--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰেম এনেকুৱাও হ'ব নালাগে যে সমাজ লজ্জানত হ'ব লগা হয়। এক লজ্জাজনক প্ৰেম কাহিনী শুনি সকলোৱে ইচ ইচ আচ আচ কৰিছে।  এই প্ৰেম কাহিনী ঘটিছে শাহুৱেক আৰু জোঁৱাইৰ মাজত। জোঁৱায়েকে শাহুৱেকক নিজৰ কৰি পাবলৈ পলুৱাই নিয়ে। শহুৰেকক মদ খুৱাই শাহুৱেকক পলুৱাই লৈ যায় জোঁৱায়েকে। 

ৰাজস্থানৰ ছিৰোহী জিলাত ঘটিছে এই অদ্ভুত ঘটনা। চাৰিটা সন্তানৰ মাতৃগৰাকী ২৭ বছৰীয়া জোঁৱাইৰ সৈতে পলায়ন কৰে। ৰমেশ যোগী নামৰ এজন ব্যক্তিয়ে ৰাজস্থানৰ ছিৰোহীৰ আনদৰা থানা অঞ্চলৰ নাৰায়াণ স্বামী নামৰ এজন যুৱকলৈ বিয়া দিয়ে নিজৰ কন্যাক। তেতিয়াৰ পৰাই নাৰায়ণ স্বামীৰ শহুৰেকৰ ঘৰলৈ অহা যোৱা চলি থাকে।

এই অহা-যোৱাবোৰৰ মাজতে নাৰায়ণৰ শাহুৱেকৰ লগত গোপনে প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠে। সকলোৰে চকুত ধূলি দি জোঁৱাই আৰু শাহুৱেকে প্ৰেম চলাই নিয়ে। 

যোৱা ৩০ ডিচেম্বৰত পুনৰ শহুৰেকৰ ঘৰলৈ ফুৰিবলৈ আহে নাৰায়ণ। নতুন বছৰক আদৰাৰ আনন্দত জোঁৱাই আৰু শহুৰেকে মিলি সুৰাপান কৰে। নিজে কম মদ খাই শহুৰেকক ডিঙিলৈকে মদ খুৱায় জোঁৱাই নাৰায়ণে। সুৰাৰ নিচাত একো ক'ব নোৱাৰা হৈ শুই পৰে শহুৰেক। সেই সুযোগতেই জোঁৱাই নাৰায়ণে পলুৱাই লৈ যায় শাহুৱেকক।

নিচা ফটাৰ পাছত সাৰ পাই ৰমেশে দেখে যে জোঁৱাই নাৰায়ণ আৰু তেওঁৰ পত্নী ঘৰৰ পৰা নিৰুদ্দেশ হৈছে। ৰমেশে দুয়োকে ইফালে সিফালে বিচাৰিবলৈ ধৰে। পাছত তেওঁ গম পায় যে তেওঁৰ পত্নী জোঁৱাইৰ সৈতে পলাইহে গৈছে। 

পত্নীক প্ৰলোভন দি পলুৱাই লৈ যোৱা বুলি জোঁৱাই নাৰায়ণৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল কৰিছে ৰমেশ যোগীয়ে। ৰমেশৰ এজাহাৰ সন্দৰ্ভত  আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।
















FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক