--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ ৰাজধানীত একেৰাহে দুটা কাণ্ড (শ্ৰদ্ধা ৱাকাৰ হত্যাকাণ্ড আৰু নিকি যাদৱ হত্যাকাণ্ড) সংঘটিত হোৱাৰ পিছত এতিয়া মহাৰাষ্ট্ৰৰ পালঘৰত সংঘটিত হোৱা এনে এক ঘটনাই দেশক কঁপাই তুলিছে। পালঘৰৰ তুলিঞ্জ অঞ্চলৰ লিন-ইনত বাস কৰা এজন যুৱকে প্ৰেমিকাক হত্যা কৰি বিচনাৰ ভিতৰত মৃতদেহ লুকুৱাই ৰাখিছিল। ঘটনা পোহৰলৈ অহাত আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰে। তথ্য দি আৰক্ষীয়ে কয় যে ঘটনাৰ দিনটোত কোনো এটা বিষয়ক লৈ দুয়োৰে মাজত কাজিয়া হৈছিল, যাৰ বাবে যুৱকজনে প্ৰেমিকাক হত্যা কৰিছিল। সম্প্ৰতি আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।

মৃত মেঘা (৩৭) এখন চিকিৎসালয়ৰ নাৰ্চ আছিল। তথ্য দি গোচৰটোৰ তদন্ত কৰি থকা তুলিঞ্জ থানাৰ এছ এইচ অ’ই জানিবলৈ দিয়ে যে মৃত মেঘা (৩৭) এখন চিকিৎসালয়ৰ নাৰ্ছ আছিল। সোমবাৰে মেঘাৰ ভাড়াঘৰত উদ্ধাৰ হয় মৃতদেহ। ঘৰৰ পৰা দুৰ্গন্ধ অহাৰ পিছত চুবুৰীয়াই আৰক্ষীৰ কণ্ট্ৰল ৰুমত খবৰ দিয়ে। 

আৰক্ষীয়ে ঘৰত তালাচী চলাওঁতে মেঘাৰ মৃতদেহ বিচনাৰ বাকচত মেট্ৰেচ এখনৰে মেৰিয়াই থোৱা অৱস্থাত উদ্ধাৰ কৰে। অভিযুক্ত হাৰ্ডিক শ্বাহে জেৰাৰ সময়ত নিজৰ অপৰাধ মানি লৈছে। অভিযুক্তই কয় যে তেওঁ আৰু মেঘাই লিভ-ইনত বাস কৰিছিল যদিও দুয়োৰে মাজত সঘনাই কাজিয়া হৈছিল। সেইদিনাও কাজিয়া কৰি তেওঁ মেঘাক হত্যা কৰি মৃতদেহ বিচনাত লুকুৱাই ৰাখিছিল।
हत्या के बाद फर्नीचर बेचा, मुंबई से राजस्थान भागते समय MP में पकड़ा गया |  Maharashtra Murder Mystery; Live-in Partner Kills Girlfriend In Nalasopara  - Dainik Bhaskar
হাৰ্ডিক শ্বাহে আৰক্ষীক জনোৱা মতে, চাকৰিৰ অভাৱৰ বাবে তেওঁ দীৰ্ঘদিন ধৰি নিবনুৱা হৈ আছিল, যাৰ বাবে আগতে দুয়োৰে মাজত কাজিয়া হৈছিল। হাৰ্ডিকে মেঘাৰ হত্যাকাণ্ডৰ বিষয়েও ভগ্নীক অৱগত কৰিছিল। তদন্তত আৰক্ষীয়ে জানিব পাৰে যে অভিযুক্তই মেঘাক ইউএছবি কেবলেৰে ডিঙি চেপি হত্যা কৰিছিল। 

উল্লেখ্য যে ইয়াৰ পূৰ্বে দিল্লীৰ মেহৰৌলি অঞ্চলত আফতাব আমিন পুনাৱালা নামৰ এজন যুৱকে নিজৰ লিভ ইন পাৰ্টনাৰ শ্ৰদ্ধা ৱাকাৰক ডিঙি চেপি হত্যা কৰিছিল। হত্যাকাণ্ডৰ পিছত অভিযুক্তই ঘৰৰ ডিপ ফ্ৰীজৰ ভিতৰত ৩৫ টুকুৰা কৰি মৃতদেহ লুকুৱাই ৰাখিছিল। ইয়াৰ পাছত দিল্লীত ১০ ফেব্ৰুৱাৰীত নিকি যাদৱ নামৰ যুৱতীগৰাকীক ডিঙি চেপি হত্যা কৰে লিভ-ইন পাৰ্টনাৰ ছাহিল গেহলটে। এই মৃতদেহ ধাবাৰ এটা ফ্ৰীজত লুকুৱাই ৰাখিছিল ছাহিলে। নিকিৰ মৃতদেহ উদ্ধাৰ হয় ১৪ ফেব্ৰুৱাৰীত।







FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
Advertisement