--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আজি সংসদত ২০২৪-২৫ বৰ্ষৰ অন্তৰ্ৱৰ্তীকালীন বাজেট দাখিলেৰে কেন্দ্ৰীয় বিত্ত আৰু কৰ্পৰেট পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী নিৰ্মলা সীতাৰমণে লাখপতি দিদিৰ লক্ষ্য ২ কোটিৰ পৰা ৩ কোটিলৈ বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণৰ কথা ঘোষণা কৰে।

কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে ৯ কোটি মহিলাৰে ৮৩ লাখ আত্ম-সহায়ক গোটে (SHG) সবলীকৰণ আৰু আত্ম-নিৰ্ভৰশীলতাৰে গ্ৰাম্য আৰ্থ-সামাজিক পৰিবেশৰ ৰূপান্তৰ সাধন কৰিছে। এই ব্যৱস্থাই ইতিমধ্যে প্ৰায় এক কোটি মহিলাক লাখপতি দিদি হ’বলৈ সহায় কৰিছে। আন মহিলাসকলৰ বাবে তেওঁলোক এক প্ৰেৰণা। তেওঁলোকক সন্মান জনোৱাৰ জৰিয়তে তেওঁলোকৰ কৃতিত্বক স্বীকৃতি প্ৰদান কৰা হ’ব। বিত্তমন্ত্ৰীয়ে কয় যে এই সফলতাৰে উৎসাহিত হৈয়েই লাখপতি দিদিৰ লক্ষ্য বৃদ্ধি কৰা হৈছে৷

বিত্তমন্ত্ৰীয়ে কয়, আমাৰ প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে বিশ্বাস কৰে যে আমি চাৰি গুৰুত্বপূৰ্ণ জাতিৰ (Caste) ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগিব। সেয়া হৈছে, ‘গৰীৱ’ (Poor), ‘মহিলা’ (Women), ‘যুৱ’ (Youth) আৰু ‘অন্নদাতা’ (Farmer)। তেওঁলোকৰ প্ৰয়োজনীয়তা, তেওঁলোকৰ আকাংক্ষা আৰু তেওঁলোকৰ কল্যাণ সাধনত আমি সৰ্বোচ্চ অগ্ৰাধিকাৰ প্ৰদান কৰিছোঁ। তেওঁলোক আগবাঢ়িলেহে দেশখন আগবাঢ়ি যাব৷

সীতাৰমণে লগতে কয় যে তেওঁলোকক নিজৰ জীৱন-যাত্ৰাৰ অগ্ৰগতি সাধনৰ বাবে চৰকাৰী সমৰ্থনৰ প্ৰয়োজন আৰু এয়া তেওঁলোকে লাভ কৰিছে আৰু তেওঁলোকৰ সবলীকৰণ তথা কল্যাণে দেশখনক আগুৱাই নিব।

তেওঁ আৰু কয় যে চৰকাৰে উন্নয়নৰ বাবে এনে এক পন্থাৰে কাম কৰি আছে যি সৰ্বাংগীণ, সৰ্বস্পৰ্শী আৰু সৰ্বসমাবেশী। এই ক্ষেত্ৰত সৰ্বস্তৰৰ লোকক সামৰি লোৱা হৈছে। ২০৪৭ৰ ভিতৰত ভাৰতক এখন ‘বিকশিত ভাৰত’ হিচাপে গঢ়ি তুলিবলৈ চৰকাৰে কাম কৰি আছে বুলিও কয় তেওঁ। তেওঁ লগতে কয়, সেই লক্ষ্যত উপনীত হ’বলৈ, আমি জনসাধাৰণৰ সামৰ্থৰ অগ্ৰগতি সাধন কৰিব লাগিব আৰু তেওঁলোকৰ সবলীকৰণ কৰিব লাগিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
জুবিন গাৰ্গৰ অতি জনপ্ৰিয় ২৫ টা গীত নিৰ্ধাৰণ; নতুন অসমীয়া ছবি ‘১৮ নৱেম্বৰ’ৰ গীতৰ অডিচন আৰম্ভ
অটোৰিক্সাৰ পৰা হেৰ’ইন জব্দ; চালকক গ্ৰেপ্তাৰ ধলাই আৰক্ষীৰ
কল পচলাৰ আছে নানা গুণ; আপুনি খাই ভালপায়নে?
চৰকাৰী হাস্পতালতে থাকিব সোনম ৱাংচুক; ব্যক্তিগত চিকিৎসালয়লৈ নিয়াৰ আবেদন অগ্রাহ্য আদালতৰ
৬০ বছৰৰ মূৰত গুজৰাটৰ গিৰ ৰাষ্ট্ৰীয় উদ্যানলৈ ঘূৰি আহিছে ইণ্ডিয়ান গ্রে’ হর্নবিল
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement