--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চাকৰিৰ বাবে ভূমি(Land for job) কেলেংকাৰীত বৃদ্ধি পাইছে বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱ পৰিয়ালৰ অসুবিধা। এতিয়া কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই সোমবাৰে (৩ জুলাই) দিল্লীৰ ৰাউজ এভিনিউ আদালতত লেণ্ড ফৰ জব কেলেংকাৰীৰ গোচৰত অভিযোগনামা দাখিল কৰিছে। অভিযোগনামাত বিহাৰৰ উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱকে ধৰি আন কেইবাজনো লোকৰ নাম অভিযুক্ত হিচাপে সন্নিবিষ্ট কৰিছে৷

এতিয়া ১২ জুলাইত ৰাউজ এভিনিউ আদালতে এই গোচৰ সন্দৰ্ভত শুনানি গ্ৰহণ কৰিব। ইতিমধ্যে চিবিআইয়ে প্ৰাক্তন কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী লালু প্ৰসাদ যাদৱ, বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ৰাবৰী দেৱীকে ধৰি বহুকেইজনৰ বিৰুদ্ধে ভূমি-চাকৰিৰ কেলেংকাৰিৰ সৈতে জড়িত গোচৰটোত অভিযোগনামা দাখিল কৰিছে।

অভিযোগনামাত তেজস্বী যাদৱৰ নাম ওলোৱাৰ সময়ত আৰজেডিৰ ৰাষ্ট্ৰীয় উপ-সভাপতি শিৱানন্দ তিৱাৰীয়ে সংবাদ সংস্থা এএনআইক জনাইছে যে তেজস্বী যাদৱে নিজেই কৈছে যে তেওঁৰ নাম চাৰ্জ শ্বীটত ওলাব। বৰ্তমান যি ধৰণৰ পৰিৱেশে বিৰাজ কৰিছে আৰু বিজেপিয়ে যি ধৰণৰ ৰাজনীতি কৰি আছে সেয়া আছিল অনুমেয়৷

এই গোচৰটো লালু প্ৰসাদ যাদৱৰ পৰিয়ালক উপহাৰ হিচাপে মাটি দিয়া বা মাটি বিক্ৰীৰ সলনি ৰেলৱেত মানুহক চাকৰি দিয়াৰ অভিযোগৰ সৈতে জড়িত। এই বিষয়টো ২০০৪ চনৰ পৰা ২০০৯ চনলৈকে যেতিয়া লালু যাদৱ ৰেল মন্ত্ৰী আছিল তেতিয়াৰ। চিবিআইৰ অভিযোগ যে যিবোৰ মাটি লোৱা হৈছিল সেইবোৰ ৰাবৰি দেৱী আৰু তেওঁৰ কন্যা মিচা ভাৰতীৰ নামত লোৱা হৈছিল।

এই সন্দৰ্ভত বিগত মাৰ্চ মাহত চিবিআইয়ে লালু প্ৰসাদ যাদৱ, তেওঁৰ পত্নী ৰাবৰী দেৱীক ঘণ্টাৰ পিছত ঘণ্টা ধৰি জেৰা কৰিছিল। ইয়াৰ পাছত আৰজেডিয়ে কেন্দ্ৰক তীব্ৰ আক্ৰমণ কৰি কেন্দ্ৰীয় সংস্থাসমূহৰ অপব্যৱহাৰৰ অভিযোগ উত্থাপন কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে