--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পৰিৱৰ্তন হ’ল মহাৰাষ্ট্ৰৰ ৰাজনীতিৰ পৰিৱেশ৷অজিত পাৱাৰে খুৰাক শাৰদ পাৱাৰৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰি NDA মিত্ৰজোঁটৰ সৈতে সন্মিলিত হ’ল৷আৰু কালি মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে৷ইয়াৰ পূৰ্বেও ক্ষমতা ভাগ-বতৰাৰ বিষয়ক লৈ বিজেপি-শিৱসেনাৰ মিত্ৰতা যেতিয়া বিভাজন হৈছিল, তেতিয়া মহাৰাষ্ট্ৰত ২০১৯ চনৰ বিধানসভা নিৰ্বাচনৰ কিছু সময়ৰ পাছতে বিজেপিৰ দেৱেন্দ্ৰ ফাড়নাবিছে এনচিপিৰ অজিত পাৱাৰক উপ-মুখ্যমন্ত্ৰী কৰি চৰকাৰ গঠনৰ চেষ্টা চলাইছিল। কিন্তু সেই পৰিকল্পনা সফল হৈ নুঠিল৷

কিন্তু দেওবাৰে মহাৰাষ্ট্ৰত যি ঘটনা সংঘটিত হ’ল তাৰ পৰিপ্ৰেক্ষিতত তাৰ লগত বিহাৰৰ কথা কিয় কোৱা হৈছে? সেই বিষয়ে এক আলোচনা সৃষ্টি হৈছে৷এই কথাৰ সূচনা কৰিছে কেন্দ্ৰীয় মন্ত্ৰী ৰামদাস আঠৱালেই৷ কিন্তু বহুতে তেওঁক গুৰুত্বসহকাৰে লোৱা নাই। বিহাৰৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী সুশীল কুমাৰ মোদীয়েও একেধৰণৰ ভৱিষ্যদ্বাণী কৰিছে।

যিয়েই নহওক, এনে কথা-বতৰা নতুন কথা নহয়। প্ৰায় এবছৰ পূৰ্বে সিন্দে শিৱসেনা ভংগ কৰাৰ কিছু সময়ৰ পাছতে আচলতে বিহাৰত অভ্যুত্থানৰ কথা আৰম্ভ হৈছিল। দুমাহমানৰ পাছত জে ডি ইউত এনেধৰণৰ যিকোনো বিভাজন বিফল কৰিবলৈ বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে পুনৰবাৰ নিজৰ সংগী বিজেপিক আঁতৰাই দিলে আৰু তেতিয়াৰ ৰাজ্যৰ ৰাজনৈতিক বিৰোধী আৰজেডি, কংগ্ৰেছ, বাওঁপন্থীক লৈ চৰকাৰ গঠন কৰে৷

তেনে প্ৰেক্ষাপটত মহাৰাষ্ট্ৰৰ দৰে বিজেপিয়ে অন্য দলসমূহকলৈ বিহাৰৰ নেতৃত্ব ২০২৪ লোকসভা নিৰ্বাচনৰ পূৰ্বে সলনি কৰিব নেকি সেই কথাই বহু ৰাজনৈতিক বিদ্বানে সন্দেহ কৰিছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰ্যালয়ৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য! দেশৰ প্ৰতি দহ যুৱক-যুৱতীৰ এজন নিবনুৱা
কমনৱেলথ গেমছ: টুভালুৰ টাৰোনা টাফাকীৰ বিৰুদ্ধে ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব বক্সাৰ লাভলীনা বৰগোহাঁই
উজনি অসমত বানত ক্ষতিগ্ৰস্ত ৰে’লপথ মেৰামতিৰ কাম আৰম্ভ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
নগালেণ্ডৰ বনাঞ্চল ধ্বংস কৰা বাবেই উজনি অসমৰ বানে ল’লে সংহাৰী ৰূপ: নদী বিশেষজ্ঞ
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?