--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নাৰী সুৰক্ষাৰ প্ৰতি চৰম ভাবুকিপূৰ্ণ পৰিস্থিতিৰ সময়তে মহিলাসকলৰ আত্মৰক্ষাৰ বাবে এক নতুন প্ৰযুক্তিৰ উদ্ভাৱনেৰে চৰ্চালৈ আহিছে এগৰাকী দশম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰী।

কৰ্ণাটকৰ কালাবুৰাগীৰ এখন বিদ্যালয়ৰ ছাত্ৰীগৰাকীয়ে নিৰ্মাণ কৰি উলিয়াইছে এযোৰ বিশেষ জোতা। এই জোতাযোৰৰ জৰিয়তে মহিলাসকলে দুৰ্বৃত্তই তেওঁলোকৰ ওপৰত কৰা অসৎ আচৰণৰ পৰা নিজকে ৰক্ষা কৰিব পাৰিব।

কালবুৰ্গীৰ এছ আৰ এন মেহতা বিদ্যালয়ৰ বিজয়লক্ষ্মী বিৰাদাৰ নামৰ দশম শ্ৰেণীৰ ছাত্ৰীগৰাকীয়ে নিৰ্মাণ কৰা এই নতুন জোতাযোৰত কিছু বিশেষ প্ৰযুক্তি সংযোগ কৰিছে।

বিজয়লক্ষ্মীয়ে জানিবলৈ দিয়া মতে, যেতিয়া কোনো অপৰাধীয়ে মহিলাসকলক আক্ৰমণ কৰিবলৈ চেষ্টা কৰে, তেতিয়া এই জোতাযোৰে গোৰ মাৰি দুৰ্বৃত্তক বিদ্যুৎস্পৃষ্ট কৰিব পাৰিব।

বেটাৰী সংযোগ থকা এই জোতাৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হ’ব আৰু এই জোতাযোৰে মহিলাসকলক অপৰাধীৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰিব বুলি বিজয়লক্ষ্মীয়ে মন্তব্য কৰে।

তদুপৰি জোতাযোৰত জিপিএছ ব্যৱস্থাও সংযোগ কৰা হৈছে। এই সেৱাৰ জৰিয়তে কোনো সমস্যাৰ সন্মুখীন হোৱা মহিলাগৰাকীয়ে পিতৃ-মাতৃলৈ সতৰ্কবাণী প্ৰেৰণ কৰাৰ লগতে তেওঁৰ লাইভ ল’কেচন পঠিয়াব পাৰিব।

বিদ্যালয়খনৰ এগৰাকী শিক্ষকে জানিবলৈ দিয়া মতে, বিজয়লক্ষ্মীয়ে সপ্তম শ্ৰেণীত পঢ়ি থকাৰ সময়তে অৰ্থাৎ ২০১৮ চনত এই প্ৰযুক্তি নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল। শিক্ষকগৰাকীয়ে লগতে প্ৰকাশ কৰা মতে এনে প্ৰযুক্তি নিৰ্মাণৰ বাবে বিজয়লক্ষ্মীয়ে বহু বঁটা লাভ কৰিছে।

শেহতীয়াকৈ বিজয়লক্ষ্মীয়ে নিজৰ প্ৰকল্পৰ বাবে গোৱাত আন্তঃৰাষ্ট্ৰীয় আৱিষ্কাৰ আৰু উদ্ভাৱন এক্সপ’ বঁটা লাভ কৰিছিল বুলি জানিব পৰা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু