--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত লাভ জিহাদৰ ঘটনা বৃদ্ধি পাই অহা বুলি অভিযোগ উঠাৰ সময়তে মুম্বাইত   এক বৃহৎ লাভ জিহাদ  বিৰোধী পদযাত্ৰা উলিওৱা হয়৷ প্ৰতিবাদী শোভাযাত্ৰাত ধৰ্মান্তৰকৰণ বিৰোধী আইন আৰু ধৰ্মৰ নামত ভূমি দখলৰ বিৰুদ্ধে চৰকাৰী হস্তক্ষেপৰ দাবী জনোৱা হয়। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (আৰ এছ এছ), বজৰং দল আৰু বিশ্ব হিন্দু পৰিষদৰ (ভিএইচপি) দৰে কেইবাটাও হিন্দুত্ববাদী সংগঠনৰ নেতা আৰু কৰ্মীসকলে এই  পদযাত্ৰাত যোগদান কৰে।

'অল হিন্দু সমাজ'ৰ দ্বাৰা আয়োজিত শোভাযাত্ৰা  মধ্য মুম্বাইৰ দাদৰৰ শিৱাজী উদ্যানৰ পৰা আৰম্ভ হয় । চাৰি কিলোমিটাৰতকৈ অধিক দূৰত্ব অতিক্ৰম কৰি পদযাত্ৰাটো  কামগাৰ ময়দানত সমাপ্ত হয়। পদযাত্ৰাত শিৱসেনাৰ কেইবাজনো নেতা আৰু বিধায়কৰ লগতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ চিন্দেয়েও অংশগ্ৰহণ কৰে। শোভাযাত্ৰাত ভাগ লোৱাসকলে লাভ জিহাদৰ বিৰুদ্ধে শ্ল'গান দিয়ে। শোভাযাত্ৰাৰ সময়ত যাতে কোনো অপ্ৰীতিকৰ ঘটনা ঘটিব নোৱাৰে তাৰ বাবে   পৰ্যাপ্ত আৰক্ষী বাহিনী মোতায়েন কৰা হয় । 

উল্লেখ্য যোৱা কিছু বছৰ  মানধৰি হিন্দুত্ববাদী কৰ্মীসকলে বিভিন্ন ৰাজ্যত ধৰ্মান্তৰকৰণ বিৰোধী আইনৰ দাবী কৰি আহিছে। তেওঁলোকৰ মতে, মুছলমান যুৱকসকলে হিন্দু যুৱতীক  মুখ্যতঃ ধৰ্মান্তৰিত কৰাৰ উদ্দেশ্যে বিয়া কৰায়। তেওঁলোকে এই ঘটনাক 'লাভ জিহাদ' বুলি কৈ আহিছে। যোৱা মাহত মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনাভিছে কৈছিল যে মহাৰাষ্ট্ৰ চৰকাৰে এই সম্পৰ্কীয় আন ৰাজ্যৰ আইন পৰীক্ষা কৰি আছে। হয়তো ৰাজ্য খনতো শীঘ্ৰে তেনে এখন আইন হ’ব৷ 

হিন্দুত্ববাদী কৰ্মীসকলে ইতিমধ্যে দিল্লীত শ্ৰদ্ধা ৱালকাৰৰ হত্যাক 'লাভ জিহাদ' বুলি ঘোষণা কৰিছে। মহাৰাষ্ট্ৰৰ নেতা আৰু মন্ত্ৰীসকলৰও এই বিষয়ত একে ধৰণৰ মতামত প্ৰকাশ কৰি আহিছে। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক