--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানৰ ক্ৰিকেটত কিবা এটা অস্থিৰতা হৈয়েই থাকে। কিন্তু এইবাৰ পাকিস্তান ক্ৰিকেট ব’ৰ্ড (পিচিবি) বা জাতীয় দলটো এই অস্থিৰতাৰ কেন্দ্ৰবিন্দু নহয়। মহিলাৰ ঘৰুৱা ক্ৰিকেটত অস্থিৰতা। মহিলা ৰাষ্ট্ৰীয় ক্ৰিকেট চেম্পিয়নশ্বিপৰ সময়ত কাজিয়া কৰা তিনিগৰাকী মহিলা ক্ৰিকেটাৰক নিলম্বিত কৰা হৈছে।

পাকিস্তানৰ সংবাদ মাধ্যম জিঅ’ ছুপাৰৰ এক প্ৰতিবেদন অনুসৰি অভিযুক্ত ক্ৰিকেটাৰ তিনিগৰাকী হৈছে ছাদাফ ছামছ, ইউছৰা আৰু আয়েছা বিলাল। কিন্তু খেলপথাৰত নহয়, দলৰ হোটেলত তিনিজন ক্ৰিকেটাৰৰ মাজত কাজিয়া। কোনোবা এটা বিষয়ত তেওঁলোকৰ মাজত প্ৰথম গুণগুণনি আৰম্ভ হ’ল। গুণগুণনিৰ পৰাই কাজিয়া আৰম্ভ হয়। ছাদাফ আৰু ইউছুৰাই আয়েছাক মাৰপিট কৰাৰ অভিযোগ। নাকত গুৰুতৰভাৱে আঘাত পাইছিল। তেওঁৰ নাকৰ পৰাও তেজ ওলোৱা দেখা গৈছিল।

আয়েশাই প্ৰথমে কাকো এই কথা কোৱা নাছিল। দুদিন পিছত পিচিবিয়ে ছাদাফ আৰু ইউছুৰাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। ইয়াৰ পিছত তিনিজন ক্ৰিকেটাৰক সাময়িকভাৱে নিষেধাজ্ঞা আৰু নিলম্বন কৰা হয়। তিনিওজনকে সকলো ধৰণৰ ক্ৰিকেটৰ পৰা আঁতৰি থাকিবলৈ কোৱা হৈছে।

পাকিস্তানৰ মহিলা ক্ৰিকেট অধ্যক্ষ তনয়া মালিকক এই ঘটনাৰ তদন্তৰ দায়িত্ব দিয়া হৈছে। অভিযুক্তৰ লগত কথা পাতিবলৈ ৰাৱালপিণ্ডীলৈ গৈছিল। তাতেই অনুষ্ঠিত হৈছে মহিলা ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ। তিনিওজন অভিযুক্ত লাহোৰৰ ক্ৰিকেটাৰ। দলটোৰ নেতৃত্বত আছে পাকিস্তান মহিলা দলৰ অধিনায়ক নিদা দাৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু