--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃমুকেশ আম্বানীয়ে ইংলিছ প্ৰিমিয়াৰ ক্লাব ক্ৰয় কৰিবলৈ মনস্থ কৰিছে৷  ইতিমধ্যে ইংলেণ্ডত কেইবাটাও ক্লাব বিক্ৰী কৰিবলৈ চেষ্টা কৰি থকা হৈছে। বিশ্বৰ অন্যতম ধনী ব্যক্তি আম্বানীয়ে এইবোৰৰ মাজৰে এটা  ক্লাবৰ গৰাকী হ'ব পাৰে। কিছুদিন আগতে চৰ্চা হৈছিল  যে আম্বানীয়ে লিভাৰপুলৰ ক্লাব ক্ৰয় কৰিবলৈ মন কৰিছে। কিন্তু এতিয়া জনা গৈছে যে ভাৰতীয় কোটিপতিগৰাকীয়ে  তেওঁৰ মন সলনি কৰিছে। তেওঁ তেওঁৰ পুত্ৰৰ প্ৰিয় ক্লাবটোহে কিনিবলৈ বিচাৰিছে৷ 

মুকেশ আম্বানীৰ পুত্ৰ আকাশ আৰ্সেনালৰ এজন ডাঙৰ অনুৰাগী। সেইবাবেই  আম্বানীয়ে  ফুটবলৰ পৃথিৱীত ভৰি দিয়াৰ আগতে তেওঁৰ পুত্ৰৰ পচন্দক অগ্ৰাধিকাৰ দিব বিচাৰিছে। আম্বানী গোটে প্ৰথমতে লিভাৰপুল ক্ৰয় কৰিব বিচাৰিছিল। কিন্তু পিছত মুকেশ আম্বানীয়ে তেওঁৰ পুত্ৰৰ পচন্দত মতে ইপিএল ক্লাব ক্ৰয় কৰাৰ কথা ভাবিছে। কেইদিনমান আগতে, খবৰ পোৱা গৈছিল যে ইপিএল ক্লাবটো বিক্ৰী কৰিবলৈ ক্লাবটৰগৰাকীসকল আগ্ৰহী।

উল্লেখ্য ইয়াৰ পূৰ্বেও আদানিয়ে   ইপিএল ক্লাব ক্ৰয় কৰাৰ বিষয়ে চৰ্চা হৈছিল। আনকি আম্বানীয়ে  লিভাৰপুল কৰ্তৃপক্ষৰ সৈতে যোগাযোগো স্থাপন কৰিছিল৷ পৃথিৱীৰ অন্যতম জনপ্ৰিয় ফুটবল ক্লাবটো ক্ৰয় কৰাৰ যুঁজত আন বহুতো বিলিয়নেয়াৰ আছিল। সম্ভৱতঃ সেইকাৰণে ভাৰতীয় কোটিপতিজনে লিভাৰপুল ক্ৰয় কৰাৰ দৌৰৰ পৰা আঁতৰি আহিছে৷ দৰাচলতে, আম্বানী নিজেএজন ক্ৰীড়া প্ৰেমী। মুম্বাই ইণ্ডিয়ানছৰ দৰে সফল ফ্ৰেঞ্চাইজি চলোৱাৰ অভিজ্ঞতাও তেওঁৰ আছে। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক