--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আজি সংসদত ২০২৪-২৫ বৰ্ষৰ অন্তৰ্ৱৰ্তীকালীন বাজেট দাখিলেৰে কেন্দ্ৰীয় বিত্ত আৰু কৰ্পৰেট পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী নিৰ্মলা সীতাৰমণে লাখপতি দিদিৰ লক্ষ্য ২ কোটিৰ পৰা ৩ কোটিলৈ বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণৰ কথা ঘোষণা কৰে।

কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে ৯ কোটি মহিলাৰে ৮৩ লাখ আত্ম-সহায়ক গোটে (SHG) সবলীকৰণ আৰু আত্ম-নিৰ্ভৰশীলতাৰে গ্ৰাম্য আৰ্থ-সামাজিক পৰিবেশৰ ৰূপান্তৰ সাধন কৰিছে। এই ব্যৱস্থাই ইতিমধ্যে প্ৰায় এক কোটি মহিলাক লাখপতি দিদি হ’বলৈ সহায় কৰিছে। আন মহিলাসকলৰ বাবে তেওঁলোক এক প্ৰেৰণা। তেওঁলোকক সন্মান জনোৱাৰ জৰিয়তে তেওঁলোকৰ কৃতিত্বক স্বীকৃতি প্ৰদান কৰা হ’ব। বিত্তমন্ত্ৰীয়ে কয় যে এই সফলতাৰে উৎসাহিত হৈয়েই লাখপতি দিদিৰ লক্ষ্য বৃদ্ধি কৰা হৈছে৷

বিত্তমন্ত্ৰীয়ে কয়, আমাৰ প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে বিশ্বাস কৰে যে আমি চাৰি গুৰুত্বপূৰ্ণ জাতিৰ (Caste) ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগিব। সেয়া হৈছে, ‘গৰীৱ’ (Poor), ‘মহিলা’ (Women), ‘যুৱ’ (Youth) আৰু ‘অন্নদাতা’ (Farmer)। তেওঁলোকৰ প্ৰয়োজনীয়তা, তেওঁলোকৰ আকাংক্ষা আৰু তেওঁলোকৰ কল্যাণ সাধনত আমি সৰ্বোচ্চ অগ্ৰাধিকাৰ প্ৰদান কৰিছোঁ। তেওঁলোক আগবাঢ়িলেহে দেশখন আগবাঢ়ি যাব৷

সীতাৰমণে লগতে কয় যে তেওঁলোকক নিজৰ জীৱন-যাত্ৰাৰ অগ্ৰগতি সাধনৰ বাবে চৰকাৰী সমৰ্থনৰ প্ৰয়োজন আৰু এয়া তেওঁলোকে লাভ কৰিছে আৰু তেওঁলোকৰ সবলীকৰণ তথা কল্যাণে দেশখনক আগুৱাই নিব।

তেওঁ আৰু কয় যে চৰকাৰে উন্নয়নৰ বাবে এনে এক পন্থাৰে কাম কৰি আছে যি সৰ্বাংগীণ, সৰ্বস্পৰ্শী আৰু সৰ্বসমাবেশী। এই ক্ষেত্ৰত সৰ্বস্তৰৰ লোকক সামৰি লোৱা হৈছে। ২০৪৭ৰ ভিতৰত ভাৰতক এখন ‘বিকশিত ভাৰত’ হিচাপে গঢ়ি তুলিবলৈ চৰকাৰে কাম কৰি আছে বুলিও কয় তেওঁ। তেওঁ লগতে কয়, সেই লক্ষ্যত উপনীত হ’বলৈ, আমি জনসাধাৰণৰ সামৰ্থৰ অগ্ৰগতি সাধন কৰিব লাগিব আৰু তেওঁলোকৰ সবলীকৰণ কৰিব লাগিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু