--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: নতুন পেঞ্চন আঁচনিক লৈ সন্তুষ্ট নহয় কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ কৰ্মচাৰী৷ দীৰ্ঘসময় ধৰি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ কৰ্মচাৰী সংগঠন সমূহে পুৰণি পেঞ্চন আঁচনি বাহাল ৰাখিবৰ বাবে দাবী জনাই আহিছে। পুৰণি পেঞ্চন আঁচনি বাহাল ৰখাৰ দাবীক কেন্দ্ৰ কৰি ৰামলীলা ময়দানত  কৰ্মচাৰীসকলৰ সমাৱেশ অনুষ্ঠিত কৰাৰ লগতে যন্তৰ মন্তৰতো প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল কৰ্মচাৰী সংগঠন সমূহে।  প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিবলৈ কেইবাবাৰো অনুৰোধ জনাইছিল কৰ্মচাৰী সংগঠন সমূহে। কিন্তু পুৰণি পেঞ্চন আঁচনি সন্দৰ্ভত ৰাজহুৱা মঞ্চৰ পৰাই নিজৰ মতামত প্ৰদান কৰি আহিছে প্ৰধানমন্ত্ৰী মোদীয়ে।

কেন্দ্রীয় চৰকাৰৰ কর্মচাৰী মন্ত্র্যালয়ৰ ৰাষ্ট্রীয় পর্যায়ৰ যুটীয়া পৰামর্শমূলক ব্যৱস্থা(জে.চি.এম)ত প্ৰথবাৰৰ বাবে প্ৰধানমন্ত্ৰী মোদী চৰকাৰে কেন্দ্রীয় চৰকাৰ কৰ্মচাৰী আৰু কর্মচাৰী প্রতিনিধিক সাক্ষাৎ কৰিব৷ শনিবাৰে প্ৰধানমন্ত্ৰীৰ চৰকাৰী বাসগৃহত নৰেন্দ্ৰ মোদীয়ে ষ্টাফ চাইড নেচনেল কাউন্সিলৰ প্ৰতিনিধিৰ সৈতে বৈঠকত মিলিত হ’ব। উল্লেখযোগ্য যে এই বৈঠকৰ পূৰ্বে জেচিএমৰ সদস্যসকলৰ মাজত স্পষ্টৰূপত বিৰোধাভাৱ পৰিলক্ষিত হৈছে। প্ৰধানমন্ত্ৰীৰ এই বৈঠক বৰ্জন কৰিছে বৃহত্তম কৰ্মচাৰী সংগঠন অল ইণ্ডিয়া ডিফেন্স এম্প্লয়িজ ফেডাৰেশ্যনে।সংগঠনটোৰ   বিষয়াসকলে অ’পিএছৰ বাদে অন্য আঁচনি গ্ৰহণ নকৰে বুলি মত প্ৰকাশ কৰিছে। পুৰণি পেঞ্চন আঁচনিখন কেন্দ্ৰীয় চৰকাৰৰ বিবেচনাধীন নহয় বুলি কেন্দ্ৰীয় চৰকাৰে সংসদত সদৰি কৰিছে। বাজেট দাখিল কৰাৰ সময়তো অ’পিএছ সন্দৰ্ভত কোনো মন্তব্য প্ৰদান কৰা নাছিল বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। প্ৰধানমন্ত্ৰীৰ বৈঠকৰ পূৰ্বে, কোনো কাৰণতে এন পি এছৰ সংশোধনী গ্ৰহণ নকৰে বুলি স্পষ্ট ভৱে সদৰি কৰিছে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু শ্ৰমিক কনফেডাৰেচন’ৰ সাধাৰণ সম্পাদক এছ বি যাদৱে।
 
উল্লেখযোগ্য যে বিৰোধী দলে কেইবা বাৰো নিৰ্বাচনী ইস্তাহাৰত কৰ্মচাৰী সকলক পুৰণি পেঞ্চন আঁচনি বাহাল ৰখাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি আহিছে। এতিয়া কেন্দ্ৰ চৰকাৰে পুনৰ পুৰণি পেঞ্চন আঁচনি কাৰ্যকৰী কৰিলে নিশ্চিত ৰূপে শাসকীয় দল বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত স্থান লাভ কৰিব। অৱশ্যে কেন্দ্ৰ চৰকাৰে পুৰণি পেঞ্চন আঁচনি কাৰ্যকৰী কৰে নে এন পি এছৰ সংশোধনী ঘটাই সেয়া লক্ষণীয় হ’ব৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ