--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমগ্ৰ বিশ্বৰ লগতে দেশত এতিয়া ক’ভিড ১৯ য়ে সংহাৰী ৰূপ ধাৰণ কৰিছে৷ অৱশ্যে প্ৰতিষেধক উদ্ভাৱনৰ পাছত এই ভাইৰাছ কিছু পৰিমাণে নিয়ন্ত্ৰণত আহিছে যদিও এতিয়া পুনৰ ক’ভিড ১৯ য়ে গুৰতৰ ৰূপ ধাৰণ কৰিছে৷ প্ৰধানমন্ত্ৰীৰ প্ৰধান বৈজ্ঞানিক উপদেষ্টা ড০ কে ভি বিজয়ৰাঘৱনে কৰা মন্তব্য অনুসৰি "বৰ্তমান সময়ত ভয়াবহ ক'ভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত তৃতীয় পৰ্যায়ৰ ক'ভিড ঢৌ অনিবাৰ্য। হয়তো, বৰ্ধিত হাৰত ক’ভিড সংক্ৰমণ বৃদ্ধি পোৱা দিশটোলৈ চাই দেশৰ চিকিৎসকমহলে আশংকা কৰিছে যে, হয়তো এয়াই ক’ভিডৰ তৃতীয় ঢৌ হ’ব পাৰে৷ উল্লেখ্য যে, বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্ৰোছ অধানম ঘেব্ৰেয়েচাছ আশাবাদী যে ২০২২ বৰ্ষতে কোভিড-১৯ মহামাৰী সমগ্ৰ বিশ্বৰ পৰা নোহোৱা হ’ব৷ তেওঁ লগতে ক’য় আমি ক’ভিড-১৯ মহামাৰীয়ে ইয়াৰ তৃতীয় ঢৌ কঢ়িয়াই আনিব সেইটো নিশ্চিত আৰু ইয়াৰ প্ৰভাৱ বিশ্বৰ প্ৰতিখন ৰাষ্ট্ৰতে পৰিব৷ কিন্তু তৃতীয় ঢৌৰ পাছতে অৰ্থাৎ ২০২২ বৰ্ষতে সমগ্ৰ বিশ্বৰ পৰা ক’ভিড মহামাৰী নোহোৱা হ’ব-কিন্তু এয়া কেৱল তেতিয়াহে সম্ভৱ যদিহে আমি একেলগে কাম কৰো। কিন্তু তাৰ বাবে বিশ্বৰ প্ৰতিখন ৰাষ্ট্ৰই সংক্ৰমণ ৰোধৰ বাবে একেলগে কাম কৰিব লাগিব৷ দেশত ক’ভিড ১৯ ৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ সময়তে, এখন মুকলি পত্ৰত ভাৰত, কানাডা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৩২ জন চিকিৎসক আৰু স্বাস্থ্য বিশেষজ্ঞই কেন্দ্ৰ, ৰাজ্য চৰকাৰ, ভাৰতীয় চিকিৎসা সংস্থা আৰু চিকিৎসা বৃত্তিধাৰীসকলক ক’ভিড-১৯ ৰ চিকিৎসাৰ বাবে কোনো প্ৰমাণ নথকা ঔষধ ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত কঠোৰভাৱে নিষেধাজ্ঞ জাৰি কৰিছে৷ উল্লেখ্য যে, ভিটামিন মিশ্ৰণ, এজিথ্ৰোমাইচিন, ডক্সিচাইক্লিন, হাইড্ৰক্সিক্লোৰোকুইন, ফেভিপিৰাভিৰ, আৰু আইভাৰ্মেক্টিনৰ দৰে ঔষধসমূহ কভিড-১৯ ৰ ক্ষেত্ৰত ব্যৱহাৰ নকৰিবলৈ আহ্বান জনাইছে স্বাস্থ্য বিশেষজ্ঞসকলে৷ চিকিৎসকসকলে আনকি লক্ষণহীন বা মৃদু ক্ষেত্ৰতো অপ্ৰয়োজনীয় চিটি স্কেন, ডি-ডিমাৰ আৰু আইএল-৬ পৰীক্ষা কৰা আৰু অ-প্ৰয়োজনীয়ভাৱে ক’ভিড ৰোগীসকলক চিকিৎসালয়ত ভৰ্তি কৰাৰ ক্ষেত্ৰতো এতিয়া তেওঁলোক সৰৱ হৈ উঠিছে৷ স্বাস্থ্য বিশেষজ্ঞসকলে আশংকা কৰিছে যে, এনেদৰে যদি সকলো ক’ভিড আক্ৰান্ত ৰোগীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়, তেনেহলে দেশৰ চিকিৎসালয়সমূহত বিছনা নোহোৱা হ’ব, যাৰ ফলত ক’ভিডত আক্ৰান্ত গুৰতৰ ৰোগীসমূহ উপযুক্ত চিকিৎসাৰ পৰা বঞ্চিত হ’ব আৰু ক’ভিডত মৃত্যুৰ হাৰ বৃদ্ধি হ’ব৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ