--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমান চৰ্চাত পৰিনীতি চোপ্ৰা আৰু ৰাঘৱ চাদ্ধাৰ বিবাহৰ প্ৰসংগ। এংগেজমেণ্ট হোৱাৰ পাছৰে পৰা তেওঁলোকৰ বিবাহ সম্পৰ্কীয় শিৰোনামসমূহ সংবাদ মাধ্যমত তীব্ৰতৰ হৈ পৰিছে। প্ৰায়ে এই ভাবী দম্পতীহালক একেলগে দেখা গৈছে। যোৱা কিছুদিন ধৰি তেওঁলোকৰ বিয়াৰ তাৰিখ চূড়ান্ত হোৱাৰ খবৰ আহিছে,আৰু সেই চৰ্চাৰ মাজতে এতিয়া পৰিনীতি আৰু ৰাঘৱৰ বিয়াৰ কাৰ্ড প্ৰকাশ পাইছে।

ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে পৰিনীতি চোপ্ৰা আৰু ৰাঘৱ চাদ্ধাৰ বিবাহৰ কাৰ্ড। এই কাৰ্ডখনত লিখা আছে - 'আশীৰ্বাদেৰে পি এন চাদ্ধা,বিমলা চাদ্ধা আৰু শ্ৰীমতী উষা আৰু এইচ.এছ সচদেৱ, অলকা আৰু সুনীল চাদ্ধাই আপোনাক তেওঁলোকৰ পুত্ৰ ৰাঘৱ আৰু পৰিনীতিৰ বিবাহ অভ্যৰ্থনাত দুপৰীয়াৰ আহাৰ গ্ৰহণৰ বাবে নিমন্ত্ৰণ জনাইছে।' কাৰ্ডত অভ্যৰ্থনাৰ তাৰিখ ৩০ ছেপ্টেম্বৰ বুলি লিখাৰ বিপৰীতে সভাস্থলী তাজ, চণ্ডীগড় বুলি উল্লেখ আছে।

উল্লেখযোগ্য যে এই কাৰ্ড ভাইৰেল হোৱা সন্দৰ্ভত এতিয়ালৈকে পৰিনীতি চোপ্ৰা বা ৰাঘৱ চাদ্ধাই কোনো আনুষ্ঠানিক নিশ্চিতি দিয়া নাই। একে সময়তে ৰাজস্থানত এই দম্পতীয়ে বিবাহপাশত আবদ্ধ হ’ব বুলিও খবৰ আহিছে। ২৩ আৰু ২৪ ছেপ্টেম্বৰত পঞ্জাবী ৰীতি-নীতিৰে বিবাহপাশত আবদ্ধ হ’ব ৰাঘৱ আৰু পৰিনীতি।

১৩ মে’ত দুয়োৰে বাগদান সম্পন্ন হয়। নতুন দিল্লীৰ কাপুৰথালা হাউচত তেওঁলোকৰ এংগেজমেণ্টৰ আয়োজন কৰা হৈছিল। ইয়াৰ পাছত ৰাঘৱ আৰু পৰিনীতিক উদয়পুৰৰ বিয়াৰ স্থান ভ্ৰমণ কৰা দেখা গ’ল। ইয়াৰ বাহিৰেও বিমানবন্দৰত প্ৰায়ে দেখা পোৱা গৈছিল ৰাঘৱ আৰু পৰিনীতিক।এতিয়া এই বিষয়ক লৈ অনুৰাগীৰ মাজত যথেষ্ট উৎসাহ আৰু উদ্দীপনা দেখা গৈছে ৷







FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু