--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ট্ৰেভিছ হেডে এককভাৱে ৰোহিত শৰ্মাৰ বিশ্বকাপৰ ফাইনেলত জয়ী হোৱাৰ আশাৰ অন্ত পেলায়। পেট কামিন্সৰ দলৰ নায়কে ব্রিজবেনত মূৰ তল কৰি খেলপথাৰ এৰিবলগীয়া হৈছিল৷ ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্টৰ দুয়োটা ইনিংছতে শূন্য ৰাণেৰে আউট হয়।

দ্বিতীয় ইনিংছত জয়ী হ’বলৈ অষ্ট্ৰেলিয়াক ২১৬ ৰানৰ প্ৰয়োজন। যদিও টাৰ্গেট ডাঙৰ নাছিল, হেডে দলটোক আত্মবিশ্বাস দিব পৰা নাছিল। দ্বিতীয় ইনিংছতো শূন্য ৰাণৰ বাবে আউট হৈছিল। শ্বামাৰ জোচেফে প্ৰথম বলতে তেওঁক বল্ড কৰে। প্ৰথম ইনিংছতো কেমাৰ ৰ’চে তেওঁক প্ৰথম বলতে বল্ড আউট কৰে। অৰ্থাৎ ব্রিজবেন টেষ্টৰ দুয়োটা ইনিংছতে হেডে ‘গোল্ডেন ডাক’ কৰিছিল৷ তেওঁ এটা লজ্জাজনক আদৰ্শ দাঙি ধৰিলে। তেওঁ ‘কিং পেয়াৰ’ (টেষ্টৰ দুয়োটা ইনিংছতে সোণালী হাঁহ বা প্ৰথম বলত শূন্য ৰাণ আউট) স্ক’ৰ কৰা তৃতীয়জন অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয়।

২০০১ চনত ইডেন গাৰ্ডেনত ‘কিং পেয়াৰ’ নিৰ্মাণ কৰা প্ৰথমজন অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয় এডাম গিলক্ৰিষ্ট। ২০১০ চনত এডিলেইডত ইংলেণ্ডৰ বিৰুদ্ধে অষ্ট্ৰেলিয়াৰ ৰিয়ান হেৰিছেও একেধৰণৰ উদাহৰণ দাঙি ধৰিছিল। দেওবাৰে তালিকাত সংযোজন হ’ল হেডৰ নাম। বিশ্বৰ ২৪ সংখ্যক ক্ৰিকেটাৰ হিচাপে তেওঁ টেষ্টত এই নজিৰ গঢ়ি তুলিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ