--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ ৰাজধানীত একেৰাহে দুটা কাণ্ড (শ্ৰদ্ধা ৱাকাৰ হত্যাকাণ্ড আৰু নিকি যাদৱ হত্যাকাণ্ড) সংঘটিত হোৱাৰ পিছত এতিয়া মহাৰাষ্ট্ৰৰ পালঘৰত সংঘটিত হোৱা এনে এক ঘটনাই দেশক কঁপাই তুলিছে। পালঘৰৰ তুলিঞ্জ অঞ্চলৰ লিন-ইনত বাস কৰা এজন যুৱকে প্ৰেমিকাক হত্যা কৰি বিচনাৰ ভিতৰত মৃতদেহ লুকুৱাই ৰাখিছিল। ঘটনা পোহৰলৈ অহাত আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰে। তথ্য দি আৰক্ষীয়ে কয় যে ঘটনাৰ দিনটোত কোনো এটা বিষয়ক লৈ দুয়োৰে মাজত কাজিয়া হৈছিল, যাৰ বাবে যুৱকজনে প্ৰেমিকাক হত্যা কৰিছিল। সম্প্ৰতি আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।

মৃত মেঘা (৩৭) এখন চিকিৎসালয়ৰ নাৰ্চ আছিল। তথ্য দি গোচৰটোৰ তদন্ত কৰি থকা তুলিঞ্জ থানাৰ এছ এইচ অ’ই জানিবলৈ দিয়ে যে মৃত মেঘা (৩৭) এখন চিকিৎসালয়ৰ নাৰ্ছ আছিল। সোমবাৰে মেঘাৰ ভাড়াঘৰত উদ্ধাৰ হয় মৃতদেহ। ঘৰৰ পৰা দুৰ্গন্ধ অহাৰ পিছত চুবুৰীয়াই আৰক্ষীৰ কণ্ট্ৰল ৰুমত খবৰ দিয়ে। 

আৰক্ষীয়ে ঘৰত তালাচী চলাওঁতে মেঘাৰ মৃতদেহ বিচনাৰ বাকচত মেট্ৰেচ এখনৰে মেৰিয়াই থোৱা অৱস্থাত উদ্ধাৰ কৰে। অভিযুক্ত হাৰ্ডিক শ্বাহে জেৰাৰ সময়ত নিজৰ অপৰাধ মানি লৈছে। অভিযুক্তই কয় যে তেওঁ আৰু মেঘাই লিভ-ইনত বাস কৰিছিল যদিও দুয়োৰে মাজত সঘনাই কাজিয়া হৈছিল। সেইদিনাও কাজিয়া কৰি তেওঁ মেঘাক হত্যা কৰি মৃতদেহ বিচনাত লুকুৱাই ৰাখিছিল।
हत्या के बाद फर्नीचर बेचा, मुंबई से राजस्थान भागते समय MP में पकड़ा गया |  Maharashtra Murder Mystery; Live-in Partner Kills Girlfriend In Nalasopara  - Dainik Bhaskar
হাৰ্ডিক শ্বাহে আৰক্ষীক জনোৱা মতে, চাকৰিৰ অভাৱৰ বাবে তেওঁ দীৰ্ঘদিন ধৰি নিবনুৱা হৈ আছিল, যাৰ বাবে আগতে দুয়োৰে মাজত কাজিয়া হৈছিল। হাৰ্ডিকে মেঘাৰ হত্যাকাণ্ডৰ বিষয়েও ভগ্নীক অৱগত কৰিছিল। তদন্তত আৰক্ষীয়ে জানিব পাৰে যে অভিযুক্তই মেঘাক ইউএছবি কেবলেৰে ডিঙি চেপি হত্যা কৰিছিল। 

উল্লেখ্য যে ইয়াৰ পূৰ্বে দিল্লীৰ মেহৰৌলি অঞ্চলত আফতাব আমিন পুনাৱালা নামৰ এজন যুৱকে নিজৰ লিভ ইন পাৰ্টনাৰ শ্ৰদ্ধা ৱাকাৰক ডিঙি চেপি হত্যা কৰিছিল। হত্যাকাণ্ডৰ পিছত অভিযুক্তই ঘৰৰ ডিপ ফ্ৰীজৰ ভিতৰত ৩৫ টুকুৰা কৰি মৃতদেহ লুকুৱাই ৰাখিছিল। ইয়াৰ পাছত দিল্লীত ১০ ফেব্ৰুৱাৰীত নিকি যাদৱ নামৰ যুৱতীগৰাকীক ডিঙি চেপি হত্যা কৰে লিভ-ইন পাৰ্টনাৰ ছাহিল গেহলটে। এই মৃতদেহ ধাবাৰ এটা ফ্ৰীজত লুকুৱাই ৰাখিছিল ছাহিলে। নিকিৰ মৃতদেহ উদ্ধাৰ হয় ১৪ ফেব্ৰুৱাৰীত।







FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু