--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনকলৈ আত্মবিশ্বাসী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।  প্ৰধানমন্ত্ৰী মোদীয়ে দেওবাৰে মধ্যপ্ৰদেশৰ ঝাবুৱাত ৰাজ্য খনৰ  মুখ্যমন্ত্ৰী মোহন যাদৱৰ সৈতে এক ৰোড শ্ব'ত অংশগ্ৰহণ কৰে। মোদীয়ে  জনজাতি সন্মিলন জন জাতীয় মহাসভাতো ভাষণ দিয়ে।  প্ৰধানমন্ত্ৰীয়ে জনজাতীয় অধ্যুষিত অঞ্চলটোৰ বাবে ৭,৫০০ কোটি টকাৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰা লগতে বহু কেইটা প্ৰক্লপৰ  আধাৰশিলা স্থাপন কৰে। 

প্ৰকল্পসমূহৰ ভিতৰত আছে পথ, দলং, পানী যোগান, জলসিঞ্চন, শিক্ষা, স্বাস্থ্য আৰু দক্ষতা বিকাশ সম্পৰ্কীয় প্ৰকল্প। ।  ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কেন্দ্ৰ আৰু ৰাজ্যত বিজেপিৰ দ্বৈত ইঞ্জিন চৰকাৰৰ প্ৰশংসা কৰে ৰে  যে বিৰোধী নেতাসকলে বিজেপিৰ জনপ্ৰিয়তাৰ বাস্তৱতাক স্বীকাৰ কৰি ল’বলৈ বাধ্য হৈছে। আগন্তুক লোকসভা নিৰ্বাচনত এন ডি এৰ বাবে বিশাল বিজয়ৰ ভৱিষ্যতবাণী কৰি মোদীয়ে কয় যে নিৰ্বাচনত বিজেপিয়ে অকলেই ৩৭০ খন আসন লাভ কৰিব।

 প্ৰধানমন্ত্ৰীয়ে জনজাতীয় সম্প্ৰদায় আৰু তেওঁলোকৰ অধিকাৰক অৱহেলা কৰাৰ বাবে কংগ্ৰেছকো সমালোচনা কৰে। তেওঁ কয় যে বিজেপিয়ে কংগ্ৰেছতকৈ জনজাতীয় শিশুসকলৰ বাবে চাৰিগুণ বেছি একলব্য বিদ্যালয় মুকলি কৰিছে আৰু জনজাতীয় লোকসকলৰ ভূমিৰ অধিকাৰ পুনৰুদ্ধাৰৰ বাবে বন অধিকাৰ আইন সংশোধন কৰিছে। তেওঁ বিনামূলীয়া চিকিৎসা আৰু স্ক্ৰীণিঙেৰে জনজাতীয় লোকৰ মাজত দেখা দিয়া এক আনুবংশিক ৰোগ চিকল চেল ৰক্তহীনতা নিৰ্মূল কৰাৰ বাবে  চৰকাৰে গ্ৰহণ কৰা  প্ৰচেষ্টাৰ বিষয়তো  আলোকপাত কৰে। প্ৰউল্লেখ্য মধ্যপ্ৰদেশত জনজাতীয় লোকৰ সংখ্যা হৈছে মিঠ জনসংখ্যাৰ ৰাজ্যখনৰ জনসংখ্যাৰ প্ৰায় ২১%। বিজেপিয়ে ২০২৩ চনৰ বিধানসভা নিৰ্বাচনত অনুসূচীত জনজাতিৰ বাবে সংৰক্ষিত ৪৭ খন আসনৰ ভিতৰত ২৮ খন আসন লাভ কৰিছিল। 



FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু