--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনকলৈ আত্মবিশ্বাসী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।  প্ৰধানমন্ত্ৰী মোদীয়ে দেওবাৰে মধ্যপ্ৰদেশৰ ঝাবুৱাত ৰাজ্য খনৰ  মুখ্যমন্ত্ৰী মোহন যাদৱৰ সৈতে এক ৰোড শ্ব'ত অংশগ্ৰহণ কৰে। মোদীয়ে  জনজাতি সন্মিলন জন জাতীয় মহাসভাতো ভাষণ দিয়ে।  প্ৰধানমন্ত্ৰীয়ে জনজাতীয় অধ্যুষিত অঞ্চলটোৰ বাবে ৭,৫০০ কোটি টকাৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰা লগতে বহু কেইটা প্ৰক্লপৰ  আধাৰশিলা স্থাপন কৰে। 

প্ৰকল্পসমূহৰ ভিতৰত আছে পথ, দলং, পানী যোগান, জলসিঞ্চন, শিক্ষা, স্বাস্থ্য আৰু দক্ষতা বিকাশ সম্পৰ্কীয় প্ৰকল্প। ।  ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কেন্দ্ৰ আৰু ৰাজ্যত বিজেপিৰ দ্বৈত ইঞ্জিন চৰকাৰৰ প্ৰশংসা কৰে ৰে  যে বিৰোধী নেতাসকলে বিজেপিৰ জনপ্ৰিয়তাৰ বাস্তৱতাক স্বীকাৰ কৰি ল’বলৈ বাধ্য হৈছে। আগন্তুক লোকসভা নিৰ্বাচনত এন ডি এৰ বাবে বিশাল বিজয়ৰ ভৱিষ্যতবাণী কৰি মোদীয়ে কয় যে নিৰ্বাচনত বিজেপিয়ে অকলেই ৩৭০ খন আসন লাভ কৰিব।

 প্ৰধানমন্ত্ৰীয়ে জনজাতীয় সম্প্ৰদায় আৰু তেওঁলোকৰ অধিকাৰক অৱহেলা কৰাৰ বাবে কংগ্ৰেছকো সমালোচনা কৰে। তেওঁ কয় যে বিজেপিয়ে কংগ্ৰেছতকৈ জনজাতীয় শিশুসকলৰ বাবে চাৰিগুণ বেছি একলব্য বিদ্যালয় মুকলি কৰিছে আৰু জনজাতীয় লোকসকলৰ ভূমিৰ অধিকাৰ পুনৰুদ্ধাৰৰ বাবে বন অধিকাৰ আইন সংশোধন কৰিছে। তেওঁ বিনামূলীয়া চিকিৎসা আৰু স্ক্ৰীণিঙেৰে জনজাতীয় লোকৰ মাজত দেখা দিয়া এক আনুবংশিক ৰোগ চিকল চেল ৰক্তহীনতা নিৰ্মূল কৰাৰ বাবে  চৰকাৰে গ্ৰহণ কৰা  প্ৰচেষ্টাৰ বিষয়তো  আলোকপাত কৰে। প্ৰউল্লেখ্য মধ্যপ্ৰদেশত জনজাতীয় লোকৰ সংখ্যা হৈছে মিঠ জনসংখ্যাৰ ৰাজ্যখনৰ জনসংখ্যাৰ প্ৰায় ২১%। বিজেপিয়ে ২০২৩ চনৰ বিধানসভা নিৰ্বাচনত অনুসূচীত জনজাতিৰ বাবে সংৰক্ষিত ৪৭ খন আসনৰ ভিতৰত ২৮ খন আসন লাভ কৰিছিল। 



FOLLOW US F
POPULAR
FEATURE
TRENDY
সৰ্থেবাৰী আৰক্ষীৰ বৃহৎ সফলতা; জালত পৰিল গভাইত চোৰৰ চক্ৰ, বুজন পৰিমাণৰ কাঁহৰ বাচন-বৰ্তন উদ্ধাৰ
কোনে তুলি ল’ব এইবাৰৰ বিশ্বকাপ? বিশ্বজুৰি অন্তহীন জল্পনা-কল্পনা
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement