--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মোদী চৰকাৰৰ চলিত কাৰ্যকালৰ অন্তিমখন বাজেট আজি সংসদত দাখিল কৰিলে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে৷ জনজীৱনক প্ৰভাৱিত কৰিব পৰাকৈ প্ৰস্তুত কৰা এই বাজেটত চিকিৎসাখণ্ডৰ বাবে কেইবাটাও নতুন ঘোষণা কৰিলে বিত্তমন্ত্ৰী সীতাৰমণে৷ 

বাজেটত অধিক চিকিৎসা মহাবিদ্যালয় স্থাপনৰ কথা ঘোষণা কৰে সীতাৰমণে৷ নতুন চিকিৎসা মহাবিদ্যালয়সমূহে ভিন্ন বিভাগৰ অধীনস্থ বৰ্তমানৰ চিকিৎসালয়ৰ আন্তঃগাঁথনি ব্যৱহাৰ কৰিব৷

বৰ্তমানৰ চিকিৎসালয়ৰ আন্তঃগাঁথনি পৰীক্ষা আৰু পৰামৰ্শ প্ৰদানৰ বাবে গঠন কৰা হ’ব কমিটী৷ আশা কৰ্মী, অংগনৱাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বাবে হেল্থকেয়াৰ ক’ভাৰৰ ব্যৱস্থা কৰা হ’ব৷ যুৱ শক্তিৰ ওপৰত গুৰুত্ব আৰোপেৰে ২০৪৭ৰ ভিতৰত এখনি বিকশিত ভাৰত গঢ়াৰ লক্ষ্যৰ অভিমুখে আগবাঢ়ি গৈ কেন্দ্ৰীয় বিত্ত আৰু কৰ্পৰেট পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি সংসদত ২০২৪-২৫ বৰ্ষৰ অন্তৱৰ্তীকালীন বাজেট দাখিলেৰে অধিক চিকিৎসা মহাবিদ্যালয় স্থাপনৰ প্ৰস্তাৱ আগবঢ়ায়।

ভিন্ন বিভাগৰ অধীনস্থ বৰ্তমানৰ চিকিৎসালয়সমূহৰ আন্তঃগাঁথনি ব্যৱহাৰেৰে এই নতুন চিকিৎসা মহাবিদ্যালয়সমূহ স্থাপন কৰা হ’ব। ইয়াৰ বাবে বিষয়সমূহ পৰীক্ষাৰে প্ৰাসংগিক পৰামৰ্শ আগবঢ়াবলৈ এখন কমিটী গঠন কৰা হ’ব বুলি কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ প্ৰকাশ কৰে যে এই পদক্ষেপে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে চিকিৎসক হোৱাৰ সুযোগ প্ৰদানেই নহয়, বৰঞ্চ জনসাধাৰণৰ স্বাস্থ্যসেৱাৰো অগ্ৰগতি সাধন কৰিব।

নিৰ্মলা সীতাৰমণে আশাকৰ্মী, অংগনৱাড়ী কৰ্মী আৰু সহায়িকাসকলকো আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত সামৰি লোৱাৰ প্ৰস্তাৱ আগবঢ়ায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক