--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হৃত্বিক ৰোশনৰ ‘ৱাৰ ২’ ৰ কাম বহুদিন ধৰি চলি আছে। অহা বছৰ অৰ্থাৎ ২০২৫ চনত মুক্তি পাব ছবিখন। হৃতিক ৰোশনে নিজৰ অংশৰ শ্বুটিং প্ৰায় সম্পূৰ্ণ কৰিছে যদিও আনফালে ক্লাইমেক্সৰ কাম এতিয়াও আৰম্ভ হোৱা নাই। আনহাতে আশ্চৰ্যজনক যে এইবাৰ ‘ৱাৰ ২’ত অভিনয় কৰিব জুনিয়ৰ এনটিআৰ ৷ ইতিমধ্য তেওঁ মুম্বাই আহি পাইছে । মুম্বাই বিমানবন্দৰৰ পৰা তেওঁৰ এটা ভিডিঅ’ ভাইৰেল হৈছে।

এক প্ৰতিবেদন অনুসৰি ক্লাইমেক্সৰ দৃশ্যগ্ৰহণ নৱেম্বৰ মাহতে হ’ব, যাৰ বাবে জুনিয়ৰ এনটিআৰে অতি সোনকালে ‘ৱাৰ ২’ আৰু হৃত্বিক ৰোশনসহ নিৰ্মাতাসকলৰ সৈতে যোগদান কৰিব। বৰ্তমান ক্লাইমেক্সৰ প্ৰি-প্ৰডাকচনৰ কাম চলি আছে।ৱাইআৰএফে এই ছবিখনৰ বাবে এটা বিশাল ক্লাইমেক্স ব্লক ডিজাইন কৰিছে, য’ত দেখা যাব দুজন ছুপাৰষ্টাৰ – হৃত্বিক ৰোশন আৰু জুনিয়ৰ এনটিআৰ। ক্লাইমেক্সৰ শ্বুটিং হ’ব কেৱল মুম্বাইত। কিন্তু স্থানটো প্ৰকাশ কৰা নাই নিৰ্মাতাসকলে।

উল্লেখ্য যে জুনিয়ৰ এন টি আৰে ক্লাইমেক্সৰ দৃশ্যগ্ৰহণৰ পূৰ্বে তীব্ৰ প্ৰশিক্ষণ ল’ব। এই ক্লাইমেক্স দৃশ্যটো ২০ দিনলৈকে কৰা হ’ব। শেহতীয়াকৈ জুনিয়ৰ এন টি আৰৰ ‘দেৱৰা’ মুক্তি পাইছিল, যিয়ে অজস্ৰ সঁহাৰি লাভ কৰিছিল। ‘ৱাৰ ২’ হৈছে ৱাইআৰএফৰ পৰৱৰ্তী প্ৰকল্প। ইয়াৰ পিছত আহিব আলিয়া ভাট আৰু শৰ্বাৰী ৱাঘৰ ‘আলফা’, য’ত হৃত্বিক ৰোশনৰ কেমিঅ’ বুলি কোৱা হৈছে। অৱশ্যে এই কথাৰ নিৰ্মাতাসকলে সদৰী কৰা নাই। কিন্তু আগন্তুক ছবিসমূহৰ বাবে ৱাৰ ২ প্ৰদৰ্শন কৰাটো গুৰুত্বপূৰ্ণ হ’ব। ইয়াৰ ভিত্তিত ৱাইআৰএফে তেওঁলোকৰ পৰৱৰ্তী পৰিকল্পনা কৰিব পাৰিব।

 







FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ