--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: যোৱা ১৩ ফেব্ৰুৱাৰীৰ পৰা পঞ্জাব–হাৰিয়ানাৰ শম্ভু সীমান্তত আৰম্ভ হৈছিল কৃষক আন্দোলন। উৎপাদিত ফচলৰ ন্যূনতম সমৰ্থন মূল্যৰ আইনী গাৰান্টীৰ দাবীৰে ‘দিল্লী চলো’ৰ আহ্বান জনাইছিল প্ৰতিবাদী কৃষক সংগঠনসমূহে। 

ইয়াৰ বাবে শম্ভুৰ লগতে খনৌৰী সীমান্ততো আৰক্ষী আৰু কৃষকৰ মাজত হৈছে সংঘৰ্ষ। আৰক্ষীৰ বেৰিকেড আঁতৰাই দিল্লীলৈ আগবাঢ়িব বিচৰা কৃষকৰ ওপৰত আৰক্ষীয়ে কৰিছে গুলীচালনা। এনে গুলীচালনাতে কালি খনৌৰী সীমান্তত নিহত হয় এগৰাকী যুৱ কৃষক শুভকৰণ সিং। শুভকৰণ সিঙৰ মৃত্যুত এতিয়া কৃষক আন্দোলনে লৈছে নতুন গতি৷

আৰক্ষীৰ গুলীত ২১ বছৰীয়া শুভকৰণৰ মৃত্যুত এতিয়া প্ৰতিবাদী কৃষকৰ মাজত ক্ষোভৰ মাত্ৰা দুগুণে বৃদ্ধি পাইছে। কেন্দ্ৰৰ মোদী চৰকাৰৰ ওপৰত ক্ষুব্ধ হৈ পৰিছে কিষাণ মজদুৰ মৰ্চাৰ দৰে প্ৰতিটো প্ৰতিবাদী সংগঠন। শুভকৰণৰ মৃত্যুৰ পাছত এতিয়া আন্দোলনৰ ৰণনীতি সলনি কৰাৰ প্ৰস্তুতি কৃষক সংগঠনসমূহৰ। আজি আন্দোলনৰ নতুন ৰণনীতি সন্দিৰ্ভত আলোচনা কৰিছে সংগঠনসমূহে।

২৩ ফেব্ৰুৱাৰীত আন্দোলনৰ নতুন ৰণনীতি সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত ল'ব কৃষক সংগঠনসমূহে। ইফালে শুভকৰণ সিঙৰ মৃত্যুয়ে জোকাৰি গৈছে পঞ্জাৱ আৰু হাৰিয়ানা। পঞ্জাৱৰ বিভিন্ন স্থানত শুভকৰণৰ ফটো লৈ প্ৰতিবাদ সাব্যস্ত কৰে বহু কৃষকে। মোদী চৰকাৰৰ বিৰুদ্ধে শ্লোগান দি তেওঁলোকে উত্তাল কৰি তোলে পৰিৱেশ। পঞ্জাবত কেইবাটাও ৰাষ্ট্রীয় ঘাইপথো অৱৰোধ কৰে কৃষকসকলে। জন্মু-দিল্লী ঘাইপথ অৱৰোধ কৰি যাতায়ত অচল কৰি দিয়ে কৃষকসকলে। 

আনহাতে, কাইলৈ দেশজুৰি ক’লা দিৱস পালনৰ বিষয়ে ঘোষণা কৰিছে সংযুক্ত কিচান মৰ্চাই। ২৬ ফেব্ৰুৱাৰীত ট্ৰেক্টৰ মাৰ্চ উলিয়াই আন্দোলন তীব্ৰ কৰি তোলাৰো হুংকাৰ সংগঠনটোৰ। যুৱ কৃষক শুভকৰণ সিঙৰ মৃত্যুক লৈ ৰাষ্ট্রীয় মানৱ অধিকাৰ আয়োগৰ বিৰুদ্ধে সৰৱ হৈছে তৃণমূল কংগ্ৰেছ। যুৱ কৃষকজনৰ মৃত্যুৰ তদন্ত কৰিবলৈ মানৱ অধিকাৰ আয়োগত গোচৰ তৰিছে তৃণমূলৰ ৰাজ্যসভাৰ সাংসদ ছাকেট গোখলেই। কিন্তু গোচৰটোৰ সন্দৰ্ভত এতিয়ালৈকে তৎপৰতা প্ৰদৰ্শন কৰা নাই মানৱ অধিকাৰ আয়োগে।

ইয়াৰ বাবেই আয়োগৰ বিৰুদ্ধে সৰব হৈছে তৃণমূল সাংসদগৰাকী। পশ্চিমবংগত সংঘটিত ঘটনাৰ ক্ষেত্ৰত ৰাষ্ট্রীয় মানৱ অধিকাৰ আয়োগে তৎপৰতাৰে ব্যৱস্থা গ্ৰহণ কৰে। কিন্তু শুভকৰণ সিঙৰ মৃত্যু সন্দৰ্ভত কিয় আয়োগে তৎপৰতাৰে তদন্ত কৰা নাই বুলি প্ৰশ্ন সাংসদ গোখলেৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু