--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: নতুন পেঞ্চন আঁচনিক লৈ সন্তুষ্ট নহয় কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ কৰ্মচাৰী৷ দীৰ্ঘসময় ধৰি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ কৰ্মচাৰী সংগঠন সমূহে পুৰণি পেঞ্চন আঁচনি বাহাল ৰাখিবৰ বাবে দাবী জনাই আহিছে। পুৰণি পেঞ্চন আঁচনি বাহাল ৰখাৰ দাবীক কেন্দ্ৰ কৰি ৰামলীলা ময়দানত  কৰ্মচাৰীসকলৰ সমাৱেশ অনুষ্ঠিত কৰাৰ লগতে যন্তৰ মন্তৰতো প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল কৰ্মচাৰী সংগঠন সমূহে।  প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিবলৈ কেইবাবাৰো অনুৰোধ জনাইছিল কৰ্মচাৰী সংগঠন সমূহে। কিন্তু পুৰণি পেঞ্চন আঁচনি সন্দৰ্ভত ৰাজহুৱা মঞ্চৰ পৰাই নিজৰ মতামত প্ৰদান কৰি আহিছে প্ৰধানমন্ত্ৰী মোদীয়ে।

কেন্দ্রীয় চৰকাৰৰ কর্মচাৰী মন্ত্র্যালয়ৰ ৰাষ্ট্রীয় পর্যায়ৰ যুটীয়া পৰামর্শমূলক ব্যৱস্থা(জে.চি.এম)ত প্ৰথবাৰৰ বাবে প্ৰধানমন্ত্ৰী মোদী চৰকাৰে কেন্দ্রীয় চৰকাৰ কৰ্মচাৰী আৰু কর্মচাৰী প্রতিনিধিক সাক্ষাৎ কৰিব৷ শনিবাৰে প্ৰধানমন্ত্ৰীৰ চৰকাৰী বাসগৃহত নৰেন্দ্ৰ মোদীয়ে ষ্টাফ চাইড নেচনেল কাউন্সিলৰ প্ৰতিনিধিৰ সৈতে বৈঠকত মিলিত হ’ব। উল্লেখযোগ্য যে এই বৈঠকৰ পূৰ্বে জেচিএমৰ সদস্যসকলৰ মাজত স্পষ্টৰূপত বিৰোধাভাৱ পৰিলক্ষিত হৈছে। প্ৰধানমন্ত্ৰীৰ এই বৈঠক বৰ্জন কৰিছে বৃহত্তম কৰ্মচাৰী সংগঠন অল ইণ্ডিয়া ডিফেন্স এম্প্লয়িজ ফেডাৰেশ্যনে।সংগঠনটোৰ   বিষয়াসকলে অ’পিএছৰ বাদে অন্য আঁচনি গ্ৰহণ নকৰে বুলি মত প্ৰকাশ কৰিছে। পুৰণি পেঞ্চন আঁচনিখন কেন্দ্ৰীয় চৰকাৰৰ বিবেচনাধীন নহয় বুলি কেন্দ্ৰীয় চৰকাৰে সংসদত সদৰি কৰিছে। বাজেট দাখিল কৰাৰ সময়তো অ’পিএছ সন্দৰ্ভত কোনো মন্তব্য প্ৰদান কৰা নাছিল বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। প্ৰধানমন্ত্ৰীৰ বৈঠকৰ পূৰ্বে, কোনো কাৰণতে এন পি এছৰ সংশোধনী গ্ৰহণ নকৰে বুলি স্পষ্ট ভৱে সদৰি কৰিছে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু শ্ৰমিক কনফেডাৰেচন’ৰ সাধাৰণ সম্পাদক এছ বি যাদৱে।
 
উল্লেখযোগ্য যে বিৰোধী দলে কেইবা বাৰো নিৰ্বাচনী ইস্তাহাৰত কৰ্মচাৰী সকলক পুৰণি পেঞ্চন আঁচনি বাহাল ৰখাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি আহিছে। এতিয়া কেন্দ্ৰ চৰকাৰে পুনৰ পুৰণি পেঞ্চন আঁচনি কাৰ্যকৰী কৰিলে নিশ্চিত ৰূপে শাসকীয় দল বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত স্থান লাভ কৰিব। অৱশ্যে কেন্দ্ৰ চৰকাৰে পুৰণি পেঞ্চন আঁচনি কাৰ্যকৰী কৰে নে এন পি এছৰ সংশোধনী ঘটাই সেয়া লক্ষণীয় হ’ব৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন