--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ ঠিক আগতে দিল্লীৰ সাংসদ তথা ক্ৰিকেটাৰ গৌতম গম্ভীৰ ৰাজনৈতিক কৰ্তব্যৰ পৰা মুক্তি বিচৰাৰ কথা ঘোষণা কৰিছে। 

২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিত যোগদান কৰিছিল তেওঁ। পূব দিল্লীৰ লোকসভাৰ আসনতো তেওঁ বিজেপিৰ টিকটত জয়লাভ কৰে। কিন্তু ঠিক পাঁচ বছৰৰ পাছত ক্ৰিকেটাৰ সাংসদগৰাকীয়ে কয় যে তেওঁ নিজৰ ক্ৰিকেট কৰ্তব্য আৰু দায়িত্বত মনোনিৱেশ কৰিব বিচাৰে। এই সন্দৰ্ভত বিজেপিৰ সৰ্বভাৰতীয় সভাপতি জে পি নাড্ডাকো অনুৰোধ জনাইছে।

ভাৰতীয় ক্ৰিকেটাৰ তথা আই পি এল দলৰ প্ৰাক্তন কলকাতা নাইট ৰাইডাৰ্ছৰ গুৰু (প্ৰাক্তন অধিনায়ক) গম্ভীৰে শনিবাৰে নিজেই এক্স হেণ্ডেল (পূৰ্বৰ টুইটাৰ)ত এক পোষ্টযোগে নিজৰ সিদ্ধান্তৰ কথা ঘোষণা কৰে। কে কে আৰ মেণ্টৰে লিখিছে, ‘মই মোৰ সন্মানীয় দলৰ সভাপতি জে পি নোদ্দাজীক মোৰ ৰাজনৈতিক কৰ্তব্যৰ পৰা মুক্ত কৰিবলৈ অনুৰোধ জনাইছো। যাতে মই মোৰ আগন্তুক ক্ৰিকেট কৰ্তব্যৰ ওপৰত অধিক মনোনিৱেশ কৰিব পাৰো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ধন্যবাদ জনাইছো যে মোক মানুহৰ বাবে কাম কৰাৰ সুযোগ দিলে। জয় হিন্দ।'’

২২ মাৰ্চৰ পৰা আৰম্ভ হ’ব আই পি এল ক্ৰিকেট। অৰ্থাৎ আগন্তুক লোকসভা নিৰ্বাচনৰ আগে আগে যেতিয়া প্ৰচাৰৰ বতৰ চলিব তেতিয়া আই পি এল অব্যাহত থাকিব। যিহেতু কলকাতা নাইট ৰাইডাৰ্ছৰ একালৰ অধিনায়ক গম্ভীৰ এতিয়া কেকেআৰৰ গুৰু, সেয়েহে তেওঁ দলৰ লগতো থাকিব লাগিব। বিজেপিৰ সূত্ৰ অনুসৰি তেওঁ এটা বাছি লৈছে কাৰণ এই পৰিস্থিতিত ক্ৰিকেট সাংসদগৰাকীয়ে দুয়োপক্ষক চম্ভালিব পৰাটো সম্ভৱ নহ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী