--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জয়ৰ মাজতো বিষাদগ্ৰস্ততাত ভুগিছে বিজেপি!মধ্যপ্ৰদেশত ভাৰতীয় জনতা পাৰ্টীৰ বিজয়ৰ পিছতো ৰাজ্যখনৰ ভিতৰতে দলটোৰ সৰ্ববৃহৎ হিন্দুত্ববাদী মুখ গৃহমন্ত্ৰী নৰোত্তম মিশ্ৰকে ধৰি প্ৰায় ৪০ শতাংশ মন্ত্ৰী পৰাস্ত হৈছে।

নিৰ্বাচনৰ পূৰ্বে ভাৰতীয় জনতা পাৰ্টীত মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ বাহিৰেও ৩৩ জন মন্ত্ৰী আছিল, যিসকলৰ ভিতৰত দলৰ মন্ত্ৰী অ’ পি এছ ভদৌৰিয়াৰ টিকট কৰ্তন কৰা হৈছিল, আনহাতে যশোধৰা ৰাজে সিন্ধিয়াই নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ অস্বীকাৰ কৰিছিল।

এইদৰে মাত্ৰ এজন মন্ত্ৰীৰ টিকট কৰ্তন কৰাৰ সময়তে দলটোৱে বাকী ৩১ জন মন্ত্ৰীৰ আটাইকেইজনৰ ওপৰত আস্থা প্ৰকাশ কৰি অৱতীৰ্ণ কৰে। ৰাজ্যখনত দলটোৰ প্ৰতিটো পদক্ষেপ লক্ষ্যত উপনীত হোৱাৰ লগতে ১৬৩খন আসনত জয় পঞ্জীয়ন কৰি ইতিহাসৰ সৰ্বাধিক ভোটৰ শতাংশ (৪৮.৫৫) লাভ কৰে যদিও সকলো মন্ত্ৰীৰ ওপৰত আস্থা ৰখাৰ পৰিকল্পনা সফল হৈ নুঠিল।কাৰণ এই নিৰ্বাচনত ৩১ জন মন্ত্ৰীৰ ভিতৰত ১২ জন মন্ত্ৰী পৰাজিত হয়।

পৰাজিত মন্ত্ৰীসকলৰ ভিতৰত আটাইতকৈ আশ্চৰ্যজনক নামটো আছিল গৃহমন্ত্ৰী নৰোত্তম মিশ্ৰৰ, আনহাতে তেওঁৰ নামো মুখ্যমন্ত্ৰী হোৱাৰ দৌৰত আছিল। মিশ্ৰই দতিয়া বিধানসভাৰ আসনত ৭,৭৪২ টা ভোটত তেওঁৰ তীব্র প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ ৰাজেন্দ্ৰ ভাৰতীৰ হাতত পৰাজয় বৰণ কৰে।

পৰাজিত মন্ত্ৰীসকলৰ ভিতৰত কৃষি মন্ত্ৰী কমল পেটেলৰ নামো আছে। হৰদা বিধানসভাৰ আসনত তেওঁ মাত্ৰ ৮৭০ টা ভোটত পৰাস্ত হয়। মন্ত্ৰীসকলৰ ভিতৰত তেওঁ সৰ্বনিম্ন ব্যৱধানত পৰাস্ত হয়।

পৰাজিত মন্ত্ৰীসকলৰ ভিতৰত অৰবিন্দ ভদৌৰিয়াও এটা গুৰুত্বপূৰ্ণ নাম আছিল। ২০২০ চনত বিজেপিৰ ৰাজ্যখনত হোৱা অভ্যুত্থানতো ভদৌৰিয়াই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁ চৰকাৰৰ সমবায় আৰু লোকসেৱা ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী আছিল। আতেৰ বিধানসভাত কংগ্ৰেছৰ হেমন্ত কাটাৰেৰ হাতত ২০,২২৮ টা ভোটত পৰাস্ত হয়।

নৰ্মদা উপত্যকাৰ উন্নয়ন মন্ত্ৰী গৌৰীশংকৰ বিসেনৰো নাম অন্তৰ্ভুক্ত আছিল। নিৰ্বাচনৰ ঘোষণাৰ মাত্ৰ এমাহ পূৰ্বে তেওঁক মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছিল। দুবাৰৰ সাংসদ আৰু ৭ বাৰৰ বিধায়ক বিসেনক তৃতীয়বাৰৰ বাবে মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হয়। অৱশ্যে নিৰ্বাচনৰ পূৰ্বে বিসেনে নিজৰ কন্যা মৌছামৰ টিকট বিচাৰিছিল। দলটোৱে তেওঁৰ টিকট কাটি জীয়েকক দিছিল যদিও শেষ মুহূৰ্তত বিচেনে নিজেই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ মনোনয়ন পূৰণ কৰিছিল।পৰৱৰ্তী সময়ত বালাঘাট আসনত তেওঁ ২৯,১৯৫ টা ভোটত বৃহৎ পৰাজয়ৰ সন্মুখীন হয়।

বিসেনৰ লগতে ৰাহুল লোধীয়েও নিৰ্বাচনৰ মাত্ৰ এমাহ পূৰ্বে মন্ত্ৰী পদটো লাভ কৰে। তেওঁ কুটিৰ আৰু গ্ৰামোদ্যোগ বিভাগ আৰু বন বিভাগৰ মন্ত্ৰী আছিল। খাৰগাপুৰ বিধানসভা আসনত ৮,১১৭ ভোটত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল।

বামৰি আসনত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী মহেন্দ্ৰ সিং ছিছ’দিয়াও পৰাজিত হয়।তেওঁ ১৪৭৯৬টা ভোটত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয়। 

বদনাবৰ আসনৰ পৰা পৰাস্ত হৈছে আন এজন মন্ত্ৰী ৰাজ্যবৰ্ধন সিং দত্তীগাঁও। কংগ্ৰেছৰ ভানোৱাৰ সিং শ্বেখাৱটৰ হাতত মাত্ৰ ২৯৭৬টা ভোটত পৰাস্ত হয়।লোক নিৰ্মাণ বিভাগৰ মন্ত্ৰী সুৰেশ ঢাকাদে মন্ত্ৰীসকলৰ ভিতৰত  সৰ্বাধিক ব্যৱধানত পৰাজয়ৰ সন্মুখীন হয়। পোহৰি বিধানসভাত তেওঁ ৪৯,৪৮১ টা ভোটত পৰাস্ত হয়।

বৰুৱানী বিধান সভা সমষ্টিত ১১,১৭২ টা ভোটত পৰাজয়ৰ সন্মুখীন হৈছে পশুপালন মন্ত্ৰী প্ৰেম সিং পেটেল।

খাদ্য সংসাধন মন্ত্ৰী ভাৰত সিং কুশৱাহাও গোৱালিয়ৰ গ্ৰাম্য আসনত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল। তেওঁ মাত্ৰ ৩,২৮২ টা ভোটত পৰাস্ত হয়। আনকি ২০১৮ চনতো তেওঁৰ জয়ৰ ব্যৱধান আছিল মাত্ৰ ১৫১৭। কাকতলীয়াভাৱে দুয়োবাৰেই তেওঁৰ প্ৰতিদ্বন্দ্বী আছিল চাহেব সিং গুৰজাৰ। ২০১৮ চনত গুৰজাৰে বহুজন সমাজ পাৰ্টীৰ টিকটত নিৰ্বাচনত অৱতীৰ্ণ হৈছিল, এইবাৰ তেওঁ আছিল কংগ্ৰেছৰ প্ৰাৰ্থী।

পিছপৰা শ্ৰেণী আৰু সংখ্যালঘু কল্যাণ মন্ত্ৰালয়, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰালয়কে ধৰি তিনিটা মন্ত্ৰালয়ৰ দখলত থকা ৰামখেলাবন পেটেল অমৰপাটন বিধানসভাত মাত্ৰ ৬৪৯০ ভোটত পৰাস্ত হয়।ইয়াৰোপৰি আয়ুস বিভাগ আৰু জলসম্পদ মন্ত্ৰালয়ৰ পদত অধিষ্ঠিত ৰামকিশোৰ কানভ্ৰে পৰস্বড়া আসনৰ পৰা ২৫,৯৪৮টা ভোটৰ বিপুল ব্যৱধানত পৰাস্ত হয়।
FOLLOW US F
POPULAR
FEATURE
TRENDY
মহানগৰীৰ বেলতলাত 'নেৰিম'ৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু
ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ! ২২খনকৈ জিলাত বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী জাৰি
ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্ট ফিল্ম ফেষ্টিভেলত 'অনসুনী চীখে'লৈ শ্রেষ্ঠ চুটি ছবিৰ বঁটা
চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান প্রদান প্রধানমন্ত্রী মোদীক
বিয়াৰ ৰভাতলীৰ পৰা চৈধ্য বছৰীয়া কিশোৰীক উদ্ধাৰ আৰক্ষীৰ
গুৱাহাটীত অনুষ্ঠিত হ'ব ৫খন খেল
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?