--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মোদী চৰকাৰৰ চলিত কাৰ্যকালৰ অন্তিমখন বাজেট আজি সংসদত দাখিল কৰিলে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে৷ জনজীৱনক প্ৰভাৱিত কৰিব পৰাকৈ প্ৰস্তুত কৰা এই বাজেটত চিকিৎসাখণ্ডৰ বাবে কেইবাটাও নতুন ঘোষণা কৰিলে বিত্তমন্ত্ৰী সীতাৰমণে৷ 

বাজেটত অধিক চিকিৎসা মহাবিদ্যালয় স্থাপনৰ কথা ঘোষণা কৰে সীতাৰমণে৷ নতুন চিকিৎসা মহাবিদ্যালয়সমূহে ভিন্ন বিভাগৰ অধীনস্থ বৰ্তমানৰ চিকিৎসালয়ৰ আন্তঃগাঁথনি ব্যৱহাৰ কৰিব৷

বৰ্তমানৰ চিকিৎসালয়ৰ আন্তঃগাঁথনি পৰীক্ষা আৰু পৰামৰ্শ প্ৰদানৰ বাবে গঠন কৰা হ’ব কমিটী৷ আশা কৰ্মী, অংগনৱাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বাবে হেল্থকেয়াৰ ক’ভাৰৰ ব্যৱস্থা কৰা হ’ব৷ যুৱ শক্তিৰ ওপৰত গুৰুত্ব আৰোপেৰে ২০৪৭ৰ ভিতৰত এখনি বিকশিত ভাৰত গঢ়াৰ লক্ষ্যৰ অভিমুখে আগবাঢ়ি গৈ কেন্দ্ৰীয় বিত্ত আৰু কৰ্পৰেট পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি সংসদত ২০২৪-২৫ বৰ্ষৰ অন্তৱৰ্তীকালীন বাজেট দাখিলেৰে অধিক চিকিৎসা মহাবিদ্যালয় স্থাপনৰ প্ৰস্তাৱ আগবঢ়ায়।

ভিন্ন বিভাগৰ অধীনস্থ বৰ্তমানৰ চিকিৎসালয়সমূহৰ আন্তঃগাঁথনি ব্যৱহাৰেৰে এই নতুন চিকিৎসা মহাবিদ্যালয়সমূহ স্থাপন কৰা হ’ব। ইয়াৰ বাবে বিষয়সমূহ পৰীক্ষাৰে প্ৰাসংগিক পৰামৰ্শ আগবঢ়াবলৈ এখন কমিটী গঠন কৰা হ’ব বুলি কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ প্ৰকাশ কৰে যে এই পদক্ষেপে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে চিকিৎসক হোৱাৰ সুযোগ প্ৰদানেই নহয়, বৰঞ্চ জনসাধাৰণৰ স্বাস্থ্যসেৱাৰো অগ্ৰগতি সাধন কৰিব।

নিৰ্মলা সীতাৰমণে আশাকৰ্মী, অংগনৱাড়ী কৰ্মী আৰু সহায়িকাসকলকো আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত সামৰি লোৱাৰ প্ৰস্তাৱ আগবঢ়ায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু