--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নাৰী সুৰক্ষাৰ প্ৰতি চৰম ভাবুকিপূৰ্ণ পৰিস্থিতিৰ সময়তে মহিলাসকলৰ আত্মৰক্ষাৰ বাবে এক নতুন প্ৰযুক্তিৰ উদ্ভাৱনেৰে চৰ্চালৈ আহিছে এগৰাকী দশম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰী।

কৰ্ণাটকৰ কালাবুৰাগীৰ এখন বিদ্যালয়ৰ ছাত্ৰীগৰাকীয়ে নিৰ্মাণ কৰি উলিয়াইছে এযোৰ বিশেষ জোতা। এই জোতাযোৰৰ জৰিয়তে মহিলাসকলে দুৰ্বৃত্তই তেওঁলোকৰ ওপৰত কৰা অসৎ আচৰণৰ পৰা নিজকে ৰক্ষা কৰিব পাৰিব।

কালবুৰ্গীৰ এছ আৰ এন মেহতা বিদ্যালয়ৰ বিজয়লক্ষ্মী বিৰাদাৰ নামৰ দশম শ্ৰেণীৰ ছাত্ৰীগৰাকীয়ে নিৰ্মাণ কৰা এই নতুন জোতাযোৰত কিছু বিশেষ প্ৰযুক্তি সংযোগ কৰিছে।

বিজয়লক্ষ্মীয়ে জানিবলৈ দিয়া মতে, যেতিয়া কোনো অপৰাধীয়ে মহিলাসকলক আক্ৰমণ কৰিবলৈ চেষ্টা কৰে, তেতিয়া এই জোতাযোৰে গোৰ মাৰি দুৰ্বৃত্তক বিদ্যুৎস্পৃষ্ট কৰিব পাৰিব।

বেটাৰী সংযোগ থকা এই জোতাৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হ’ব আৰু এই জোতাযোৰে মহিলাসকলক অপৰাধীৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰিব বুলি বিজয়লক্ষ্মীয়ে মন্তব্য কৰে।

তদুপৰি জোতাযোৰত জিপিএছ ব্যৱস্থাও সংযোগ কৰা হৈছে। এই সেৱাৰ জৰিয়তে কোনো সমস্যাৰ সন্মুখীন হোৱা মহিলাগৰাকীয়ে পিতৃ-মাতৃলৈ সতৰ্কবাণী প্ৰেৰণ কৰাৰ লগতে তেওঁৰ লাইভ ল’কেচন পঠিয়াব পাৰিব।

বিদ্যালয়খনৰ এগৰাকী শিক্ষকে জানিবলৈ দিয়া মতে, বিজয়লক্ষ্মীয়ে সপ্তম শ্ৰেণীত পঢ়ি থকাৰ সময়তে অৰ্থাৎ ২০১৮ চনত এই প্ৰযুক্তি নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল। শিক্ষকগৰাকীয়ে লগতে প্ৰকাশ কৰা মতে এনে প্ৰযুক্তি নিৰ্মাণৰ বাবে বিজয়লক্ষ্মীয়ে বহু বঁটা লাভ কৰিছে।

শেহতীয়াকৈ বিজয়লক্ষ্মীয়ে নিজৰ প্ৰকল্পৰ বাবে গোৱাত আন্তঃৰাষ্ট্ৰীয় আৱিষ্কাৰ আৰু উদ্ভাৱন এক্সপ’ বঁটা লাভ কৰিছিল বুলি জানিব পৰা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক