--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এয়াৰ ইণ্ডিয়াৰ বিমানত সহযাত্ৰীৰ ওপৰত প্ৰস্ৰাৱ কৰাৰ অভিযোগত অভিযুক্ত শংকৰ মিশ্ৰ ক’ত আছে? সেই লৈ দিল্লী আৰক্ষী ব্যস্ত হৈ পৰিছে। আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰা মতে, বাংগালুৰুত তেওঁ লুকাই আছে।

দিল্লী আৰক্ষীয়ে ইতিমধ্যে দুটাকৈ দল গঠন কৰিছে। এটা দল মুম্বাইলৈ আৰু আনটো বেংগালুৰুলৈ প্ৰেৰণ কৰিছে। কিন্তু ক’তো শংকৰৰ সন্ধান পোৱা হোৱা নাই। তেন্তে ক’ত গ’ল  শংকৰ? এইটোৱেই এতিয়া আটাইতকৈ ডাঙৰ প্ৰশ্ন হৈ পৰিছে আৰক্ষীৰ বাবে।

ঘটনাটোৰ সংক্ৰান্তত শংকৰৰ ভগ্নীক বেংগালুৰুত সোধা-পোছা কৰিছে। তদুপৰি তেওঁৰ দেউতাককো মুম্বাইত আৰক্ষীয়ে সোধা-পোছা কৰি আছে। দিল্লী আৰক্ষীৰ সূত্ৰঅনুসৰি, শংকৰক বিচাৰি উলিওৱাৰ বাবে তদন্তকাৰী দলটো বেংগালুৰুতে থাকিব।

অৱশ্যে, আৰক্ষীৰ এটা সূত্ৰই দাবী কৰিছে যে তেওঁলোকে ইতিমধ্যে শংকৰৰ বৰ্তমানৰ অৱস্থানৰ বিষয়ে কিছু তথ্য লাভ কৰিছে আৰু যথোচিত ব্যৱস্থা ল’বলৈ উলাইছে।

উল্লেখ্য যে ২৬ নৱেম্বৰত শংকৰৰ বিৰুদ্ধে নিউয়ৰ্ক-দিল্লীৰ এখন বিমানৰ বিজনেছ ক্লাছত এগৰাকী বৃদ্ধা মহিলাৰ ওপৰত প্ৰস্ৰাৱ কৰাৰ অভিযোগ উত্থাপিত হৈছিল। তাৰপাছতে ২৮ ডিচেম্বৰত এয়াৰ ইণ্ডিয়াই শংকৰৰ বিৰুদ্ধে দিল্লীৰ পালম আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰিছিল। শংকৰ তেতিয়াৰ পৰা পলাতক হৈ আছে। শংকৰ মূলতঃ উত্তৰ প্ৰদেশৰ বাসিন্দা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক