--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২৫ বছৰতকৈ অধিক সময় গুজৰাটত শাসন কৰা ভাৰতীয় জনতা পাৰ্টিয়ে ২০২২ চনৰ ৰাজ্য বিধানসভা নিৰ্বাচনত ২০৯ কোটিৰো অধিক ধন ব্যয় কৰিছিল। নিৰ্বাচন আয়োগক দাখিল কৰা প্ৰতিবেদনত এই তথ্য দলটোৱে দিছে। বৃহস্পতিবাৰে এই ব্যয়ৰ প্ৰতিবেদন ৰাজহুৱা কৰে নিৰ্বাচনী সংস্থাটোৱে।

যোৱা ১৫ জুলাইত দলটোৱে দাখিল কৰা গুজৰাট নিৰ্বাচনৰ মূল নিৰ্বাচনী ব্যয়ৰ প্ৰতিবেদন অনুসৰি সাধাৰণ দলৰ প্ৰচাৰ আৰু প্ৰাৰ্থীৰ পুঁজিৰ বাবে ২০৯.৯৭ কোটি টকা ব্যয় কৰিছিল। বিগত ডিচেম্বৰ মাহত গুজৰাটত বিজয়ৰ সৈতে পুনৰ ক্ষমতালৈ আহিছিল বিজেপি।

দলটোৱে প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকলক প্ৰায় ৪১ কোটি টকা আদায় দিয়াৰ লগতে বিমান, হেলিকপ্টাৰ ব্যৱহাৰকে ধৰি ভ্ৰমণ ব্যয়ৰ বাবে ১৫ কোটিৰো অধিক ধন ব্যয় কৰে। সাধাৰণ প্ৰচাৰৰ বাবে দলটোৱে ব্যয় কৰিছিল ১৬০.৬২ কোটি টকা।

গুজৰাট বিধানসভা নিৰ্বাচনত বিজেপিয়ে ১৫৬খন আসন লাভ কৰি ঐতিহাসিক জয় পঞ্জীয়ন কৰাৰ লগতে বিপুল ব্যৱধানেৰে উল্লেখযোগ্য সংখ্যক আসন লাভ কৰি এই অভিলেখ ভংগ কৰে। গুজৰাটৰ সংৰক্ষণ আন্দোলনৰ পটভূমিত ২০১৭ চনৰ বিধানসভা নিৰ্বাচনত পাটিদাৰ সম্প্ৰদায়ৰ এটা অংশই বিজেপিৰ বিৰুদ্ধে ভোটদান কৰিছিল।

গুজৰাটত ১৫৬খন আসনৰ অভিলেখ সৃষ্টি হৈছে। কেৱল বিজেপিয়েই নহয় ৰাজ্য বিধানসভাৰ নিৰ্বাচনত ইমান আসন আন কোনো দলেই লাভ কৰিব পৰা নাই। ইয়াৰ পূৰ্বে কেৱল কংগ্ৰেছেহে ১৪৯খন আসন লাভ কৰিছিল, যিটো অভিলেখ আছিল।


ইয়াৰ পূৰ্বে ২০০২ চনত বিজেপিৰ সৰ্বোত্তম প্ৰদৰ্শন দেখা গৈছিল, য’ত দলটোৱে ১৮২খন আসনৰ ভিতৰত ১২৭খন আসন লাভ কৰিছিল। কিন্তু তাৰ পাছৰ পৰা দলটোৱে ধাৰাবাহিকভাৱে ক্ষমতাত আছে যদিও ২০০৭ চনত ১১৫খন, ২০১২ চনত ১১৫খন আৰু ২০১৭ চনত ৯৯খন আসন লাভ কৰিছিল।





FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু