--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ আকৌ বৃদ্ধি পাইছে কৰ’নাৰ সংক্ৰমণ। ইফালে ভূতৰ ওপৰত দানহ পৰাদি আহিল অ’মিক্ৰণ। এই ভাইৰাছৰ আক্ৰমণে জনসাধাৰণক যেন ঠেলি দিছে আন্ধাৰৰ গহ্বৰলৈ।ভাৰতসহ বিশ্বৰ বিভিন্ন দেশত কৰ’নাৰ সংক্ৰমণ বৃদ্ধি পোৱা বাবে স্বাস্থ্য বিশেষজ্ঞ তথা গৱেষকসকলে জনসাধাৰণক দোষাৰোপ কৰিছে। গৱেষকসকলৰ মতে জনসাধাৰণ সতৰ্ক নোহোৱা বাবেই ভাৰতত কৰ’নাৰ তৃতীয় ঢৌ আৰম্ভ হ’ল। কৰ’নাই বিদায় লোৱা বুলি ভাবি জনসাধাৰণে ক’ভিডক গুৰুত্ব প্ৰদান নকৰি লঘুভাৱে লোৱাৰ পৰিণতিত এই ভাইৰাছে ভাৰতত সংহাৰী ৰূপ ধাৰণ কৰাৰ সুযোগ পালে।

বহুলোকে কৰ’না ভেকচিন লৈ কৰ’নাই একো কৰিব নোৱাৰে বুলি ভাবি মাস্ক পিন্ধিবলৈ এৰিলে। ছেনিটাইজাৰ ব্যৱহাৰ কৰিবলৈ পাহৰিলে। ৰাজহুৱা স্থানত অযথা ভিৰভাৰ কৰিবলৈ ল’লে। নাগৰিকৰ এনে আচৰণৰ ফলতে ভাৰতত কৰ’নাৰ সংক্ৰমণ পুনৰ বৃদ্ধি পাইছে বুলি গৱেষকসকলে কয়। বহু মানুহে ভাবে যে এবাৰ কৰ’না ৰোগ হৈ যোৱাৰ পাছত দ্বিতীয়বাৰৰ বাবে সেই মানুহজন কৰ’নাত আক্ৰান্ত নহয়। কিন্তু এয়া একেবাৰেই ভুল ধাৰণা।

এবাৰ কৰ’নাত আক্ৰান্ত হোৱাৰ পাছতো মানুহ এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হ’ব পাৰে। ডাবল ভেকচিন লোৱা লোকো কৰ’নাত আক্ৰান্ত হৈছে। গতিকে মানুহক সজাগ আৰু সাৱধান হৈ থাকিবলৈ আহ্বান জনাইছে গৱেষক আৰু স্বাস্থ্য বিশেষজ্ঞসকলে। কোভিড বিধি ভালকৈ পালন নকৰিলে যিকোনো লোক কৰ’না বা অ’মিক্ৰনত আক্ৰান্ত হ’ব পাৰে বুলি সকীয়াই দিলে গৱেষকসকলে।

উল্লেখ্য যে মানৱ সভ্যতাত কৰ’না ভাইৰাছে বিশ্বত কি প্ৰভাৱ পেলালে সেয়া নতুনকৈ কোৱাৰ নিশ্চয় প্ৰয়োজন নাই।কৰ’নাৰ ফলত কোনোবা যদি চিৰদিনলৈ এই পৃথিৱী এৰি গ’ল আন কাৰোবাৰ স্বাস্থ্যৰ প্ৰতি আহিল তীব্ৰ ভাবুকি। কিমানৰ উপাৰ্জনৰ পথ বন্ধ হ’ল…কিমানে চাকৰি হেৰুৱালে তাৰ কোনো লেখ-জোখ নাই। চাৰিওফালে এন্ধাৰ দেখাত এই কৰ’না কালত অসংখ্য লোকে বাচি ল’লে আত্মহননৰ পথ। গতিকে সকলো সজাগ হওক আৰু সুস্থ থাকক।

আৰু পঢ়কঃ ফেইল মাৰিছে ভেকচিনে! ৮১ শতাংশ অ’মিক্ৰন আক্ৰান্তই লৈছিল ডাবল ভেকচিন


FOLLOW US F
POPULAR
FEATURE
TRENDY
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি