--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ‘টাইটানিক’ৰ তাৰকা লিওনাৰ্ডো ডিকেপ্ৰিঅ’ৰ প্ৰেম জীৱনক লৈ কেইবাদিনো ধৰি গুজৱৰ সৃষ্টি হৈছে। তাৰকাগৰাকীৰ স’তে সাঙোৰ খাইছে ভাৰতীয় মূলৰ ব্ৰিটিছ মডেল নীলম গিলৰ নাম। কেইবামাহো ধৰি বিভিন্ন ঠাইত একেলগে দেখা পোৱা গৈছে তেওঁলোকক।

কান চলচ্চিত্ৰ মহোৎসৱৰ সময়তে এই ঘটনা আৰম্ভ হৈছিল। এই দম্পতীক একেলগে উৎসৱত দেখা পোৱা যায়। ইয়াৰ পিছতে দুয়োৰে সম্পৰ্কক লৈ চৰ্চা আৰম্ভ হয়। কেইবামাহো এই জল্পনা-কল্পনা চলি থকাৰ পিছত অৱশেষত নীলমে মুকলিকৈ ক’লে।

কেইমাহমানৰ আগতে ইটালীৰ চাৰ্ডিনিয়াত ব্যক্তিগত ইয়টত দুয়োকে ৰ’দত গা ধুই থকা দেখা গৈছিল। তেতিয়াৰ পৰাই উৰাবাতৰি তীব্ৰতৰ হৈ পৰিছে। এইবাৰ নীলমে নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত লিঅ’নাৰ্ডোৰ সৈতে সম্পৰ্কৰ গুজৱ ক্লিয়াৰ কৰি কয় যে তেওঁলোক কেৱল বন্ধু।

নীলমে লিখিছে, ‘মই লিওনাৰ্ডো ডিকেপ্ৰিঅ’ৰ নতুন প্ৰেমিকা নহয়। আচলতে তেওঁৰ ঘনিষ্ঠ বন্ধুৰ লগত মোৰ সম্পৰ্ক আছে। বহু মাহ হ'ল। মই মোৰ সংগীৰ সৈতে তাত আছিলো। লিঅ’নাৰ্ডোও তাত আছিল। আশাকৰোঁ এইবাৰ মিছা কাহিনীবোৰ বন্ধ হৈ যাব।”

যোৱা মাহত মানহাটানত আন্তঃৰাষ্ট্ৰীয় মডেল গিগি হাদিদৰ সৈতে ডিনাৰ ডেটলৈ যোৱাৰ সময়ত কেমেৰাত ধৰা পৰিছিল ‘দ্য ডিপাৰ্টেড’ৰ বিখ্যাত অভিনেতাগৰাকী। ইয়াৰ পিছত মাৰ্চ মাহত অনুষ্ঠিত হোৱা অস্কাৰ পাৰ্টিতো তেওঁলোকক দেখা গৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
১১ বছৰৰ পাছত অৰিজিৎ সিঙৰ বিতৰ্কক লৈ মুখ খুলিলে ছলমান খানে
নগ'লেও হ'ব শ্ব'ৰুম, এতিয়াৰ পৰা আমাজনৰ পৰা ক্ৰয় কৰিব পাৰিব ৰয়েল এনফিল্ডৰ বাইক!
লক্ষাধিক চাহ জনগোষ্ঠীয় ৰাইজে কঁপালে ডিব্ৰুগড়ৰ ৰাজপথ
গোলকগঞ্জত ট্ৰাকসহ ১৬ টা গোনা ম'হ জব্দ; চালক আৰু হেণ্ডিমেনক আটক
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?