--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শ্বাবানা আজমী এগৰাকী অতি আকৰ্ষণীয় তথা শক্তিশালী অভিনয়কৌশলৰ অভিনেত্ৰী৷ শেহতীয়াকৈ তেওঁক ‘ৰকী ঔৰ ৰাণী কি প্ৰেম কাহানী’ ছবিত দেখা গৈছিল, য’ত তেওঁৰ অভিনয়ক সকলোৱে প্ৰশংসা কৰিছে। এতিয়া শেহতীয়াকৈ দিয়া এক সাক্ষাৎকাৰত তেওঁ প্ৰকাশ কৰে যে কেনেকৈ এসময়ত ‘পৰবৰীশ’ৰ ছেটত অপমানৰ সন্মুখীন হৈ হিন্দী চলচ্চিত্ৰ জগত এৰিবলৈ সিদ্ধান্ত লৈছিল।তেওঁ আনকি কান্দিবলৈয়ো আৰম্ভ কৰিছিল আৰু খালী ভৰিৰে, ছবিখনৰ সাজ-পোছাক পিন্ধি ছেট এৰি ঘৰৰ ফালে আগবাঢ়িছিল।

আদি পোচাৰ সৈতে প’ডকাষ্টৰ সময়ত শ্বাবানা আজমীয়ে ‘পৰবৰীশ’ৰ শ্বুটিং কৰাৰ সময়খিনি মনত পেলাইছিল। অভিনেত্ৰীগৰাকীয়ে এনে এটা ঘটনা প্ৰকাশ কৰিলে য’ত তেওঁ ইমানেই অপমানিত অনুভৱ কৰিছিল যে তেওঁ ছবি জগতখন একেবাৰে ত্যাগ কৰিব বিচাৰিছিল!

ছবিখনৰ চিত্ৰগ্ৰহণৰ সময়ত অভিনেত্ৰীগৰাকীয়ে কৰিঅ’গ্ৰাফাৰক সুধিলে যে তেওঁ কেইটামান ষ্টেপ সলনি কৰিব পাৰিবনে? তেওঁ স্মৰণ কৰি কয়, “চেটত বহুত কনিষ্ঠ শিল্পী আছিল।নিতু সিঙে ক’লে, ‘ঠিক আছে, লাইট বন্ধ। এতিয়া শ্ববানা জীয়ে এতিয়া কমল ডান্স মাষ্টৰক কি ষ্টেপ কৰিব লাগে সেয়া শিকাবলৈ ওলাইছে’।  এয়া ইমানেই অপমানজনক আৰু বেয়া আছিল যে মই মাত্ৰ চেটৰ পৰা দৌৰি গ’লোঁ৷ মই ওলাই আহিলোঁ দেখি মোৰ গাড়ী নাই গতিকে সেই কাপোৰ পিন্ধি মই খালী ভৰিৰে খোজ কাঢ়ি জুহুত থকা মোৰ ঘৰলৈ যাবলৈ ধৰিলোঁ, কান্দি কান্দি নিজক ক’লোঁ ‘মই আৰু কোনো হিন্দী ছবিত কাম কৰিবলৈ নাযাওঁ। মই এই অপমান নিবিচাৰো।”

পৰিচালক মনমোহন দেশাইয়েই পাছত তেওঁৰ ওচৰত ক্ষমা খুজিছিল।উল্লেখ্য যে ১৯৭৭ চনত মুক্তি পোৱা ‘পৰবৰীশ’ত অমিতাভ বচ্চন, নীতু সিং, শম্মি কাপুৰ আৰু বিনোদ খান্নাই গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছিল। ইয়াৰ পৰিচালনা কৰিছিল মনমোহন দেশাইয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ