--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ একাপ চাহ আমাৰ দৈনন্দিন জীৱনৰ এক গুৰুত্বপূৰ্ণ অংশ। দীঘলীয়া কামৰ অন্তত যেতিয়া আমাৰ দেহাটো ক্লান্ত হৈ পৰে, সেই ক্লান্তি দূৰ কৰিবলৈ একাপ চাহেই যথেষ্ট। একাপ চাহে মনটোক প্রফুল্লিত কৰাৰ লগতে শৰীৰটো সুস্থ অৱস্থাত ৰাখে। চাহক এবিধ উপকাৰী পানীয় হিচাপে গণ্য কৰি অহা হৈছে। মানৱ জীৱনত লাল চাহ বা ৰঙা চাহৰ আছে বহু গুৰুত্বপূৰ্ণ ভূমিকা।

চাহপাতত থকা ৰাসায়নিক পদার্থই হৃদপিণ্ড আৰু ৰক্তপ্রবাহী নলীৰ ৰোগৰ প্ৰতিৰোধকৰ দৰে কাম কৰে। চাহপাতত মজুত থাকে চেলুল'জ, প্ৰ’টিন, এচিড, চেনি, ক’ফিন, টেনিন আদি জৈৱ পদার্থ। শৰীৰত ক’ফিন প্রৱেশ কৰাৰ লগে লগে স্নায়ুতন্ত্র উত্তেজিত হয় আৰু তাৰ ফলতেই আমাৰ দেহৰ অৱসাদো আঁতৰি যায়। চাহত বি কমপ্লেক্স থকাৰ বাবে চাহ সেৱন কৰাৰ লগে লগে শৰীৰত কেল’ৰি বৃদ্ধি পায়।

আহকচোন জানো ৰঙা চাহ বা লাল চাহৰ উপকাৰিতাৰ বিষয়ে-

১)ৰঙা চাহত বিভিন্ন উপকাৰী এন্টিঅক্সিডেণ্ট পোৱা যায় যিয়ে আমাৰ শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।

২)ৰঙা চাহত থকা বিভিন্ন এন্টিঅক্সিডেণ্টৰ বাবে এলাহ ভাগৰ পলকতে নাইকিয়া হয়।

৩)ৰঙা চাহত থকা এন্টিঅক্সিডেণ্টে হাৰ্টৰ বিভিন্ন ৰোগ প্ৰতিৰোধত সহায় কৰে বুলি জনা যায়। 

৪)নিয়মীয়াকৈ ৰঙা চাহ খাই থকা লোকৰ ডায়েবেটিচ ৰোগ হোৱাৰ সম্ভাৱনাও বহু কমি যায়। 

৫)ৰঙা চাহে হাড় ঠুনুকা হোৱাৰ পৰা ৰক্ষা কৰে আৰু ই অষ্টিঅ’পৰচিচ ৰোগ প্ৰতিৰোধ কৰাতো সহায় কৰে। 

৬)ৰঙা চাহে আমাৰ পাচনতন্ত্ৰৰ কাৰ্য্যক্ষমতা বৃদ্ধি কৰে।

৭)নিয়মীয়াকৈ সেৱন কৰা ৰঙা চাহে কলেষ্টৰল, ট্ৰাইগ্লিচাৰাইড আৰু মেদবহুলতা সমস্যাতো কিছু পৰিমাণে সুফল পোৱা যায়।

৮)ৰঙা চাহত পোৱা পলিফেনল ( polyphenols) নামৰ এন্টিঅক্সিডেণ্টে মহিলাৰ ডিম্বাশয়ৰ কেঞ্চাৰ প্ৰতিৰোধ কৰাত  সহায় কৰে বুলি জনা যায়। 

৯)ৰঙা চাহে হাপানী ৰোগ উপশম কৰাতো সহায় কৰে। দুই তিনিখিলা তুলসী পাত দি বনোৱা ৰঙা চাহকাপে হাপানী ৰোগীৰ বাবে ঔষধি হিচাবেও কাম কৰে।

১০)নিয়মীয়াকৈ ৰঙা চাহ সেৱন কৰিলে ই ষ্ট্ৰেছৰ সমস্যা কম কৰাত সহায় কৰে। 

১১)ডাঠকৈ বা কাঢ়াকৈ ৰঙা চাহ বনাই ঠাণ্ডা কৰি লৈ শ্বেম্পু কৰাৰ পাছত চুলিত কণ্ডিচনাৰ হিচাবে ব্যৱহাৰ কৰিলে চুলিৰ উজ্জ্বলতা বৃদ্ধি হয়, চুলি ফটা সমস্যা দূৰ হয়।

১২)হেনাৰ লগত ৰঙা চাহ মিহলাই চুলিত লগালে ই চুলিৰ কণ্ডিচনাৰ হিচাবে কাম কৰে আৰু চুলিৰ ৰং উজ্জল কৰে।

১৩)চকুৰ গুৰি ক’লা পৰা সমস্যাত টি বেগ ব্যৱহাৰ কৰিলে সুফল পোৱা যায়।

১৪)লাল চাহ খালে মানসিক ৰোগ আৰু নাৰ্ভৰ ৰোগৰ পৰা আৰাম পোৱা যায়।

১৫)লাল চাহ খালে আমাৰ টোপনি ভাল হয়।

১৬) বতৰ পৰিবৰ্তনৰ সময়ত জ্বৰ, কাহ, চৰ্দি আদি হ'লে ৰঙা চাহকাপত আদা, জালুক বা তুলসী আদি দি ৰোগীক সেৱন কৰিবলৈ দিয়া হয়। এইদৰে বনোৱা ৰঙা চাহকাপে ঔষধিৰ দৰে কাম কৰে।  

সেয়েহে একাপ লাল চাহেৰে সুন্দৰকৈ পুৱাটো উপভোগ কৰি সুস্থ হৈ থাকো আহক।






FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক