--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এয়াৰ ইণ্ডিয়াৰ বিমানত সহযাত্ৰীৰ ওপৰত প্ৰস্ৰাৱ কৰাৰ অভিযোগত অভিযুক্ত শংকৰ মিশ্ৰ ক’ত আছে? সেই লৈ দিল্লী আৰক্ষী ব্যস্ত হৈ পৰিছে। আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰা মতে, বাংগালুৰুত তেওঁ লুকাই আছে।

দিল্লী আৰক্ষীয়ে ইতিমধ্যে দুটাকৈ দল গঠন কৰিছে। এটা দল মুম্বাইলৈ আৰু আনটো বেংগালুৰুলৈ প্ৰেৰণ কৰিছে। কিন্তু ক’তো শংকৰৰ সন্ধান পোৱা হোৱা নাই। তেন্তে ক’ত গ’ল  শংকৰ? এইটোৱেই এতিয়া আটাইতকৈ ডাঙৰ প্ৰশ্ন হৈ পৰিছে আৰক্ষীৰ বাবে।

ঘটনাটোৰ সংক্ৰান্তত শংকৰৰ ভগ্নীক বেংগালুৰুত সোধা-পোছা কৰিছে। তদুপৰি তেওঁৰ দেউতাককো মুম্বাইত আৰক্ষীয়ে সোধা-পোছা কৰি আছে। দিল্লী আৰক্ষীৰ সূত্ৰঅনুসৰি, শংকৰক বিচাৰি উলিওৱাৰ বাবে তদন্তকাৰী দলটো বেংগালুৰুতে থাকিব।

অৱশ্যে, আৰক্ষীৰ এটা সূত্ৰই দাবী কৰিছে যে তেওঁলোকে ইতিমধ্যে শংকৰৰ বৰ্তমানৰ অৱস্থানৰ বিষয়ে কিছু তথ্য লাভ কৰিছে আৰু যথোচিত ব্যৱস্থা ল’বলৈ উলাইছে।

উল্লেখ্য যে ২৬ নৱেম্বৰত শংকৰৰ বিৰুদ্ধে নিউয়ৰ্ক-দিল্লীৰ এখন বিমানৰ বিজনেছ ক্লাছত এগৰাকী বৃদ্ধা মহিলাৰ ওপৰত প্ৰস্ৰাৱ কৰাৰ অভিযোগ উত্থাপিত হৈছিল। তাৰপাছতে ২৮ ডিচেম্বৰত এয়াৰ ইণ্ডিয়াই শংকৰৰ বিৰুদ্ধে দিল্লীৰ পালম আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰিছিল। শংকৰ তেতিয়াৰ পৰা পলাতক হৈ আছে। শংকৰ মূলতঃ উত্তৰ প্ৰদেশৰ বাসিন্দা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু