--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মাদ্ৰাছাতো শিকোৱা হ’ব ৰামায়ণৰ কাহিনী। ৰামায়ণক মাদ্ৰাছাৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হৈছে। উত্তৰাখণ্ডত এই কথা কৈছে ৱাকফ ব’ৰ্ডে। চলিত বৰ্ষৰ পৰা আৰম্ভ হ’ব নতুন শিক্ষাবৰ্ষত ৰামায়ণ। ৱাকফ ব’ৰ্ডে জনাইছে যে উত্তৰাখণ্ডত তেওঁলোকৰ অধীনত থকা মাদ্ৰাছাৰ সংখ্যাৰ পাঠ্যক্ৰম সংশোধন কৰা হৈছে। পাঠ্যক্ৰমত ৰামৰ কাহিনী সুমুৱাই দিয়া হৈছে। কিন্তু সেই পাঠ্যক্ৰম ৰাজ্যৰ সকলো মাদ্ৰাছাতে কাৰ্যকৰী কৰিবলৈ কিছু সময় লাগিব।

উত্তৰাখণ্ডত ৱাকফ ব’ৰ্ডৰ অধীনত মুঠ ১১৭খন মাদ্ৰাছা আছে। অৱশ্যে বৰ্তমান ৰাজ্যৰ চাৰিখন মাদ্ৰাছাত ৰামায়ণকে ধৰি নতুন পাঠ্যক্ৰমৰ পাঠদান চলি আছে। ডেৰাডুন, হৰিদ্বাৰ, নৈনীতাল আৰু উধম সিং নগৰৰ মাদ্ৰাছাত ৰামায়ণ শিকোৱাৰ প্ৰচেষ্টা আৰম্ভ হৈছে। কিছুদিনৰ পাছত বাকী মাদ্ৰাছাসমূহত পাঠ্যক্ৰম প্ৰৱৰ্তন কৰা হ’ব।

ৱাকফ ব’ৰ্ডে কয় যে বৰ্তমান তেওঁলোকৰ হাতত নতুন পাঠ্যক্ৰম শিকোৱাৰ বাবে পৰ্যাপ্ত শিক্ষক নাই। অনাগত দিনত ৰামায়ণ পাঠদানৰ বাবে নতুন শিক্ষক নিযুক্তি দিয়া হ’ব। শীঘ্ৰে বাকী ১১৩খন মাদ্ৰাছাত নতুন পাঠ্যক্ৰম প্ৰৱৰ্তন হ’ব বুলি ব’ৰ্ডে আশাবাদী। উত্তৰাখণ্ড ৱাকফ ব’ৰ্ডৰ অধ্যক্ষ ছাদাব ছামছে এই সন্দৰ্ভত কয়, “আমি ৰামায়ণৰ লগতে কোৰআনৰ শিক্ষা দিম।” লক্ষ্মণাই ভায়েকৰ কাৰণে সকলো ত্যাগ কৰিলে। আমি আমাৰ ছাত্ৰ-ছাত্ৰীক সেইটো শিকাম। এই চাৰিখন মাদ্ৰাছাৰ বাবেও সুকীয়া ড্ৰেছ কোড নিৰ্ধাৰণ কৰা হ’ব।

চাৰিখন মাদ্ৰাছাত নতুনকৈ অধ্যক্ষ নিযুক্তি দিব ৱাকফ ব’ৰ্ডে। নতুন শিক্ষক নিযুক্তি আৰম্ভ কৰিব। ৰামায়ণ পঢ়া-শুনাত আৰাম পোৱা শিক্ষকসকলক মাদ্ৰাছাৰ বাবে নিযুক্তি দিয়া হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক