--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মাদ্ৰাছাতো শিকোৱা হ’ব ৰামায়ণৰ কাহিনী। ৰামায়ণক মাদ্ৰাছাৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হৈছে। উত্তৰাখণ্ডত এই কথা কৈছে ৱাকফ ব’ৰ্ডে। চলিত বৰ্ষৰ পৰা আৰম্ভ হ’ব নতুন শিক্ষাবৰ্ষত ৰামায়ণ। ৱাকফ ব’ৰ্ডে জনাইছে যে উত্তৰাখণ্ডত তেওঁলোকৰ অধীনত থকা মাদ্ৰাছাৰ সংখ্যাৰ পাঠ্যক্ৰম সংশোধন কৰা হৈছে। পাঠ্যক্ৰমত ৰামৰ কাহিনী সুমুৱাই দিয়া হৈছে। কিন্তু সেই পাঠ্যক্ৰম ৰাজ্যৰ সকলো মাদ্ৰাছাতে কাৰ্যকৰী কৰিবলৈ কিছু সময় লাগিব।

উত্তৰাখণ্ডত ৱাকফ ব’ৰ্ডৰ অধীনত মুঠ ১১৭খন মাদ্ৰাছা আছে। অৱশ্যে বৰ্তমান ৰাজ্যৰ চাৰিখন মাদ্ৰাছাত ৰামায়ণকে ধৰি নতুন পাঠ্যক্ৰমৰ পাঠদান চলি আছে। ডেৰাডুন, হৰিদ্বাৰ, নৈনীতাল আৰু উধম সিং নগৰৰ মাদ্ৰাছাত ৰামায়ণ শিকোৱাৰ প্ৰচেষ্টা আৰম্ভ হৈছে। কিছুদিনৰ পাছত বাকী মাদ্ৰাছাসমূহত পাঠ্যক্ৰম প্ৰৱৰ্তন কৰা হ’ব।

ৱাকফ ব’ৰ্ডে কয় যে বৰ্তমান তেওঁলোকৰ হাতত নতুন পাঠ্যক্ৰম শিকোৱাৰ বাবে পৰ্যাপ্ত শিক্ষক নাই। অনাগত দিনত ৰামায়ণ পাঠদানৰ বাবে নতুন শিক্ষক নিযুক্তি দিয়া হ’ব। শীঘ্ৰে বাকী ১১৩খন মাদ্ৰাছাত নতুন পাঠ্যক্ৰম প্ৰৱৰ্তন হ’ব বুলি ব’ৰ্ডে আশাবাদী। উত্তৰাখণ্ড ৱাকফ ব’ৰ্ডৰ অধ্যক্ষ ছাদাব ছামছে এই সন্দৰ্ভত কয়, “আমি ৰামায়ণৰ লগতে কোৰআনৰ শিক্ষা দিম।” লক্ষ্মণাই ভায়েকৰ কাৰণে সকলো ত্যাগ কৰিলে। আমি আমাৰ ছাত্ৰ-ছাত্ৰীক সেইটো শিকাম। এই চাৰিখন মাদ্ৰাছাৰ বাবেও সুকীয়া ড্ৰেছ কোড নিৰ্ধাৰণ কৰা হ’ব।

চাৰিখন মাদ্ৰাছাত নতুনকৈ অধ্যক্ষ নিযুক্তি দিব ৱাকফ ব’ৰ্ডে। নতুন শিক্ষক নিযুক্তি আৰম্ভ কৰিব। ৰামায়ণ পঢ়া-শুনাত আৰাম পোৱা শিক্ষকসকলক মাদ্ৰাছাৰ বাবে নিযুক্তি দিয়া হ’ব।
FOLLOW US F
POPULAR
FEATURE
TRENDY
'ককাদেউতা নাতি আৰু হাতী ২'ৰ প'ষ্টাৰ-ল'গ' মুকলি
ভাৰতৰ বিৰুদ্ধে এইবাৰ ৫০ শতাংশ শুল্ক ঘোষণা ট্রাম্পৰ
অসমীয়া জাতিক নিঃশেষ কৰিব খুজিলে পৰিস্থিতি বেয়া হ'ব, মুখ্যমন্ত্ৰীৰ পুনৰ সকীয়নি
৭ বছৰৰ মূৰত চীনলৈ যাব মোদী
'উচ্ছেদৰ পাছতে আমাক লাগিব নেঘেৰিবিল, পূৰ্বপুৰুষৰ ভূমি ঘূৰাই লাগিবই': অসমক হুংকাৰ দিলে নগাই
মোদীৰ প্ৰতিচ্ছবিৰে হাতেৰে সজ্জিত কৰিলে অংগবস্ত্ৰ! প্ৰধানমন্ত্ৰীলৈ বিশেষ সন্মান অসমৰ প্ৰখ্যাত ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তৰ
শ্রীহৰিকোটাৰ পৰা উৎক্ষেপণ বিশ্বৰ ব্যয়বহুল আর্থ ইমেজিং ছেটেলাইট
হাস্পতালৰ ৱাৰ্ডগাৰ্লৰ সৈতে অসংযত অৱস্থাত ধৰা পৰিল ASI সঞ্জীৱ গয়াৰী
অবৈধ কয়লাৰ কোটি কোটি টকাৰ ব্যৱসায় চলি আছে অসমত
তিনিচুকীয়া ৰে’লৱে ষ্টেচনত উদ্ধাৰ মানৱ সৰবৰাহকাৰীৰ ভয়ংকৰ ৰেকেট
বড়োলেণ্ড এফ চিৰ জয়, বিদায় কাৰ্বি আংলং মৰ্ণিং ষ্টাৰৰ
মেঘালয়ৰ হত্যাকাণ্ডৰ পটভূমিত নির্মাণ হ'ব 'হনিমুন ইন শ্বিলং'
এইবোৰ কাৰণত ঘৰত সৃষ্টি হ’ব পাৰে বাস্তু দোষ! এইদৰে কৰক চিনাক্ত
বিশিষ্ট অভিনেতা-পৰিচালক অৰুণ নাথলৈ ভবেন বৰুৱা বঁটা ঘোষণা