--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চিকিৎসা ক্ষেত্ৰত অনবদ্য অৱদান আগবঢ়োৱা ভাৰতৰ আগশাৰীৰ ইউৰোলোজিষ্ট ড০ অৰূপ কুমাৰ নাথক বিশেষ সন্মান  ভাৰতীয় আৰ্যুবিজ্ঞান প্ৰতিষ্ঠান এইমছ, ভূৱনেশ্বৰৰ। বিশিষ্ট চিকিৎসকগৰাকীক এই চিকিৎসা প্ৰতিষ্ঠানে আমন্ত্ৰণ কৰিছিল অফাৰেটিং ফেকালটি হিচাপে।

ভূবনেশ্বৰ এইমছত ২১ জুলাইৰ পৰা ২৩ জুলাইলৈ ৩ দিনীয়াকৈ অনুষ্ঠিত হৈছিল এফ এফ ইউ এছ সন্মিলন আৰু বৈজ্ঞানিক কৰ্মশালা। এই কৰ্মশালাত অংশ লৈ ড০ নাথে থুলিয়াম ফাইবাৰ লেজাৰ প্ৰয়োগেৰে প্ৰ'ষ্টেটৰ জটিল অস্ত্ৰোপচাৰ কেনেদৰে সম্পন্ন কৰিব পাৰি সেই সন্দৰ্ভত ব্যৱহাৰিকভাৱে অস্ত্ৰোপচাৰ সম্পন্ন কৰি দেখুৱায়।

উল্লেখ্য যে, এই অত্যাধুনিক প্ৰযুক্তিৰ ব্যৱহাৰে জটিল অস্ত্ৰোপচাৰ সম্পন্ন কৰা দেশৰ অন্যতম প্ৰতিষ্ঠিত চিকিৎসক ড০ নাথৰ এই প্ৰদৰ্শনত উপস্থিতি ইউৰোলেজিষ্ট সকলে ভূয়সী প্ৰশংসা কৰে। দক্ষিণ পূৱ এছিয়াৰেই অন্যতম অভিজ্ঞ আৰু প্ৰতিষ্ঠিত এই বিশেষজ্ঞ চিকিৎসকগৰাকীয়ে ফিমেল এণ্ড ফানচনেল ইউৰোলোজিৰ শীৰ্ষক আন এক অনুষ্ঠানটো অংশ লয়।

ড০ অৰূপ কুমাৰ নাথ ইনষ্টিটিউট অফ ইউৰোলোজি এণ্ড কিডনী ডিজিজেজৰ পৰিচালক সঞ্চালক তথা এই প্ৰতিষ্ঠানটোৰ মুখ্য ইউৰোলোজি বিশেষজ্ঞ। অভিলেখ সংখ্যক অস্ত্ৰোপচাৰে মাইলৰ খুঁটি স্থাপন কৰা ড০ নাথক ভুৱনেশ্বৰ এইমছত সম্বৰ্ধনাও জনোৱা হয়। 






FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
Advertisement