--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ বহু তাৰকা যুঁটীৰ কেমিষ্ট্ৰীয়ে ডাঙৰ পৰ্দাত হৃদয় চুই গৈছে। যেন দৰ্শকে বাৰে বাৰে তেওঁলোকক চাব বিচাৰে। শ্বাহৰুখ খান-কাজল হওক বা ৰণবীৰ সিং-দীপিকা পাডুকন হওক। এই তাৰকা দম্পতীৰ অভিনয় ডাঙৰ পৰ্দাত চাবলৈ আগ্ৰহী দৰ্শক। কিন্তু এই তালিকাত এনে বহু বিখ্যাত নাম সন্নিবিষ্ট কৰা হৈছে যিসকলে ইজনে সিজনৰ লগত কোনো ছবিত অভিনয় কৰা নাই।

শ্বাহৰুখ আৰু কাজোলে একেলগে অভিনয় কৰিছিল ‘দিলৱালে দুলহনিয়া লে জায়েংগে’, ‘কবি খুছি কবি ঘাম’, ‘কুচ কুচ হোতা হায়’ ছবিত। ডাঙৰ পৰ্দাতো যথেষ্ট জনপ্ৰিয় এই দুয়োগৰাকী তাৰকাৰ যুটি। কিন্তু শ্বাহৰুখক কাজোলৰ জীৱন সংগী অজয় ​​দেৱগনৰ সৈতে কোনো ছবিত অভিনয় কৰা দেখা পোৱা নগ’ল।

ৰণবীৰ কাপুৰৰ সৈতে কংগনা ৰানাউটৰ সম্পৰ্কক লৈ বিভিন্ন ফুচফুচানি শুনা যায়। ৰণবীৰৰ নাম নোলোৱাকৈয়ে কংগনাই দাবী কৰে যে অভিনেতাজনে তেওঁক জোৰকৈ সম্পৰ্ক স্থাপন কৰিছিল। এটা অংশই দাবী কৰিছে যে ৰণবীৰৰ সৈতে কংগনাৰ সম্পৰ্কৰ সমীকৰণ ভাল নহয়। বহুতে অনুমান কৰিছিল যে কংগনাক উচ্চ দৰমহাৰ বাবে ৰণবীৰৰ সৈতে কোনো ছবিত দেখা পোৱা নাছিল। শ্বাহৰুখ খান, ছলমান খান, আমিৰ খান, অক্ষয় কুমাৰকে ধৰি বহু বলীউডৰ অভিনেতাই কংগনাৰ সৈতে ডাঙৰ পৰ্দাত যুটী বন্ধা দেখা নগ’ল।

দীপিকা পাডুকনে ডাঙৰ পৰ্দাত ছলমান খানৰ সৈতে অভিনয় কৰাৰ ইচ্ছা প্ৰকাশ কৰে। কিন্তু অভিনেত্ৰীগৰাকীৰ সপোন আজিও পূৰণ হোৱা নাই। এইবাৰ ছবিগৃহত মুক্তি লাভ কৰিছে পাঠান। এই ছবিখনত শ্বাহৰুখৰ সৈতে টিম আপ কৰিছিল দীপিকাই। সেই ছবিখনত ছলমানে কেমিঅ’ ৰ’লত অভিনয় কৰিছিল। কিন্তু ছলমানৰ সৈতে একেটা দৃশ্যতে অভিনয় কৰাৰ সুযোগ নাপালে দীপিকাই।

যশ ৰাজ ফিল্মছৰ চোৰাংচোৱা বিশ্বব্ৰহ্মাণ্ডৰ নায়িকা দুগৰাকী কেটৰিনা কাইফ আৰু দীপিকা পাডুকন। অভিনেত্ৰী দুগৰাকীয়ে একেলগে কোনো ছবিত অভিনয় কৰা দেখা পোৱা নাই। সূত্ৰ অনুসৰি, দীপিকা আৰু কেটৰিনাক হয়তো চোৰাংচোৱা ধাৰাৰ ছবিত একেলগে দেখা যাব। যদিও ইয়াৰ বিষয়ে আনুষ্ঠানিকভাৱে একো ঘোষণা কৰা হোৱা নাই।

জুহি চাওলা, মনীষা কইৰালাৰ পৰা কাজললৈকে আমিৰ খানে নব্বৈৰ দশকৰ প্ৰায় প্ৰতিগৰাকী বলীউড অভিনেত্ৰীৰ সৈতে যোৰ পাতিছে। কিন্তু আমিৰক কেতিয়াও ঐশ্বৰ্য ৰায় বচ্চনৰ সৈতে অভিনয় কৰা দেখা নগ’ল। কেৱল ঐশ্বৰ্যই নহয় শ্ৰীদেৱীৰ সৈতে একেখন ছবিতে অভিনয় কৰাৰ সুযোগ নাপালে আমিৰে।

আনকি অভিনেত্ৰী মাধুৰী দীক্ষিতকো শ্ৰীদেৱীৰ সৈতে একেখন ছবিতে অভিনয় কৰা দেখা পোৱা নগ’ল। অভিনয়ৰ দক্ষতাৰ বাহিৰেও অভিনেত্ৰী দুয়োগৰাকী নৃত্যতো ভাল। বিভিন্ন ৰিয়েলিটি শ্ব’ত শ্ৰীদেৱী আৰু মাধুৰীক একেলগে নাচি থকা দেখা গৈছিল যদিও ডাঙৰ পৰ্দাত কেতিয়াও একেলগে দেখা পোৱা নাছিল।

বলীউডৰ ‘খিলাদি’ অক্ষয় কুমাৰ আৰু বাঙালী অভিনেত্ৰী ৰাণী মুখোপাধ্যায় দুয়োগৰাকীয়ে বলীউডত নিজৰ স্থান দখল কৰাত সফল হৈছে। কিন্তু কেতিয়াও একেখন ছবিতে একেলগে অভিনয় কৰা দেখা পোৱা নগ’ল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক