--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ ঠিক আগতে দিল্লীৰ সাংসদ তথা ক্ৰিকেটাৰ গৌতম গম্ভীৰ ৰাজনৈতিক কৰ্তব্যৰ পৰা মুক্তি বিচৰাৰ কথা ঘোষণা কৰিছে। 

২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিত যোগদান কৰিছিল তেওঁ। পূব দিল্লীৰ লোকসভাৰ আসনতো তেওঁ বিজেপিৰ টিকটত জয়লাভ কৰে। কিন্তু ঠিক পাঁচ বছৰৰ পাছত ক্ৰিকেটাৰ সাংসদগৰাকীয়ে কয় যে তেওঁ নিজৰ ক্ৰিকেট কৰ্তব্য আৰু দায়িত্বত মনোনিৱেশ কৰিব বিচাৰে। এই সন্দৰ্ভত বিজেপিৰ সৰ্বভাৰতীয় সভাপতি জে পি নাড্ডাকো অনুৰোধ জনাইছে।

ভাৰতীয় ক্ৰিকেটাৰ তথা আই পি এল দলৰ প্ৰাক্তন কলকাতা নাইট ৰাইডাৰ্ছৰ গুৰু (প্ৰাক্তন অধিনায়ক) গম্ভীৰে শনিবাৰে নিজেই এক্স হেণ্ডেল (পূৰ্বৰ টুইটাৰ)ত এক পোষ্টযোগে নিজৰ সিদ্ধান্তৰ কথা ঘোষণা কৰে। কে কে আৰ মেণ্টৰে লিখিছে, ‘মই মোৰ সন্মানীয় দলৰ সভাপতি জে পি নোদ্দাজীক মোৰ ৰাজনৈতিক কৰ্তব্যৰ পৰা মুক্ত কৰিবলৈ অনুৰোধ জনাইছো। যাতে মই মোৰ আগন্তুক ক্ৰিকেট কৰ্তব্যৰ ওপৰত অধিক মনোনিৱেশ কৰিব পাৰো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ধন্যবাদ জনাইছো যে মোক মানুহৰ বাবে কাম কৰাৰ সুযোগ দিলে। জয় হিন্দ।'’

২২ মাৰ্চৰ পৰা আৰম্ভ হ’ব আই পি এল ক্ৰিকেট। অৰ্থাৎ আগন্তুক লোকসভা নিৰ্বাচনৰ আগে আগে যেতিয়া প্ৰচাৰৰ বতৰ চলিব তেতিয়া আই পি এল অব্যাহত থাকিব। যিহেতু কলকাতা নাইট ৰাইডাৰ্ছৰ একালৰ অধিনায়ক গম্ভীৰ এতিয়া কেকেআৰৰ গুৰু, সেয়েহে তেওঁ দলৰ লগতো থাকিব লাগিব। বিজেপিৰ সূত্ৰ অনুসৰি তেওঁ এটা বাছি লৈছে কাৰণ এই পৰিস্থিতিত ক্ৰিকেট সাংসদগৰাকীয়ে দুয়োপক্ষক চম্ভালিব পৰাটো সম্ভৱ নহ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক