--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰেম এনেকুৱাও হ'ব নালাগে যে সমাজ লজ্জানত হ'ব লগা হয়। এক লজ্জাজনক প্ৰেম কাহিনী শুনি সকলোৱে ইচ ইচ আচ আচ কৰিছে।  এই প্ৰেম কাহিনী ঘটিছে শাহুৱেক আৰু জোঁৱাইৰ মাজত। জোঁৱায়েকে শাহুৱেকক নিজৰ কৰি পাবলৈ পলুৱাই নিয়ে। শহুৰেকক মদ খুৱাই শাহুৱেকক পলুৱাই লৈ যায় জোঁৱায়েকে। 

ৰাজস্থানৰ ছিৰোহী জিলাত ঘটিছে এই অদ্ভুত ঘটনা। চাৰিটা সন্তানৰ মাতৃগৰাকী ২৭ বছৰীয়া জোঁৱাইৰ সৈতে পলায়ন কৰে। ৰমেশ যোগী নামৰ এজন ব্যক্তিয়ে ৰাজস্থানৰ ছিৰোহীৰ আনদৰা থানা অঞ্চলৰ নাৰায়াণ স্বামী নামৰ এজন যুৱকলৈ বিয়া দিয়ে নিজৰ কন্যাক। তেতিয়াৰ পৰাই নাৰায়ণ স্বামীৰ শহুৰেকৰ ঘৰলৈ অহা যোৱা চলি থাকে।

এই অহা-যোৱাবোৰৰ মাজতে নাৰায়ণৰ শাহুৱেকৰ লগত গোপনে প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠে। সকলোৰে চকুত ধূলি দি জোঁৱাই আৰু শাহুৱেকে প্ৰেম চলাই নিয়ে। 

যোৱা ৩০ ডিচেম্বৰত পুনৰ শহুৰেকৰ ঘৰলৈ ফুৰিবলৈ আহে নাৰায়ণ। নতুন বছৰক আদৰাৰ আনন্দত জোঁৱাই আৰু শহুৰেকে মিলি সুৰাপান কৰে। নিজে কম মদ খাই শহুৰেকক ডিঙিলৈকে মদ খুৱায় জোঁৱাই নাৰায়ণে। সুৰাৰ নিচাত একো ক'ব নোৱাৰা হৈ শুই পৰে শহুৰেক। সেই সুযোগতেই জোঁৱাই নাৰায়ণে পলুৱাই লৈ যায় শাহুৱেকক।

নিচা ফটাৰ পাছত সাৰ পাই ৰমেশে দেখে যে জোঁৱাই নাৰায়ণ আৰু তেওঁৰ পত্নী ঘৰৰ পৰা নিৰুদ্দেশ হৈছে। ৰমেশে দুয়োকে ইফালে সিফালে বিচাৰিবলৈ ধৰে। পাছত তেওঁ গম পায় যে তেওঁৰ পত্নী জোঁৱাইৰ সৈতে পলাইহে গৈছে। 

পত্নীক প্ৰলোভন দি পলুৱাই লৈ যোৱা বুলি জোঁৱাই নাৰায়ণৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল কৰিছে ৰমেশ যোগীয়ে। ৰমেশৰ এজাহাৰ সন্দৰ্ভত  আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।
















FOLLOW US F
POPULAR
FEATURE
TRENDY
পাঁচ বছৰত বন্ধ ২৩ সহস্রাধিক চৰকাৰী বিদ্যালয়
বেংক ঋণ জালিয়াতিৰ গোচৰ ! অনিল আম্বানিৰ বাসভৱনত চি বি আইৰ তালাচী
১৩ ছেপ্টেম্বৰত প্রধানমন্ত্রীয়ে উদ্বোধন কৰিব মিজোৰামৰ নতুন ৰে'লপথ
ডুৰাণ্ড কাপত নৰ্থ-ইষ্ট ইউনাইটেডৰ অভিলেখ
দুদিনীয়া ভ্রমণসূচীৰে বাংলাদেশত পাকিস্তানৰ উপ-প্রধানমন্ত্রী
৯০% মছজিদৰ ইমাম 'অচিনাকি' মানুহ, ৰাজ্যিক বিজেপিৰ মুখপাত্র মমিনুল আৱালৰ বিস্ফোৰণ
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
অটো চালক জামছেদ আলীৰ অসভ্যালি! মহিলাক যাত্ৰীক গন্তব্য স্থানৰ পৰিবৰ্তে অন্য স্থানলৈ নিয়াৰ চেষ্টা
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
১৩টা বলত ৫০ ৰান! ১৩৬ বছৰীয়া অভিলেখ ভংগ এইগৰাকী খেলুৱৈৰ
কোটিপতি অৰ্জুন তেণ্ডুলকাৰ! আপুনি জানেনে জুনিয়ৰ শচীনৰ নেট ৱৰ্থ?
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ