ যদিহে আমি একেলগে কাম কৰো। কিন্তু তাৰ বাবে বিশ্বৰ প্ৰতিখন ৰাষ্ট্ৰই সংক্ৰমণ ৰোধৰ বাবে একেলগে কাম কৰিব লাগিব৷ দেশত ক’ভিড ১৯ ৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ সময়তে, এখন মুকলি পত্ৰত ভাৰত, কানাডা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৩২ জন চিকিৎসক আৰু স্বাস্থ্য বিশেষজ্ঞই কেন্দ্ৰ, ৰাজ্য চৰকাৰ, ভাৰতীয় চিকিৎসা সংস্থা আৰু চিকিৎসা বৃত্তিধাৰীসকলক ক’ভিড-১৯ ৰ চিকিৎসাৰ বাবে কোনো প্ৰমাণ নথকা ঔষধ ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত কঠোৰভাৱে নিষেধাজ্ঞ জাৰি কৰিছে৷ উল্লেখ্য যে, ভিটামিন মিশ্ৰণ, এজিথ্ৰোমাইচিন, ডক্সিচাইক্লিন, হাইড্ৰক্সিক্লোৰোকুইন, ফেভিপিৰাভিৰ, আৰু আইভাৰ্মেক্টিনৰ দৰে ঔষধসমূহ কভিড-১৯ ৰ ক্ষেত্ৰত ব্যৱহাৰ নকৰিবলৈ আহ্বান জনাইছে স্বাস্থ্য বিশেষজ্ঞসকলে৷ চিকিৎসকসকলে আনকি লক্ষণহীন বা মৃদু ক্ষেত্ৰতো অপ্ৰয়োজনীয় চিটি স্কেন, ডি-ডিমাৰ আৰু আইএল-৬ পৰীক্ষা কৰা আৰু অ-প্ৰয়োজনীয়ভাৱে ক’ভিড ৰোগীসকলক চিকিৎসালয়ত ভৰ্তি কৰাৰ ক্ষেত্ৰতো এতিয়া তেওঁলোক সৰৱ হৈ উঠিছে৷ স্বাস্থ্য বিশেষজ্ঞসকলে আশংকা কৰিছে যে, এনেদৰে যদি সকলো ক’ভিড আক্ৰান্ত ৰোগীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়, তেনেহলে দেশৰ চিকিৎসালয়সমূহত বিছনা নোহোৱা হ’ব, যাৰ ফলত ক’ভিডত আক্ৰান্ত গুৰতৰ ৰোগীসমূহ উপযুক্ত চিকিৎসাৰ পৰা বঞ্চিত হ’ব আৰু ক’ভিডত মৃত্যুৰ হাৰ বৃদ্ধি হ’ব৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু