--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২৫ বছৰতকৈ অধিক সময় গুজৰাটত শাসন কৰা ভাৰতীয় জনতা পাৰ্টিয়ে ২০২২ চনৰ ৰাজ্য বিধানসভা নিৰ্বাচনত ২০৯ কোটিৰো অধিক ধন ব্যয় কৰিছিল। নিৰ্বাচন আয়োগক দাখিল কৰা প্ৰতিবেদনত এই তথ্য দলটোৱে দিছে। বৃহস্পতিবাৰে এই ব্যয়ৰ প্ৰতিবেদন ৰাজহুৱা কৰে নিৰ্বাচনী সংস্থাটোৱে।

যোৱা ১৫ জুলাইত দলটোৱে দাখিল কৰা গুজৰাট নিৰ্বাচনৰ মূল নিৰ্বাচনী ব্যয়ৰ প্ৰতিবেদন অনুসৰি সাধাৰণ দলৰ প্ৰচাৰ আৰু প্ৰাৰ্থীৰ পুঁজিৰ বাবে ২০৯.৯৭ কোটি টকা ব্যয় কৰিছিল। বিগত ডিচেম্বৰ মাহত গুজৰাটত বিজয়ৰ সৈতে পুনৰ ক্ষমতালৈ আহিছিল বিজেপি।

দলটোৱে প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকলক প্ৰায় ৪১ কোটি টকা আদায় দিয়াৰ লগতে বিমান, হেলিকপ্টাৰ ব্যৱহাৰকে ধৰি ভ্ৰমণ ব্যয়ৰ বাবে ১৫ কোটিৰো অধিক ধন ব্যয় কৰে। সাধাৰণ প্ৰচাৰৰ বাবে দলটোৱে ব্যয় কৰিছিল ১৬০.৬২ কোটি টকা।

গুজৰাট বিধানসভা নিৰ্বাচনত বিজেপিয়ে ১৫৬খন আসন লাভ কৰি ঐতিহাসিক জয় পঞ্জীয়ন কৰাৰ লগতে বিপুল ব্যৱধানেৰে উল্লেখযোগ্য সংখ্যক আসন লাভ কৰি এই অভিলেখ ভংগ কৰে। গুজৰাটৰ সংৰক্ষণ আন্দোলনৰ পটভূমিত ২০১৭ চনৰ বিধানসভা নিৰ্বাচনত পাটিদাৰ সম্প্ৰদায়ৰ এটা অংশই বিজেপিৰ বিৰুদ্ধে ভোটদান কৰিছিল।

গুজৰাটত ১৫৬খন আসনৰ অভিলেখ সৃষ্টি হৈছে। কেৱল বিজেপিয়েই নহয় ৰাজ্য বিধানসভাৰ নিৰ্বাচনত ইমান আসন আন কোনো দলেই লাভ কৰিব পৰা নাই। ইয়াৰ পূৰ্বে কেৱল কংগ্ৰেছেহে ১৪৯খন আসন লাভ কৰিছিল, যিটো অভিলেখ আছিল।


ইয়াৰ পূৰ্বে ২০০২ চনত বিজেপিৰ সৰ্বোত্তম প্ৰদৰ্শন দেখা গৈছিল, য’ত দলটোৱে ১৮২খন আসনৰ ভিতৰত ১২৭খন আসন লাভ কৰিছিল। কিন্তু তাৰ পাছৰ পৰা দলটোৱে ধাৰাবাহিকভাৱে ক্ষমতাত আছে যদিও ২০০৭ চনত ১১৫খন, ২০১২ চনত ১১৫খন আৰু ২০১৭ চনত ৯৯খন আসন লাভ কৰিছিল।





FOLLOW US F
POPULAR
FEATURE
TRENDY
সুযোগ পায়ো কিয় বিশ্বকাপলৈ যোৱা নাছিল ভাৰত?
মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱলৈ ‘হৰিনাৰায়ণ’
১৯০টালৈ বৃদ্ধি ভাৰতৰ পাৰমাণৱিক বোমা; ৫৪২০টা পাৰমাণৱিক বোমাৰে শীৰ্ষস্থানত ৰাছিয়া
ফুটবল জ্বৰত আক্ৰান্ত ডিফু! পুতুল বৰাৰ বাসগৃহত এইবাৰো চলিছে বিশেষ আয়োজন
ইণ্ডিয়া মর্চাই গ্রহণ কৰিলে পাঁচদফীয়া কর্মসূচী
বিশ্বকাপৰ মেচ খেলিয়েই আমেৰিকা এৰিব লাগিব ইৰানে
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement