--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লাডাখত ভাৰতীয় জনতা পাৰ্টিৰ উপ-সভাপতি নাজিৰ আহমেদৰ পুত্ৰই পলুৱাই বৌদ্ধ যুৱতীক বিয়া কৰোৱাক লৈ উত্তপ্ত ৰাজনীতি। এই ঘটনাৰ লগত তেওঁ জড়িত নে নহয় সেই কথা স্পষ্ট কৰিবলৈও তেওঁক দলৰ ফালৰ পৰা সময় দিয়া হয়। এই ঘটনাক সাম্প্ৰদায়িক সম্প্ৰীতি আৰু ঐক্যৰ প্ৰতি ভাবুকি বুলি অভিহিত কৰি বিজেপিয়ে নাজিৰক ৰাজ্যিক উপ-সভাপতিৰ দায়িত্বৰ পৰা মুক্ত কৰি দলৰ সদস্যপদ বাতিল কৰে।

নাজিৰ আহমেদৰ পুত্ৰ মনজুৰ আহমেদে এগৰাকী বৌদ্ধ যুৱতীক অপহৰণ কৰি এমাহ পূৰ্বে আদালতত বিয়া কৰাইছিল। দলটোৱে কয় যে নাজিৰকো এই ঘটনাৰ লগত জড়িত থকা-নথকাৰ কথা বুজাবলৈ সুযোগ দিয়া হৈছিল। ইয়াৰ পাছত দলে তেওঁৰ পৰা সকলো দায়িত্ব ঘূৰাই লোৱাৰ লগতে দলৰ সদস্যপদ বাতিল কৰাৰ সিদ্ধান্ত লয়।

এই সন্দৰ্ভত বিজেপিয়ে জাননী জাৰি কৰি কয় যে, "ৰাজ্যিক সভাপতি আৰু দলৰ সদস্যৰ মাজত অনুষ্ঠিত এখন বৈঠকত সিদ্ধান্ত লোৱা হৈছিল যে উপ-সভাপতি নাজিৰ আহমেদক অপহৰণ আৰু বিবাহৰ লগত জড়িত থকাৰ কথা বুজাবলৈ পৰ্যাপ্ত সময় দিয়া উচিত।তাৰ পিছত উপ-সভাপতিৰ দায়িত্ব তেওঁৰ পৰা ঘূৰাই লোৱা হয় আৰু দলৰ প্ৰাথমিক সদস্যপদো বাতিল কৰা হয়। ইয়াত কোৱা হৈছে যে এই ঘটনা লাডাখৰ সকলো ধৰ্মীয় সম্প্ৰদায়ৰ বাবে গ্ৰহণযোগ্য নহয় কাৰণ ইয়াৰ ফলত সাম্প্ৰদায়িক সম্প্ৰীতি আৰু ঐক্য বিপন্ন হৈ পৰে।"

দলৰ পৰা বৰ্খাস্ত হোৱাৰ পিছত নাজিৰ আহমেদে কয় যে তেওঁ আৰু তেওঁৰ পৰিয়াল নিজেই এই বিবাহৰ বিৰোধী আছিল। এমাহ ধৰি পুত্ৰ আৰু বৌদ্ধ যুৱতীগৰাকী ক'ত আছে সেয়া নাজানে। আহমেদে কয় যে দুয়োকে বিচাৰি উলিয়াবলৈ তেওঁলোকৰ সন্ধান উলিয়াবলৈ চেষ্টা কৰা হৈছিল। তেওঁ কয় যে যেতিয়া তেওঁ ছৌদি আৰবলৈ হজৰ বাবে গৈছিল, একে সময়তে তেওঁৰ পুত্ৰই বৌদ্ধ মহিলাৰ সৈতে আদালতত বিবাহ পাশত হৈছিল।







FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ