--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দীপক চাহাৰে ভাবিছিল যে পিছে পৰে প্ৰেমিকাক বিয়াৰ প্ৰস্তাৱ দিব। কিন্তু মহেন্দ্ৰ সিং ধোনীয়ে অনুভৱ কৰিলে যে ইমান পলম কৰাটো উচিত নহ’ব। গতিকে তেওঁ চেন্নাই ছুপাৰ কিংছৰ সতীৰ্থগৰাকীক পৰামৰ্শ দিলে। ধোনীৰ পৰামৰ্শ অনুসৰণ কৰি চাহাৰে ইতিমধ্যে বিয়াৰ প্ৰস্তাৱ দিছিল। এতিয়া তেওঁৰ বিয়া হৈছে। তেওঁৰ বিয়াৰ ব্যৱস্থা কৰিছিল ধোনীয়ে। ধোনী ‘লাভগুৰু’ হৈছিল।

২০২০ চনৰ আই পি এলৰ সময়ত সংঘটিত হয় এই ঘটনা। covid ৰ বাবে ডুবাইত খেলি আছিল। চেন্নাইয়ে ১৪খন মেচত ১৮ পইণ্ট লাভ কৰি প্লে অফত প্ৰৱেশ কৰে। চাহাৰে ভাবিছিল যে প্লে অফৰ সময়ত প্ৰেমিকা জয়া ভৰদ্বাজক প্ৰেমৰ প্ৰস্তাৱ দিব। কিন্তু নহ’ল।

অভিনেত্ৰী অমৃতা ৰাও আৰু তেওঁৰ স্বামী ৰেডিঅ’ জকী আনমোলৰ এক অনুষ্ঠানত এই গোপন কথা প্ৰকাশ কৰে চাহাৰ আৰু জয়াই। তেওঁলোকৰ বিবাহৰ আঁৰত ধোনীয়ে কি ভূমিকা পালন কৰিছিল সেই কথা তেওঁলোকে ক’লে। চাহৰে কয়, ‘ধোনি ভাই মোৰ জীৱনত অতি গুৰুত্বপূৰ্ণ। মোৰ খেলৰ পৰা আৰম্ভ কৰি বিয়ালৈকে সকলোতে আছে। ২০২০ চনৰ প্লে অফৰ সময়ত জয়াক প্ৰপ’জ কৰাৰ কথা ভাবিলোঁ। সেই কথা মই কেৱল ধোনী ভাইক কৈছিলো। কিন্তু ধোনী ভাইয়ে মোক আন উপদেশ দিলে।"

তেওঁ কয়, ‘ধোনি ভাইয়ে কয় যে প্লে অফৰ সময়ত খেলাৰ চাপ অতি বেছি হ’ব। সেই সময়ত খেলৰ বাহিৰৰ যিকোনো কথা ভাবিলে দল আৰু মোৰ বাবে বেয়া হ’ব। কোনো মনোযোগ নাথাকিব। গ্ৰুপ পৰ্যায়ৰ অন্তিমখন খেলৰ পিছত তেওঁক প্ৰপ’জ কৰা উচিত। কাৰণ তেতিয়া সকলোৰে মন সুখী হব। প্লে অফত প্ৰৱেশ কৰিলে আনন্দৰ সৃষ্টি হ’ব।’

চাহাৰে কেপ্তেইনৰ কথা শুনিলে। পঞ্জাৱ কিংছৰ সৈতে মেচখনৰ পাছত পোনে পোনে গেলেৰীলৈ গৈ এটা আঁঠু লৈ নামি জয়াক প্ৰপ’জ কৰে। ধোনিৰ পত্নী সাক্ষী আৰু কন্যা জিভা তেওঁৰ কাষতে আছিল। তাৰ বাহিৰে বাকী ক্ৰিকেটাৰৰ পৰিয়ালবোৰো তাত আছিল। সকলোৱে বৰ সুখী হৈ পৰিল। চহৰৰ প্ৰস্তাৱত জয়া মান্তি হ'ল। পিছত বিয়া পাতিলে।

এইবাৰ আই পি এলত ধোনীক বেলেগ ভূমিকাত দেখা গৈছে। তেওঁ অধিনায়কত্ব এৰি দিলে। তাৰ পৰিৱৰ্তে চেন্নাইৰ নতুন অধিনায়ক ৰুতুৰাজ গাইকৱাদ। হয়তো এইটোৱেই শেষবাৰৰ বাবে ধোনীক চেন্নাইৰ হালধীয়া জাৰ্চি পিন্ধি খেলা দেখা যাব। গতিকে এইবাৰ ট্ৰফী জিকিবলৈ মৰিছে চেন্নাই। প্ৰথমখন মেচত জয়ী হোৱাৰ পিছত সেই দিশে আগবাঢ়িছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু