--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চিকিৎসা ক্ষেত্ৰত অনবদ্য অৱদান আগবঢ়োৱা ভাৰতৰ আগশাৰীৰ ইউৰোলোজিষ্ট ড০ অৰূপ কুমাৰ নাথক বিশেষ সন্মান  ভাৰতীয় আৰ্যুবিজ্ঞান প্ৰতিষ্ঠান এইমছ, ভূৱনেশ্বৰৰ। বিশিষ্ট চিকিৎসকগৰাকীক এই চিকিৎসা প্ৰতিষ্ঠানে আমন্ত্ৰণ কৰিছিল অফাৰেটিং ফেকালটি হিচাপে।

ভূবনেশ্বৰ এইমছত ২১ জুলাইৰ পৰা ২৩ জুলাইলৈ ৩ দিনীয়াকৈ অনুষ্ঠিত হৈছিল এফ এফ ইউ এছ সন্মিলন আৰু বৈজ্ঞানিক কৰ্মশালা। এই কৰ্মশালাত অংশ লৈ ড০ নাথে থুলিয়াম ফাইবাৰ লেজাৰ প্ৰয়োগেৰে প্ৰ'ষ্টেটৰ জটিল অস্ত্ৰোপচাৰ কেনেদৰে সম্পন্ন কৰিব পাৰি সেই সন্দৰ্ভত ব্যৱহাৰিকভাৱে অস্ত্ৰোপচাৰ সম্পন্ন কৰি দেখুৱায়।

উল্লেখ্য যে, এই অত্যাধুনিক প্ৰযুক্তিৰ ব্যৱহাৰে জটিল অস্ত্ৰোপচাৰ সম্পন্ন কৰা দেশৰ অন্যতম প্ৰতিষ্ঠিত চিকিৎসক ড০ নাথৰ এই প্ৰদৰ্শনত উপস্থিতি ইউৰোলেজিষ্ট সকলে ভূয়সী প্ৰশংসা কৰে। দক্ষিণ পূৱ এছিয়াৰেই অন্যতম অভিজ্ঞ আৰু প্ৰতিষ্ঠিত এই বিশেষজ্ঞ চিকিৎসকগৰাকীয়ে ফিমেল এণ্ড ফানচনেল ইউৰোলোজিৰ শীৰ্ষক আন এক অনুষ্ঠানটো অংশ লয়।

ড০ অৰূপ কুমাৰ নাথ ইনষ্টিটিউট অফ ইউৰোলোজি এণ্ড কিডনী ডিজিজেজৰ পৰিচালক সঞ্চালক তথা এই প্ৰতিষ্ঠানটোৰ মুখ্য ইউৰোলোজি বিশেষজ্ঞ। অভিলেখ সংখ্যক অস্ত্ৰোপচাৰে মাইলৰ খুঁটি স্থাপন কৰা ড০ নাথক ভুৱনেশ্বৰ এইমছত সম্বৰ্ধনাও জনোৱা হয়। 






FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু