--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: যোৱা ১৩ ফেব্ৰুৱাৰীৰ পৰা পঞ্জাব–হাৰিয়ানাৰ শম্ভু সীমান্তত আৰম্ভ হৈছিল কৃষক আন্দোলন। উৎপাদিত ফচলৰ ন্যূনতম সমৰ্থন মূল্যৰ আইনী গাৰান্টীৰ দাবীৰে ‘দিল্লী চলো’ৰ আহ্বান জনাইছিল প্ৰতিবাদী কৃষক সংগঠনসমূহে। 

ইয়াৰ বাবে শম্ভুৰ লগতে খনৌৰী সীমান্ততো আৰক্ষী আৰু কৃষকৰ মাজত হৈছে সংঘৰ্ষ। আৰক্ষীৰ বেৰিকেড আঁতৰাই দিল্লীলৈ আগবাঢ়িব বিচৰা কৃষকৰ ওপৰত আৰক্ষীয়ে কৰিছে গুলীচালনা। এনে গুলীচালনাতে কালি খনৌৰী সীমান্তত নিহত হয় এগৰাকী যুৱ কৃষক শুভকৰণ সিং। শুভকৰণ সিঙৰ মৃত্যুত এতিয়া কৃষক আন্দোলনে লৈছে নতুন গতি৷

আৰক্ষীৰ গুলীত ২১ বছৰীয়া শুভকৰণৰ মৃত্যুত এতিয়া প্ৰতিবাদী কৃষকৰ মাজত ক্ষোভৰ মাত্ৰা দুগুণে বৃদ্ধি পাইছে। কেন্দ্ৰৰ মোদী চৰকাৰৰ ওপৰত ক্ষুব্ধ হৈ পৰিছে কিষাণ মজদুৰ মৰ্চাৰ দৰে প্ৰতিটো প্ৰতিবাদী সংগঠন। শুভকৰণৰ মৃত্যুৰ পাছত এতিয়া আন্দোলনৰ ৰণনীতি সলনি কৰাৰ প্ৰস্তুতি কৃষক সংগঠনসমূহৰ। আজি আন্দোলনৰ নতুন ৰণনীতি সন্দিৰ্ভত আলোচনা কৰিছে সংগঠনসমূহে।

২৩ ফেব্ৰুৱাৰীত আন্দোলনৰ নতুন ৰণনীতি সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত ল'ব কৃষক সংগঠনসমূহে। ইফালে শুভকৰণ সিঙৰ মৃত্যুয়ে জোকাৰি গৈছে পঞ্জাৱ আৰু হাৰিয়ানা। পঞ্জাৱৰ বিভিন্ন স্থানত শুভকৰণৰ ফটো লৈ প্ৰতিবাদ সাব্যস্ত কৰে বহু কৃষকে। মোদী চৰকাৰৰ বিৰুদ্ধে শ্লোগান দি তেওঁলোকে উত্তাল কৰি তোলে পৰিৱেশ। পঞ্জাবত কেইবাটাও ৰাষ্ট্রীয় ঘাইপথো অৱৰোধ কৰে কৃষকসকলে। জন্মু-দিল্লী ঘাইপথ অৱৰোধ কৰি যাতায়ত অচল কৰি দিয়ে কৃষকসকলে। 

আনহাতে, কাইলৈ দেশজুৰি ক’লা দিৱস পালনৰ বিষয়ে ঘোষণা কৰিছে সংযুক্ত কিচান মৰ্চাই। ২৬ ফেব্ৰুৱাৰীত ট্ৰেক্টৰ মাৰ্চ উলিয়াই আন্দোলন তীব্ৰ কৰি তোলাৰো হুংকাৰ সংগঠনটোৰ। যুৱ কৃষক শুভকৰণ সিঙৰ মৃত্যুক লৈ ৰাষ্ট্রীয় মানৱ অধিকাৰ আয়োগৰ বিৰুদ্ধে সৰৱ হৈছে তৃণমূল কংগ্ৰেছ। যুৱ কৃষকজনৰ মৃত্যুৰ তদন্ত কৰিবলৈ মানৱ অধিকাৰ আয়োগত গোচৰ তৰিছে তৃণমূলৰ ৰাজ্যসভাৰ সাংসদ ছাকেট গোখলেই। কিন্তু গোচৰটোৰ সন্দৰ্ভত এতিয়ালৈকে তৎপৰতা প্ৰদৰ্শন কৰা নাই মানৱ অধিকাৰ আয়োগে।

ইয়াৰ বাবেই আয়োগৰ বিৰুদ্ধে সৰব হৈছে তৃণমূল সাংসদগৰাকী। পশ্চিমবংগত সংঘটিত ঘটনাৰ ক্ষেত্ৰত ৰাষ্ট্রীয় মানৱ অধিকাৰ আয়োগে তৎপৰতাৰে ব্যৱস্থা গ্ৰহণ কৰে। কিন্তু শুভকৰণ সিঙৰ মৃত্যু সন্দৰ্ভত কিয় আয়োগে তৎপৰতাৰে তদন্ত কৰা নাই বুলি প্ৰশ্ন সাংসদ গোখলেৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী