--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পৰিৱৰ্তন হ’ল মহাৰাষ্ট্ৰৰ ৰাজনীতিৰ পৰিৱেশ৷অজিত পাৱাৰে খুৰাক শাৰদ পাৱাৰৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰি NDA মিত্ৰজোঁটৰ সৈতে সন্মিলিত হ’ল৷আৰু কালি মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে৷ইয়াৰ পূৰ্বেও ক্ষমতা ভাগ-বতৰাৰ বিষয়ক লৈ বিজেপি-শিৱসেনাৰ মিত্ৰতা যেতিয়া বিভাজন হৈছিল, তেতিয়া মহাৰাষ্ট্ৰত ২০১৯ চনৰ বিধানসভা নিৰ্বাচনৰ কিছু সময়ৰ পাছতে বিজেপিৰ দেৱেন্দ্ৰ ফাড়নাবিছে এনচিপিৰ অজিত পাৱাৰক উপ-মুখ্যমন্ত্ৰী কৰি চৰকাৰ গঠনৰ চেষ্টা চলাইছিল। কিন্তু সেই পৰিকল্পনা সফল হৈ নুঠিল৷

কিন্তু দেওবাৰে মহাৰাষ্ট্ৰত যি ঘটনা সংঘটিত হ’ল তাৰ পৰিপ্ৰেক্ষিতত তাৰ লগত বিহাৰৰ কথা কিয় কোৱা হৈছে? সেই বিষয়ে এক আলোচনা সৃষ্টি হৈছে৷এই কথাৰ সূচনা কৰিছে কেন্দ্ৰীয় মন্ত্ৰী ৰামদাস আঠৱালেই৷ কিন্তু বহুতে তেওঁক গুৰুত্বসহকাৰে লোৱা নাই। বিহাৰৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী সুশীল কুমাৰ মোদীয়েও একেধৰণৰ ভৱিষ্যদ্বাণী কৰিছে।

যিয়েই নহওক, এনে কথা-বতৰা নতুন কথা নহয়। প্ৰায় এবছৰ পূৰ্বে সিন্দে শিৱসেনা ভংগ কৰাৰ কিছু সময়ৰ পাছতে আচলতে বিহাৰত অভ্যুত্থানৰ কথা আৰম্ভ হৈছিল। দুমাহমানৰ পাছত জে ডি ইউত এনেধৰণৰ যিকোনো বিভাজন বিফল কৰিবলৈ বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে পুনৰবাৰ নিজৰ সংগী বিজেপিক আঁতৰাই দিলে আৰু তেতিয়াৰ ৰাজ্যৰ ৰাজনৈতিক বিৰোধী আৰজেডি, কংগ্ৰেছ, বাওঁপন্থীক লৈ চৰকাৰ গঠন কৰে৷

তেনে প্ৰেক্ষাপটত মহাৰাষ্ট্ৰৰ দৰে বিজেপিয়ে অন্য দলসমূহকলৈ বিহাৰৰ নেতৃত্ব ২০২৪ লোকসভা নিৰ্বাচনৰ পূৰ্বে সলনি কৰিব নেকি সেই কথাই বহু ৰাজনৈতিক বিদ্বানে সন্দেহ কৰিছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু