--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসমত জন্ম হোৱা শল্য চিকিৎসকৰ আন্তঃৰাষ্ট্ৰীয় সংস্থা 'এছ'চিয়েচন অব্ ৰব'টিক এণ্ড ইন'ভেটিভ ছাৰ্জনছ' (এৰিছ)ৰ তৰফৰ পৰা আগবঢ়োৱা 'ফেল'শ্বিপ ইন এডভান্সড ৰব'টিক এণ্ড ইন'ভেটিভ ছাৰ্জাৰী' (ফাৰিছ)ৰ প্ৰথম প্ৰশিক্ষণ তথা ফেল'শ্বিপ কাৰ্যসূচী যোৱা ১৮-২২ জানুৱাৰীত গোৱাৰ বেনাউলিমৰ ফেয়াৰফিল্ড বাই মেৰিয়টছত অনুষ্ঠিত হয়। ৰব'টিক ছাৰ্জাৰী এক ভৱিষ্যতৰ ধাৰণা হিচাপে পৰিগণিত হৈ আহিছে যদিও শেহতীয়াকৈ আমাৰ দেশত বাস্তৱ ক্ষেত্ৰতো ইয়াৰ প্ৰয়োগ আৰম্ভ হ'বলৈ ধৰিছে। 

অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰৰ ফলত ৰব'টিক ছাৰ্জাৰী ৰোগী এগৰাকীৰ অস্ত্ৰোপচাৰ পৰৱৰ্তী পৰ্যায়ত যত্ন আৰু আৰামৰ ক্ষেত্ৰত বিশেষভাৱে উপযোগী বিবেচিত হয়। এই প্ৰশিক্ষণ কাৰ্যসূচীত মডিউলৰ শিক্ষণত বিশেষ গুৰুত্ব দিয়া হৈছিল। প্ৰায় ২৫ গৰাকী বিশেষজ্ঞৰ অনলাইন বক্তব্যৰ জৰিয়তে শিক্ষা লাভ কৰাৰ পিছত শল্য চিকিৎসকসকলে এতিয়া পোনপটীয়া ছেছন, এনিমেট মডেল, নতুন প্ৰযুক্তি আৰু কাডাভেৰ্ছত প্ৰশিক্ষণ গ্ৰহণৰ সুযোগ পাব। নিৰলস প্ৰচেষ্টা চলোৱাৰ পিছতহে এই প্ৰশিক্ষণ কাৰ্যসূচী সম্ভৱপৰ হৈ উঠা বুলি মত পোষণ কৰে বিশিষ্ট শল্য চিকিৎসক অধ্যাপক সুভাষ খান্নাই। 

চেন্নাইৰ ৰামচন্দ্ৰ মেডিকেল ইউনিভাৰ্ছিটিয়ে মান্যতা প্ৰদান কৰাৰ বাবে এয়া ইউ জি চিৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত এবছৰীয়া পূৰ্ণকালীন বিশ্ববিদ্যালয়ৰ ফেল'শ্বিপ পাঠ্যক্ৰম হিচাপে বিবেচিত হৈছে। এই অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰে তেলেংগানাৰ মুখ্য ন্যায়াধীশ উজ্জ্বল ভূঞাই। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে হিমাচল প্ৰদেশৰ ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকাৰে। সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰে গোৱাৰ বিচ'লীম সমষ্টিৰ বিধায়ক ড৹ চন্দ্ৰকান্ত শ্বেটিয়াই। 

এই অনুষ্ঠানত ৰামচন্দ্ৰ ইউনিভাৰ্ছিটি অব্ মেডিকেল ছায়েন্সেজ এণ্ড ৰিছাৰ্চৰ ডীন অধ্যাপক বালাজী সিং আৰু ইণ্ডিয়ান এছ'চিয়েচন অব্ গেষ্ট্ৰ'ইণ্টেষ্টিনেল এণ্ড'ছাৰ্জনছৰ অধ্যক্ষ ডাঃ এল থাংগাভেলুৱেও অংশগ্ৰহণ কৰে। অনুষ্ঠানত বিশিষ্ট লেপাৰ'স্ক'পিক, বেৰিয়াট্ৰিক আৰু ৰব'টিক ছাৰ্জন তথা এৰিছৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ডাঃ সুভাষ খান্নাই আদৰণি ভাষণ পাঠ কৰে। এই অনুষ্ঠানৰ জৰিয়তে প্ৰযুক্তিৰ সহায়ত স্বাস্থ্য সেৱা খণ্ডত নতুন দিগন্তৰ সূচনা হ'ব বুলিও তেওঁ আশা ব্যক্ত কৰে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
১ টা বলত ২২ ৰান ! CPL ২০২৫-ত আৰ চি বিৰ খেলুৱৈয়ে ৰচিলে ইতিহাস
চিকিৎসকৰ গাফিলতিত ঘুণীয়া হ'ল চন্দ্ৰপুৰৰ ছাত্ৰী; ঘটনাৰ তদন্ত ঘোষণা জি এম চি এইচ কর্তৃপক্ষৰ
কৰ আৰু শুল্কক লৈ আপোনাৰো লাগিছে নেকি খেলিমেলি? জানো আহক দুয়োটাৰ মাজত পাৰ্থক্য
বিহাৰত 'ভোটাৰ অধিকাৰ যাত্ৰা'ত ৰাহুলক সংগ দিলে প্ৰিয়ংকা-ৰেৱন্ত ৰেড্ডীয়ে
গাৰ নোম শিয়ৰি যোৱা এক ঘটনা ;বিদ্যালয়ৰ বাথৰুমত এগৰাকী পঞ্চম শ্ৰেণীৰ ছাত্ৰীয়ে নিজৰ দেহত কৰিলে অগ্নিসংযোগ
উচ্চতম ন্যায়ালয়ে বাতিল কৰিলে নিজে দিয়া মৃত্যুদণ্ডৰ ৰায়
ভাত কেৰেলা খাওক আৰু সুস্বাস্থ্য গঢ়ক; ইয়াৰ উপকাৰিতা জানিলে আপুনি আচৰিত হ’ব
দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক চৰ মাৰিছিল ৰিক্সাচালক ৰাজেশভাইয়ে; পূৰ্বেও তেওঁ কৰিছে বহু অপৰাধ ! পোহৰলৈ আহিল দীঘলীয়া তালিকা
মাত্ৰ ১৪ দিন দৈনিক মেথিৰ গুটি খাওক; এই লোকসকলে লাভ কৰিব বহু উপকাৰ
ডুবিব ৯ লাখ ৮৩ হাজাৰ টকাৰ ক্ৰিকেট বজাৰ! অনলাইন গেমিং বিলৰ ফলত আই পি এলৰ উপাৰ্জনত প্ৰভাৱ পৰিব নেকি?
বিশ্বৰ ৪৭% লোকে পচন্দ কৰে ভাৰতক ; পিউ ৰিছাৰ্চ চেণ্টাৰৰ সমীক্ষাত প্ৰকাশিত তথ্য
প্ৰকৃতিৰ বিস্ময়ঃ প্ৰজননৰ পাছত মতা ইলিছ মাছে লিংগ সলনি কৰি হৈ পৰে মাইকী মাছ! দুখন বিশ্ববিদ্যালয়ৰ যৌথ গৱেষণাই প্ৰকাশ কৰিলে আচৰিত তথ্য
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ