--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চাকৰিৰ বাবে ভূমি(Land for job) কেলেংকাৰীত বৃদ্ধি পাইছে বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱ পৰিয়ালৰ অসুবিধা। এতিয়া কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই সোমবাৰে (৩ জুলাই) দিল্লীৰ ৰাউজ এভিনিউ আদালতত লেণ্ড ফৰ জব কেলেংকাৰীৰ গোচৰত অভিযোগনামা দাখিল কৰিছে। অভিযোগনামাত বিহাৰৰ উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱকে ধৰি আন কেইবাজনো লোকৰ নাম অভিযুক্ত হিচাপে সন্নিবিষ্ট কৰিছে৷

এতিয়া ১২ জুলাইত ৰাউজ এভিনিউ আদালতে এই গোচৰ সন্দৰ্ভত শুনানি গ্ৰহণ কৰিব। ইতিমধ্যে চিবিআইয়ে প্ৰাক্তন কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী লালু প্ৰসাদ যাদৱ, বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ৰাবৰী দেৱীকে ধৰি বহুকেইজনৰ বিৰুদ্ধে ভূমি-চাকৰিৰ কেলেংকাৰিৰ সৈতে জড়িত গোচৰটোত অভিযোগনামা দাখিল কৰিছে।

অভিযোগনামাত তেজস্বী যাদৱৰ নাম ওলোৱাৰ সময়ত আৰজেডিৰ ৰাষ্ট্ৰীয় উপ-সভাপতি শিৱানন্দ তিৱাৰীয়ে সংবাদ সংস্থা এএনআইক জনাইছে যে তেজস্বী যাদৱে নিজেই কৈছে যে তেওঁৰ নাম চাৰ্জ শ্বীটত ওলাব। বৰ্তমান যি ধৰণৰ পৰিৱেশে বিৰাজ কৰিছে আৰু বিজেপিয়ে যি ধৰণৰ ৰাজনীতি কৰি আছে সেয়া আছিল অনুমেয়৷

এই গোচৰটো লালু প্ৰসাদ যাদৱৰ পৰিয়ালক উপহাৰ হিচাপে মাটি দিয়া বা মাটি বিক্ৰীৰ সলনি ৰেলৱেত মানুহক চাকৰি দিয়াৰ অভিযোগৰ সৈতে জড়িত। এই বিষয়টো ২০০৪ চনৰ পৰা ২০০৯ চনলৈকে যেতিয়া লালু যাদৱ ৰেল মন্ত্ৰী আছিল তেতিয়াৰ। চিবিআইৰ অভিযোগ যে যিবোৰ মাটি লোৱা হৈছিল সেইবোৰ ৰাবৰি দেৱী আৰু তেওঁৰ কন্যা মিচা ভাৰতীৰ নামত লোৱা হৈছিল।

এই সন্দৰ্ভত বিগত মাৰ্চ মাহত চিবিআইয়ে লালু প্ৰসাদ যাদৱ, তেওঁৰ পত্নী ৰাবৰী দেৱীক ঘণ্টাৰ পিছত ঘণ্টা ধৰি জেৰা কৰিছিল। ইয়াৰ পাছত আৰজেডিয়ে কেন্দ্ৰক তীব্ৰ আক্ৰমণ কৰি কেন্দ্ৰীয় সংস্থাসমূহৰ অপব্যৱহাৰৰ অভিযোগ উত্থাপন কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু