--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সদায় বাধা দিয়া কামটো তেওঁ কৰি আহিছে। অপৰাধৰ জগতত প্ৰৱেশ কৰি একেলগে দুজনকৈ গেংষ্টাৰৰ স’তে সহবাস! এটা এনকাউণ্টাৰত যেতিয়া এজন গেংষ্টাৰৰ মৃত্যু হৈছিল, তেতিয়া আন এজন গেংষ্টাৰক বিয়া কৰাইছিল। কোন এই  ‘লেডী ডন’ অনুৰাধা চৌধাৰী?

২০২২ চনৰ মাজভাগত ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই সমগ্ৰ উত্তৰ ভাৰতত সন্ত্ৰাসবাদী আৰু গেংষ্টাৰৰ মাজত সম্পৰ্ক বিচাৰি অভিযান আৰম্ভ কৰে। প্ৰায় ৫০ টা ঠাইত তালাচী চলালে। ইয়াৰ পিছতে অনুৰাধাক গেংষ্টাৰৰ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰা হয়। তাৰ আগতে বহুদিন তেওঁক বিচাৰি পোৱা নাছিল।

অনুৰাধাক NIA-য়ে জেৰা কৰে। তাৰ আগতে অনুৰাধাক ২০২১ চনত এবাৰ গ্ৰেপ্তাৰ কৰা হৈছিল। জুলাই মাহত দিল্লী আৰক্ষীৰ বিশেষ শাখাই তেওঁক গ্ৰেপ্তাৰ কৰিছিল। তেতিয়া গম পোৱা গৈছিল যে অনুৰাধাই গেংষ্টাৰ সন্দীপ ওৰফে কলা জাথেৰীক বিয়া কৰাইছিল। এই অনুৰাধা গেংষ্টাৰ আনন্দপালৰ প্ৰাক্তন প্ৰেমিকা। আনন্দপালৰ হাত ধৰিয়েই অনুৰাধা অপৰাধ জগতৰ ‘ৰাণী’ হৈ পৰিছিল।

ৰাজস্থানৰ শিকাৰ জিলাৰ ফাতেপুৰৰ সমীপৰ আলফাছাৰ গাঁৱত অনুৰাধৰৰ জন্ম হৈছিল। সৰুতে মাকৰ মৃত্যু হৈছিল। দেউতা চৰকাৰী সেৱাত আছিল। কন্যাক অত্যন্ত স্নেহ কৰিছিল তেওঁ। অনুৰাধা সৰুৰে পৰা পঢ়া-শুনাত বহুত ভাল আছিল। বিবিএ কৰাৰ পিছত চামাদিয়া কলেজৰ পৰা এম বি এ কৰে।

কলেজত পঢ়ি থাকোঁতে অনুৰাধাৰ প্ৰেমত পৰিছিল দীপক মিঞ্জ নামৰ এজন ব্যক্তিৰ লগত। তেওঁৰ পৰিয়ালে এই সম্পৰ্ক মানি লোৱা নাছিল। অনুৰাধাই পৰিয়ালৰ অমতত দীপকক বিয়া কৰাইছিল। বিয়াৰ পিছত অনুৰাধা আৰু দীপকে ষ্টক মাৰ্কেটৰ জৰিয়তে টকা উপাৰ্জন কৰিছিল। আগতে মাহে লাখ লাখ টকা উপাৰ্জন কৰিছিল। কিন্তু তেওঁলোকৰ বিৰুদ্ধে প্ৰতাৰণা কৰাৰ অভিযোগ উঠে। বহুতে টকাৰ বাবে অনুৰাধাক ভাবুকি দিবলৈ ধৰিলে।

অনুৰাধাই দাবী কৰে যে তেওঁ আৰক্ষীৰ কাষ চাপিছিল। কিন্তু আৰক্ষীয়ে সহায় কৰা নাছিল। এএই সময়ছোৱাত তেওঁ বলবীৰ বনুদাৰ জৰিয়তে আনন্দপালক লগ পায়। আনন্দপালৰ সংগী আৰু বন্ধু আছিল বলবীৰ। আনন্দপালে সেই সময়ত অনুৰাধাক সহায় কৰিছিল। তেতিয়াই টকাৰ ভাবুকিবোৰ তেওঁৰ ওচৰলৈ অহা বন্ধ হৈ গ’ল। অনুৰাধৰৰ স্বামী দীপকে এনেধৰণে গেংষ্টাৰৰ সংস্পৰ্শ মানি ল’ব পৰা নাছিল। সেয়ে পত্নীক এৰি থৈ যায়।

আনন্দপাল তেতিয়াও অনুৰাধাৰ কাষতে আছিল। অনুৰাধা সেই সময়ত তেওঁৰ প্ৰেমত পৰিছিল। দুয়ো একেলগে থাকিবলৈ ধৰিলে। তাৰ লগতে অনুৰাধাও অপৰাধৰ জগতখনৰ লগত সম্পূৰ্ণৰূপে জড়িত হৈ পৰিল। ইয়াৰ পিছত অনুৰাধৰে এটা এটাকৈ হত্যা, অপহৰণ আৰু ধন দাবীৰ গোচৰত লিপ্ত হ’বলৈ ধৰিলে। আৰক্ষীৰ পঞ্জীত নামটো আহিব ধৰে। অনুৰাধাই আনন্দপালৰ লগত নিজৰ গেংটো মেনেজ কৰিছিল।

২০১৭ চনত আৰক্ষীৰ সৈতে হোৱা এনকাউণ্টাৰত আনন্দপালৰ মৃত্যু হৈছিল। ইয়াৰ পিছত অনুৰাধা দিল্লীলৈ ৰাওনা হয়। তাতেই তেওঁ লৰেন্স বিষ্ণয় গেঙৰ সংস্পৰ্শলৈ আহে। দুবছৰ পূৰ্বে ২০২১ চনত ৰাজস্থানত এজন ব্যৱসায়ীক অপহৰণ কৰাৰ অপৰাধত অনুৰাধাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। তেওঁক বিচাৰি পোৱাৰ বাবে পুৰস্কাৰ ঘোষণা কৰা হয়। গ্ৰেপ্তাৰৰ পিছত গম পোৱা গৈছে অনুৰাধাৰ বিবাহ হৈছিল গেংষ্টাৰ কলা জাথেৰীৰ সৈতে। তেওঁ হাৰিয়ানাৰ কুখ্যাত ডন।

অনুৰাধাই দাবী কৰে যে আনন্দপালাৰ সৈতে তেওঁৰ কোনো সম্পৰ্ক নাছিল। তেওঁৰ ব্যৱসায়ৰ অংশীদাৰবে আছিল। সংবাদ মাধ্যমে তেওঁলোকৰ সম্পৰ্কক ভুলকৈ চিত্ৰিত কৰিছে। অনুৰাোৰ নাম ইটোৰ পিছত সিটো ‘হাই প্ৰফাইল’ অপহৰণ, ধন দাবী, অবৈধ ভূমি দখল, ড্ৰাগছ সৰবৰাহৰ লগত জড়িত আছে। লৰেন্স বিষ্ণয়, কলা ৰাণা আদি গেংষ্টাৰৰ লগতো তেওঁৰ ঘনিষ্ঠ। কোৱা হৈছে যে তেওঁ বিৰোধী গেংৰ সদস্যক হত্যা কৰাৰ পৰিকল্পনাও কৰিছিল।

২০২২ চনৰ ডিচেম্বৰ মাহত ৰাজস্থানত হত্যা কৰা হৈছিল গেংষ্টাৰ ৰাজু তেহাটৰ। ৰাজহুৱাভাৱে তেওঁক গুলীয়াই হত্যা কৰা হয়। আৰক্ষীৰ এটা অংশই এই হত্যাকাণ্ডৰ আঁৰত অনুৰাধাও আছে বুলি ভাবে। যদিও অনুৰাধাই স্বীকাৰ কৰা নাছিল।  
পাঞ্জাবী গায়ক সিদ্ধু মুছেৱালাৰ হত্যাকাণ্ড সম্পৰ্কেও আৰক্ষীয়ে জেৰা কৰিছিল অনুৰাধাক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু