--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসমত জন্ম হোৱা শল্য চিকিৎসকৰ আন্তঃৰাষ্ট্ৰীয় সংস্থা 'এছ'চিয়েচন অব্ ৰব'টিক এণ্ড ইন'ভেটিভ ছাৰ্জনছ' (এৰিছ)ৰ তৰফৰ পৰা আগবঢ়োৱা 'ফেল'শ্বিপ ইন এডভান্সড ৰব'টিক এণ্ড ইন'ভেটিভ ছাৰ্জাৰী' (ফাৰিছ)ৰ প্ৰথম প্ৰশিক্ষণ তথা ফেল'শ্বিপ কাৰ্যসূচী যোৱা ১৮-২২ জানুৱাৰীত গোৱাৰ বেনাউলিমৰ ফেয়াৰফিল্ড বাই মেৰিয়টছত অনুষ্ঠিত হয়। ৰব'টিক ছাৰ্জাৰী এক ভৱিষ্যতৰ ধাৰণা হিচাপে পৰিগণিত হৈ আহিছে যদিও শেহতীয়াকৈ আমাৰ দেশত বাস্তৱ ক্ষেত্ৰতো ইয়াৰ প্ৰয়োগ আৰম্ভ হ'বলৈ ধৰিছে। 

অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰৰ ফলত ৰব'টিক ছাৰ্জাৰী ৰোগী এগৰাকীৰ অস্ত্ৰোপচাৰ পৰৱৰ্তী পৰ্যায়ত যত্ন আৰু আৰামৰ ক্ষেত্ৰত বিশেষভাৱে উপযোগী বিবেচিত হয়। এই প্ৰশিক্ষণ কাৰ্যসূচীত মডিউলৰ শিক্ষণত বিশেষ গুৰুত্ব দিয়া হৈছিল। প্ৰায় ২৫ গৰাকী বিশেষজ্ঞৰ অনলাইন বক্তব্যৰ জৰিয়তে শিক্ষা লাভ কৰাৰ পিছত শল্য চিকিৎসকসকলে এতিয়া পোনপটীয়া ছেছন, এনিমেট মডেল, নতুন প্ৰযুক্তি আৰু কাডাভেৰ্ছত প্ৰশিক্ষণ গ্ৰহণৰ সুযোগ পাব। নিৰলস প্ৰচেষ্টা চলোৱাৰ পিছতহে এই প্ৰশিক্ষণ কাৰ্যসূচী সম্ভৱপৰ হৈ উঠা বুলি মত পোষণ কৰে বিশিষ্ট শল্য চিকিৎসক অধ্যাপক সুভাষ খান্নাই। 

চেন্নাইৰ ৰামচন্দ্ৰ মেডিকেল ইউনিভাৰ্ছিটিয়ে মান্যতা প্ৰদান কৰাৰ বাবে এয়া ইউ জি চিৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত এবছৰীয়া পূৰ্ণকালীন বিশ্ববিদ্যালয়ৰ ফেল'শ্বিপ পাঠ্যক্ৰম হিচাপে বিবেচিত হৈছে। এই অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰে তেলেংগানাৰ মুখ্য ন্যায়াধীশ উজ্জ্বল ভূঞাই। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে হিমাচল প্ৰদেশৰ ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকাৰে। সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰে গোৱাৰ বিচ'লীম সমষ্টিৰ বিধায়ক ড৹ চন্দ্ৰকান্ত শ্বেটিয়াই। 

এই অনুষ্ঠানত ৰামচন্দ্ৰ ইউনিভাৰ্ছিটি অব্ মেডিকেল ছায়েন্সেজ এণ্ড ৰিছাৰ্চৰ ডীন অধ্যাপক বালাজী সিং আৰু ইণ্ডিয়ান এছ'চিয়েচন অব্ গেষ্ট্ৰ'ইণ্টেষ্টিনেল এণ্ড'ছাৰ্জনছৰ অধ্যক্ষ ডাঃ এল থাংগাভেলুৱেও অংশগ্ৰহণ কৰে। অনুষ্ঠানত বিশিষ্ট লেপাৰ'স্ক'পিক, বেৰিয়াট্ৰিক আৰু ৰব'টিক ছাৰ্জন তথা এৰিছৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ডাঃ সুভাষ খান্নাই আদৰণি ভাষণ পাঠ কৰে। এই অনুষ্ঠানৰ জৰিয়তে প্ৰযুক্তিৰ সহায়ত স্বাস্থ্য সেৱা খণ্ডত নতুন দিগন্তৰ সূচনা হ'ব বুলিও তেওঁ আশা ব্যক্ত কৰে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক