--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমান চৰ্চাত পৰিনীতি চোপ্ৰা আৰু ৰাঘৱ চাদ্ধাৰ বিবাহৰ প্ৰসংগ। এংগেজমেণ্ট হোৱাৰ পাছৰে পৰা তেওঁলোকৰ বিবাহ সম্পৰ্কীয় শিৰোনামসমূহ সংবাদ মাধ্যমত তীব্ৰতৰ হৈ পৰিছে। প্ৰায়ে এই ভাবী দম্পতীহালক একেলগে দেখা গৈছে। যোৱা কিছুদিন ধৰি তেওঁলোকৰ বিয়াৰ তাৰিখ চূড়ান্ত হোৱাৰ খবৰ আহিছে,আৰু সেই চৰ্চাৰ মাজতে এতিয়া পৰিনীতি আৰু ৰাঘৱৰ বিয়াৰ কাৰ্ড প্ৰকাশ পাইছে।

ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে পৰিনীতি চোপ্ৰা আৰু ৰাঘৱ চাদ্ধাৰ বিবাহৰ কাৰ্ড। এই কাৰ্ডখনত লিখা আছে - 'আশীৰ্বাদেৰে পি এন চাদ্ধা,বিমলা চাদ্ধা আৰু শ্ৰীমতী উষা আৰু এইচ.এছ সচদেৱ, অলকা আৰু সুনীল চাদ্ধাই আপোনাক তেওঁলোকৰ পুত্ৰ ৰাঘৱ আৰু পৰিনীতিৰ বিবাহ অভ্যৰ্থনাত দুপৰীয়াৰ আহাৰ গ্ৰহণৰ বাবে নিমন্ত্ৰণ জনাইছে।' কাৰ্ডত অভ্যৰ্থনাৰ তাৰিখ ৩০ ছেপ্টেম্বৰ বুলি লিখাৰ বিপৰীতে সভাস্থলী তাজ, চণ্ডীগড় বুলি উল্লেখ আছে।

উল্লেখযোগ্য যে এই কাৰ্ড ভাইৰেল হোৱা সন্দৰ্ভত এতিয়ালৈকে পৰিনীতি চোপ্ৰা বা ৰাঘৱ চাদ্ধাই কোনো আনুষ্ঠানিক নিশ্চিতি দিয়া নাই। একে সময়তে ৰাজস্থানত এই দম্পতীয়ে বিবাহপাশত আবদ্ধ হ’ব বুলিও খবৰ আহিছে। ২৩ আৰু ২৪ ছেপ্টেম্বৰত পঞ্জাবী ৰীতি-নীতিৰে বিবাহপাশত আবদ্ধ হ’ব ৰাঘৱ আৰু পৰিনীতি।

১৩ মে’ত দুয়োৰে বাগদান সম্পন্ন হয়। নতুন দিল্লীৰ কাপুৰথালা হাউচত তেওঁলোকৰ এংগেজমেণ্টৰ আয়োজন কৰা হৈছিল। ইয়াৰ পাছত ৰাঘৱ আৰু পৰিনীতিক উদয়পুৰৰ বিয়াৰ স্থান ভ্ৰমণ কৰা দেখা গ’ল। ইয়াৰ বাহিৰেও বিমানবন্দৰত প্ৰায়ে দেখা পোৱা গৈছিল ৰাঘৱ আৰু পৰিনীতিক।এতিয়া এই বিষয়ক লৈ অনুৰাগীৰ মাজত যথেষ্ট উৎসাহ আৰু উদ্দীপনা দেখা গৈছে ৷







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক