--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিগত দুটা বছৰত কেন্দ্ৰৰ মোদী চৰকাৰৰ বাবে আতংক হৈ পৰিছিল এটা নাম। এই জ্যেষ্ঠ নেতাগৰাকীৰ বাৰম্বাৰ আক্ৰমণত বেকফুটলৈ আহিবলৈ বাধ্য হৈছিল মোদী চৰকাৰ তথা বিজেপি। তেওঁ আন কোনো নহয়৷ তেওঁ জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মলিক। 

মোদী চৰকাৰৰ গাফিলতিতে পুলৱামা আক্ৰমণ হৈছিল বুলি মন্তব্য কৰি আলোড়ন তোলা মলিক এতিয়া CBIৰ লক্ষ্যত আজি CBIএ সত্যপাল মালিক আৰু তেওঁৰ ঘনিষ্ঠ সহযোগীসকলৰ ঘৰত অভিযান চলায়। দিল্লী, উত্তৰ প্ৰদেশ, ৰাজস্থান, মুম্বাইত অভিযান চলায় CBIএ। মলিক জম্মু-কাশ্মীৰৰ ৰাজ্যপাল হৈ থকাৰ সময়ৰ সংঘটিত দুৰ্নীতিৰ গোচৰত চিবিআইয়ে এই অভিযান চলায়।

আনহাতে,বৰ্তমান চিকিৎসালয়ত ভৰ্তি হৈ আছে মলিক। হাস্পতালৰ পৰাই পুনৰ মোদী চৰকাৰৰ বিৰুদ্ধে হুংকাৰ দিয়ে বৰ্ষীয়ান নেতাগৰাকীয়ে।  যিসকল ব্যক্তিৰ বিৰুদ্ধে ৰাজ্যপাল হৈ থাকোতে তেওঁ দুৰ্নীতিৰ অভিযোগ আনিছিল, তেওঁলোকৰ বিৰুদ্ধে চিবিআইয়ে তদন্ত কৰা নাই। ওলোটাই CBIএ তেওঁৰ বিৰুদ্ধে  অভিযান চলাইছে বুলি অভিযোগ কৰে মলিকে। মোদী চৰকাৰে CBIক ব্যৱহাৰ কৰি তেওঁক আতংকিত কৰিবলৈ প্ৰয়াস কৰিছে বুলি মন্তব্য কৰে মলিকে। কিন্তু কেতিয়াও মূৰ নোদোৱাই বুলি প্ৰত্যাহ্বান জনাই প্ৰাক্তন ৰাজ্যপালগৰাকীয়ে। 

গুৰুত্বপূৰ্ণ যে এসময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঘনিষ্ঠ আছিল সত্যপাল মলিক। কংগ্ৰেছৰ পৰা বিজেপিত যোগ দিয়া ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ মলিক এযুগ ধৰি আছিল বিজেপিৰ লগত। মোদী চৰকাৰৰ কাৰ্যকালতে তেওঁ জম্মু কাশ্মীৰ, গোৱা, উৰিষ্যা, বিহাৰ আৰু মেঘালয়ৰ ৰাজ্যপাল হিচাপে নিযুক্তি লাভ কৰিছিল। 

কিন্তু মোদী চৰকাৰৰ জনবিৰোধী নীতিসমূহৰ বাবে ক্ষুব্ধ হৈ পৰে মলিক। মুকলিকৈ কেন্দ্ৰৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে মন্তব্য কৰিবলৈ ধৰে সত্যপাল মলিকে। 

পুলৱামা আক্ৰমণৰ সময়ত জম্মু–কাশ্মীৰৰ ৰাজ্যপাল আছিল মলিক। ২০২৩ত এটা সাক্ষাৎকাৰত মলিকে মোদী চৰকাৰৰ সুৰক্ষা ব্যৱস্থাৰ গাফিলতিৰ বাবেই পুলৱামা আক্ৰমণ হৈছিল বুলি মুকলিকৈ মন্তব্য কৰিছিল। আক্ৰমণটোত শ্বহীদ হোৱা ৪০ গৰাকী জোৱানৰ আত্মত্যাগক নিৰ্বাচন জয়ৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে ব্যৱহাৰ কৰিছিল। এই চাঞ্চল্যকৰ মন্তব্য কৰি দেশৰ ৰাজনীতিত খলকনি তুলিছিল মলিকে। 

প্ৰাক্তন ৰাজ্যপালগৰাকীয়ে আনকি বিষয়টোত উচ্চতম ন্যায়ালয় নিয়ন্ত্ৰিত তদন্তৰো দাবী কৰিছিল। ইয়াৰ পাছতে বিৰোধী দলসমূহৰ লক্ষ্য হৈ পৰিছিল মোদী চৰকাৰ। চৰম অস্বস্তিৰ সন্মুখীন হৈছিল প্ৰধানমন্ত্ৰী মোদী। বিভিন্ন ৰাজ্যৰ ৰাজ্যপাল হৈ থাকোতেও মোদী চৰকাৰক সমালোচনা কৰিছিল জ্যেষ্ঠ নেতাগৰাকীয়ে। 

কৃষি আইন বিৰোধী আন্দোলনকো সমৰ্থন কৰি মোদী চৰকাৰক বিব্ৰত কৰিছিল মলিকে। নিজকে এগৰাকী কৃষক নেতা হিচাপেও পৰিচয় দিব ধৰিছিল মলিকে। ইয়াৰ পাছত দিল্লীত মল্লযোদ্ধাসকলে কৰা প্ৰতিবাদলৈও সমৰ্থন আগবঢ়াইছিল বৰ্ষীয়ান নেতাগৰাকীয়ে। 

এতিয়া যেন মোদী চৰকাৰৰ ৰাজনৈতিক প্ৰতিশোধৰ বলি হ’বলৈ আগবাঢ়িছে সত্যপাল মলিক। মোদী চৰকাৰে CBIক ব্যৱহাৰ কৰি মলিকক ব্যতিব্যস্ত কৰিবলৈ প্ৰয়াস কৰিছে বুলি অভিযোগ কৰিছে জ্যেষ্ঠ নেতাগৰাকীৰ সমৰ্থকসকলে। CBIৰ ভয় দেখুৱাই নেতাগৰাকীৰ মুখ বন্ধ কৰিবলৈ প্ৰয়াস কৰা হৈছে বুলিও অভিযোগ কৰিছে মলিকৰ সমৰ্থকসকলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু