--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত লাভ জিহাদৰ ঘটনা বৃদ্ধি পাই অহা বুলি অভিযোগ উঠাৰ সময়তে মুম্বাইত   এক বৃহৎ লাভ জিহাদ  বিৰোধী পদযাত্ৰা উলিওৱা হয়৷ প্ৰতিবাদী শোভাযাত্ৰাত ধৰ্মান্তৰকৰণ বিৰোধী আইন আৰু ধৰ্মৰ নামত ভূমি দখলৰ বিৰুদ্ধে চৰকাৰী হস্তক্ষেপৰ দাবী জনোৱা হয়। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (আৰ এছ এছ), বজৰং দল আৰু বিশ্ব হিন্দু পৰিষদৰ (ভিএইচপি) দৰে কেইবাটাও হিন্দুত্ববাদী সংগঠনৰ নেতা আৰু কৰ্মীসকলে এই  পদযাত্ৰাত যোগদান কৰে।

'অল হিন্দু সমাজ'ৰ দ্বাৰা আয়োজিত শোভাযাত্ৰা  মধ্য মুম্বাইৰ দাদৰৰ শিৱাজী উদ্যানৰ পৰা আৰম্ভ হয় । চাৰি কিলোমিটাৰতকৈ অধিক দূৰত্ব অতিক্ৰম কৰি পদযাত্ৰাটো  কামগাৰ ময়দানত সমাপ্ত হয়। পদযাত্ৰাত শিৱসেনাৰ কেইবাজনো নেতা আৰু বিধায়কৰ লগতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ চিন্দেয়েও অংশগ্ৰহণ কৰে। শোভাযাত্ৰাত ভাগ লোৱাসকলে লাভ জিহাদৰ বিৰুদ্ধে শ্ল'গান দিয়ে। শোভাযাত্ৰাৰ সময়ত যাতে কোনো অপ্ৰীতিকৰ ঘটনা ঘটিব নোৱাৰে তাৰ বাবে   পৰ্যাপ্ত আৰক্ষী বাহিনী মোতায়েন কৰা হয় । 

উল্লেখ্য যোৱা কিছু বছৰ  মানধৰি হিন্দুত্ববাদী কৰ্মীসকলে বিভিন্ন ৰাজ্যত ধৰ্মান্তৰকৰণ বিৰোধী আইনৰ দাবী কৰি আহিছে। তেওঁলোকৰ মতে, মুছলমান যুৱকসকলে হিন্দু যুৱতীক  মুখ্যতঃ ধৰ্মান্তৰিত কৰাৰ উদ্দেশ্যে বিয়া কৰায়। তেওঁলোকে এই ঘটনাক 'লাভ জিহাদ' বুলি কৈ আহিছে। যোৱা মাহত মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনাভিছে কৈছিল যে মহাৰাষ্ট্ৰ চৰকাৰে এই সম্পৰ্কীয় আন ৰাজ্যৰ আইন পৰীক্ষা কৰি আছে। হয়তো ৰাজ্য খনতো শীঘ্ৰে তেনে এখন আইন হ’ব৷ 

হিন্দুত্ববাদী কৰ্মীসকলে ইতিমধ্যে দিল্লীত শ্ৰদ্ধা ৱালকাৰৰ হত্যাক 'লাভ জিহাদ' বুলি ঘোষণা কৰিছে। মহাৰাষ্ট্ৰৰ নেতা আৰু মন্ত্ৰীসকলৰও এই বিষয়ত একে ধৰণৰ মতামত প্ৰকাশ কৰি আহিছে। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু