--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শ্বাবানা আজমী এগৰাকী অতি আকৰ্ষণীয় তথা শক্তিশালী অভিনয়কৌশলৰ অভিনেত্ৰী৷ শেহতীয়াকৈ তেওঁক ‘ৰকী ঔৰ ৰাণী কি প্ৰেম কাহানী’ ছবিত দেখা গৈছিল, য’ত তেওঁৰ অভিনয়ক সকলোৱে প্ৰশংসা কৰিছে। এতিয়া শেহতীয়াকৈ দিয়া এক সাক্ষাৎকাৰত তেওঁ প্ৰকাশ কৰে যে কেনেকৈ এসময়ত ‘পৰবৰীশ’ৰ ছেটত অপমানৰ সন্মুখীন হৈ হিন্দী চলচ্চিত্ৰ জগত এৰিবলৈ সিদ্ধান্ত লৈছিল।তেওঁ আনকি কান্দিবলৈয়ো আৰম্ভ কৰিছিল আৰু খালী ভৰিৰে, ছবিখনৰ সাজ-পোছাক পিন্ধি ছেট এৰি ঘৰৰ ফালে আগবাঢ়িছিল।

আদি পোচাৰ সৈতে প’ডকাষ্টৰ সময়ত শ্বাবানা আজমীয়ে ‘পৰবৰীশ’ৰ শ্বুটিং কৰাৰ সময়খিনি মনত পেলাইছিল। অভিনেত্ৰীগৰাকীয়ে এনে এটা ঘটনা প্ৰকাশ কৰিলে য’ত তেওঁ ইমানেই অপমানিত অনুভৱ কৰিছিল যে তেওঁ ছবি জগতখন একেবাৰে ত্যাগ কৰিব বিচাৰিছিল!

ছবিখনৰ চিত্ৰগ্ৰহণৰ সময়ত অভিনেত্ৰীগৰাকীয়ে কৰিঅ’গ্ৰাফাৰক সুধিলে যে তেওঁ কেইটামান ষ্টেপ সলনি কৰিব পাৰিবনে? তেওঁ স্মৰণ কৰি কয়, “চেটত বহুত কনিষ্ঠ শিল্পী আছিল।নিতু সিঙে ক’লে, ‘ঠিক আছে, লাইট বন্ধ। এতিয়া শ্ববানা জীয়ে এতিয়া কমল ডান্স মাষ্টৰক কি ষ্টেপ কৰিব লাগে সেয়া শিকাবলৈ ওলাইছে’।  এয়া ইমানেই অপমানজনক আৰু বেয়া আছিল যে মই মাত্ৰ চেটৰ পৰা দৌৰি গ’লোঁ৷ মই ওলাই আহিলোঁ দেখি মোৰ গাড়ী নাই গতিকে সেই কাপোৰ পিন্ধি মই খালী ভৰিৰে খোজ কাঢ়ি জুহুত থকা মোৰ ঘৰলৈ যাবলৈ ধৰিলোঁ, কান্দি কান্দি নিজক ক’লোঁ ‘মই আৰু কোনো হিন্দী ছবিত কাম কৰিবলৈ নাযাওঁ। মই এই অপমান নিবিচাৰো।”

পৰিচালক মনমোহন দেশাইয়েই পাছত তেওঁৰ ওচৰত ক্ষমা খুজিছিল।উল্লেখ্য যে ১৯৭৭ চনত মুক্তি পোৱা ‘পৰবৰীশ’ত অমিতাভ বচ্চন, নীতু সিং, শম্মি কাপুৰ আৰু বিনোদ খান্নাই গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছিল। ইয়াৰ পৰিচালনা কৰিছিল মনমোহন দেশাইয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু