--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ‘টাইটানিক’ৰ তাৰকা লিওনাৰ্ডো ডিকেপ্ৰিঅ’ৰ প্ৰেম জীৱনক লৈ কেইবাদিনো ধৰি গুজৱৰ সৃষ্টি হৈছে। তাৰকাগৰাকীৰ স’তে সাঙোৰ খাইছে ভাৰতীয় মূলৰ ব্ৰিটিছ মডেল নীলম গিলৰ নাম। কেইবামাহো ধৰি বিভিন্ন ঠাইত একেলগে দেখা পোৱা গৈছে তেওঁলোকক।

কান চলচ্চিত্ৰ মহোৎসৱৰ সময়তে এই ঘটনা আৰম্ভ হৈছিল। এই দম্পতীক একেলগে উৎসৱত দেখা পোৱা যায়। ইয়াৰ পিছতে দুয়োৰে সম্পৰ্কক লৈ চৰ্চা আৰম্ভ হয়। কেইবামাহো এই জল্পনা-কল্পনা চলি থকাৰ পিছত অৱশেষত নীলমে মুকলিকৈ ক’লে।

কেইমাহমানৰ আগতে ইটালীৰ চাৰ্ডিনিয়াত ব্যক্তিগত ইয়টত দুয়োকে ৰ’দত গা ধুই থকা দেখা গৈছিল। তেতিয়াৰ পৰাই উৰাবাতৰি তীব্ৰতৰ হৈ পৰিছে। এইবাৰ নীলমে নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত লিঅ’নাৰ্ডোৰ সৈতে সম্পৰ্কৰ গুজৱ ক্লিয়াৰ কৰি কয় যে তেওঁলোক কেৱল বন্ধু।

নীলমে লিখিছে, ‘মই লিওনাৰ্ডো ডিকেপ্ৰিঅ’ৰ নতুন প্ৰেমিকা নহয়। আচলতে তেওঁৰ ঘনিষ্ঠ বন্ধুৰ লগত মোৰ সম্পৰ্ক আছে। বহু মাহ হ'ল। মই মোৰ সংগীৰ সৈতে তাত আছিলো। লিঅ’নাৰ্ডোও তাত আছিল। আশাকৰোঁ এইবাৰ মিছা কাহিনীবোৰ বন্ধ হৈ যাব।”

যোৱা মাহত মানহাটানত আন্তঃৰাষ্ট্ৰীয় মডেল গিগি হাদিদৰ সৈতে ডিনাৰ ডেটলৈ যোৱাৰ সময়ত কেমেৰাত ধৰা পৰিছিল ‘দ্য ডিপাৰ্টেড’ৰ বিখ্যাত অভিনেতাগৰাকী। ইয়াৰ পিছত মাৰ্চ মাহত অনুষ্ঠিত হোৱা অস্কাৰ পাৰ্টিতো তেওঁলোকক দেখা গৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ