--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ঘৰৰ চৌহদত বান্ধি থোৱা এটা ছাগলী জুইত পৰি অগ্নিদগ্ধ হৈ মৃত্যুমুখত পৰে। শিক্ষাৰ প্ৰমাণপত্ৰকে ধৰি বহু গুৰুত্বপূৰ্ণ নথিপত্ৰ সম্পূৰ্ণৰূপে জুইত নষ্ট হয়।

ডিজিটেল ডেস্ক: অসম-মেঘালয় সীমান্তৰ সংলগ্ন দক্ষিণ শালমাৰাৰ ৰাজাবালা ভালুক কান্দি গাঁৱত বজ্ৰপাতৰ ফলত ভস্মীভূত হৈছে এক পৰিয়ালৰ আৱাসগৃহ। প্ৰাপ্ত খবৰ অনুসৰি, পুৱতি নিশা হোৱা হঠাৎ প্ৰচণ্ড বৰষুণ আৰু বজ্ৰপাতৰ বাবে গাঁওখনৰ আবু বক্কৰ ছিদ্দিকৰ বাসগৃহটোত জুই লাগি সম্পৰূপে ছাঁই হৈ পৰে।


পৰিয়ালটোৰ সকলো সদস্য সুৰক্ষিত অৱস্থাত বাহিৰলৈ ওলাই আহিবলৈ সক্ষম হোৱাৰ বাবে কোনোধৰণৰ মানুহৰ প্ৰাণহানি হোৱা নাই। ঘৰখনত থকা নগদ ধন, পিন্ধনৰ কাপোৰ-কানি, গৃহস্থালী সামগ্ৰী সম্পূৰ্ণৰূপে জুইত জাহ যায়। ঘৰৰ চৌহদত বান্ধি থোৱা এটা ছাগলী জুইত পৰি অগ্নিদগ্ধ হৈ মৃত্যুমুখত পৰে।


শিক্ষাৰ প্ৰমাণপত্ৰকে ধৰি বহু গুৰুত্বপূৰ্ণ নথিপত্ৰ সম্পূৰ্ণৰূপে জুইত নষ্ট হয়।


এই হঠাৎ হোৱা দুৰ্যোগে আবু বক্কৰ ছিদ্দিকৰ পৰিয়ালটোক মুকলি আকাশৰ তললৈ আনি থিয় কৰাইছে। বৰ্তমান পৰিয়ালটোৰ মাজত গভীৰ আতংক আৰু শোকৰ ছাঁ পৰিছে। স্থানীয় ৰাইজে পৰিয়ালটোক জৰুৰীকালীন সাহায্য প্ৰদান কৰিবলৈ জিলা প্ৰশাসন তথা স্থানীয় প্ৰশাসনিক বিষয়াৰ জৰিয়তে চৰকাৰী সাহায্যৰ দাবী জনাইছে।


স্থানীয় লোকৰ সহযোগত জুই নুমুৱাবলৈ চেষ্টা কৰা হয় যদিও তীব্ৰবেগে জুই বিয়পি পৰাত ঘৰখন সম্পূৰ্ণৰূপে ভস্মীভূত হৈ যায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ