--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাজনৈতিক ৰণনীতিবিদ প্ৰশান্ত কিশোৰে আজি এটা বৃহৎ দাবী কৰি কয় যে বিহাৰত গঠন হোৱা জনতা দল (ইউনাইটেড)-বিজেপি মিত্ৰজোঁট বেছি দিন স্থায়ী নহ’ব। 

নীতিশ কুমাৰে বিহাৰৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ কেইঘণ্টামান পাছত আৰু ৰাজ্যখনত নতুন চৰকাৰ গঠনৰ বাবে বিজেপি নেতৃত্বাধীন এন ডি এত পুনৰ যোগদান কৰাৰ কেইঘণ্টামান পাছতেই প্ৰশান্ত কিশোৰে এই মন্তব্য কৰিছিল৷ 

সাংবাদিকে বাৰ্তালাপ কৰি কিশোৰে কয় যে ২০২৫ চনৰ বিহাৰ বিধানসভা নিৰ্বাচনলৈকে বিহাৰত নৱগঠিত মিত্ৰজোঁট স্থায়ী নহ'ব, যাৰ সম্ভাৱ্য অৰ্থ হৈছে জেডি(ইউ)-বিজেপি চৰকাৰৰ সময় এবছৰ বা তাতকৈ কম সময় থাকিব।

নীতিশ কুমাৰে নৱমবাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে৷ দেওবাৰে সন্ধিয়া ৫ বজাত শপত গ্ৰহণ অনুষ্ঠানত দুজন উপ-মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰী আৰু বিজয় সিনহা আৰু আন ছজন কেবিনেট মন্ত্ৰীয়েও শপত গ্ৰহণ কৰিব।

২০২২ত যেতিয়া নীতিশ কুমাৰে এনডিএৰ মিত্ৰতা ত্যাগ কৰিছিল, প্ৰশান্ত কিশোৰে কৈছিল যে তেওঁ আশা কৰিছিল যে বিহাৰত ৰাজনৈতিক স্থিৰতা থাকিব। 

ৰণনীতিবিদ কিশোৰে কয়, নীতিশ কুমাৰে কৈছিল যে তেওঁ এটা নতুন অধ্যায় আৰম্ভ কৰিছে। মই আশা কৰোঁ তেওঁ বিহাৰৰ জনসাধাৰণৰ আশা-আকাংক্ষা পূৰণ কৰিব৷

লালু প্ৰসাদ যাদৱৰ ৰাষ্ট্ৰীয় জনতা দল (আৰজেডি) আৰু কংগ্ৰেছক সদস্য হিচাপে লৈ গঠিত মহাজোঁটবন্ধন মিত্ৰজোঁট ২০২০ চনৰ বিহাৰ বিধানসভা নিৰ্বাচনলৈকে নাথাকিব বুলি তেওঁৰ অতীতৰ ভৱিষ্যদ্বাণীৰ কথা উল্লেখ কৰি ৰাজনৈতিক ৰণনীতিবিদজনে উল্লেখ কৰে, ‘পিচলি বাৰ ভি মেইনে কাহা থা’ (মই যোৱাবাৰো কৈছিলো)।

নীতিশ কুমাৰে মহাজোঁটবন্ধন মিত্ৰতাৰ অধীনত পৰিস্থিতিটো সঠিক নহয় বুলি উল্লেখ কৰিছিল। তেওঁ কয় যে তেওঁ তেওঁৰ দলৰ কৰ্মীসকলকে ধৰি সকলো ঠাইৰ পৰা পৰামৰ্শ লাভ কৰি আহিছে আৰু তেওঁ এই সিদ্ধান্তলৈ আহিবলৈ তেওঁলোকৰ সকলোৰে কথা শুনিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু