--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশৰ হিন্দীবলয়ৰ তিনি ৰাজ্য ৰাজস্থান, মধ্য প্ৰদেশ আৰু ছত্তীশগড়ত জয়লাভ কৰাৰ পাছত এতিয়া ভাৰতীয় জনতা পাৰ্টীয়ে সমাগত লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখিয়েই মুখ্যমন্ত্ৰী নিৰ্বাচন কৰিবলৈ গৈ আছে। 

বিজেপিৰ এটা উচ্চস্তৰীয় দলীয় সূত্ৰৰ মতে তিনিওখন ৰাজ্যৰ মুখ্যমন্ত্ৰী পদৰ বাবে নতুন মুখ বাছনি কৰা হ’ব।
দেওবাৰে নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হয়, য’ত বিজেপিয়ে তিনিওখন ৰাজ্য অৰ্থাৎ মধ্য প্ৰদেশ, ছত্তীশগড় আৰু ৰাজস্থানত চমৎকাৰ বিজয় সাব্যস্ত কৰে আৰু তেতিয়াৰ পৰা দলটোৰ কেন্দ্ৰীয় নেতৃত্বই তিনিওখন ৰাজ্যৰ সম্ভাব্য মুখ্যমন্ত্ৰীক লৈ জল্পনা-কল্পনা অব্যাহত ৰাখিছে৷

মঙলবাৰে প্ৰধানমন্ত্ৰী মোদীৰ বাসভৱনত চাৰে চাৰি ঘণ্টা ধৰি চলে এখন ৰুদ্ধদ্বাৰ বৈঠক, য’ত তিনিখন ৰাজ্যৰ মুখ্যমন্ত্ৰী পদৰ শক্তিশালী দাবীদাৰসকলক বিবেচনা কৰা হৈছিল। এই বৈঠকত প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডা উপস্থিত আছিল।

ঘন্টাৰ পাছত ঘণ্টা ধৰি চলি থকা এই মাৰাথন বৈঠকৰ পূৰ্বে নড্ডাই তিনিখন ৰাজ্যৰ মুখ্যমন্ত্ৰী পদৰ সম্ভাব্য প্ৰাৰ্থীসকলৰ সৈতে কেইবালানিও বৈঠকত মিলিত হৈছিল৷

বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই শীঘ্ৰেই তিনিওখন ৰাজ্যৰ বাবে পৰ্যবেক্ষক নিয়োগ কৰাৰ সম্ভাৱনা আছে, যিয়ে তিনিখন ৰাজ্যত নৱনিৰ্বাচিত বিধায়কসকলৰ সৈতে বৈঠকৰ তদাৰক কৰিব, য’ত বিধানসভাৰ নেতাসকল নিৰ্বাচিত হ’ব৷

মধ্য প্ৰদেশত সম্ভাব্য মুখ্যমন্ত্ৰীৰ তালিকাত বৰ্তমানৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান, কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ পেটেল, জ্যোতিৰাদিত্য সিন্ধিয়া আৰু নৰেন্দ্ৰ সিং টোমৰৰ লগতে জ্যেষ্ঠ ৰাজ্যিক নেতা কৈলাস বিজয়বৰ্গীয়াৰ নামো অন্তৰ্ভুক্ত হৈছে৷

ৰাজস্থানতো মুখ্যমন্ত্ৰী পদৰ বাবে চৰ্চালৈ আহিছে কেইবাগৰাকীও নেতাৰ নাম৷ প্ৰাক্তন মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজে নতুন ৰাজ্যিক বিধানসভাত বিধায়ক নিৰ্বাচিত হৈছে, লোকসভাৰ অধ্যক্ষ ওম বিৰলা, কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱত আৰু অৰ্জুন ৰাম মেঘৱাল, ৰাজ্যিক বিজেপিৰ সভাপতি চি পি যোশী আৰু দলৰ অন্যান্য জ্যেষ্ঠ নেতাসকল বিধানসভালৈ নিৰ্বাচিত হৈছে। 

যোশী আৰু ৰাজ্যিক নেতা দিয়া কুমাৰী আৰু মহন্ত বালকনাথকো সম্ভাৱ্য প্ৰাৰ্থী হিচাপে দেখা গৈছে।
ছত্তীশগড়ত প্ৰাক্তন মুখ্যমন্ত্ৰী ৰমন সিঙৰ উপৰি ৰাজ্যিক বিজেপিৰ সভাপতি অৰুণ কুমাৰ চাও, প্ৰাক্তন আইএএছ বিষয়া অ’পি সিঙৰ নাম চৰ্চালৈ আহিছে৷ চৌধুৰীক মুখ্যমন্ত্ৰী পদৰ অন্যতম দাবীদাৰ হিচাপেও দেখা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু