--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আৱেগবিহ্বল হৈ পৰিছে গৌতম গম্ভীৰ৷ সদায় মাতি থকা এষাৰি মাত এতিয়াৰে পৰা নাথাকিব৷ সাঁচি থোৱা এধানি আটকীয়া স্নেহ এতিয়াৰে পৰা কালৈনো সাঁচি ৰাখিব তেওঁ! 

গৌতমৰ এনে লাগিছে যেন খহি পৰিছে তেওঁৰ বুকুৰ এফাল৷ ইমান বেদনা ইয়াৰ পূৰ্বে কাহানিও পোৱা নাই গৌতম গম্ভীৰে৷ এটা গধুৰ হুমুনিয়াহ বিয়পি পৰিছে তেওঁৰ মনৰ নিজানত৷ 

ক্ৰিকেট আৰু ৰাজনীতি৷ দুটা পৃথক ক্ষেত্ৰত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে ব্যস্ত থকা গৌতম গম্ভীৰৰ ঘৰৰ পৰা চিৰদিনৰ বাবে নোহোৱা হ’ল সুখৰ এটা উৎস৷ এতিয়াৰে পৰা ঘৰলৈ আহিলে ৰিঙা বিষাদ এটাই খেদি ফুৰিব যেন গৌতম গম্ভীৰক৷ 

প্ৰকৃততে গৌতম গম্ভীৰৰ ক্ষেত্ৰত কি হৈছে আপুনি জানেনে? গৌতম গম্ভীৰৰ পৰিয়ালৰ আটাইৰে স্নেহৰ এটা সাৰমেয়ৰ বিয়োগ ঘটিছে৷ আৰু যাৰবাবে খুব অকলশৰীয়া অনুভৱ কৰিছে ক্ৰিকেটাৰগৰাকীয়ে৷ শনিবাৰে ছ’চিয়েল মিডিয়াৰ জৰিয়তে গম্ভীৰে তেওঁৰ পোহনীয়া কুকুৰটো হেৰুওৱাৰ বাবে শোক প্ৰকাশ কৰিছে৷

পোহনীয়া কুকুৰটোৰ সৈতে এখন পুৰণি ফটো শ্বেয়াৰ কৰি গম্ভীৰে লিখিছিল যে কুকুৰটোৰ অনুপস্থিতিত তেওঁ নিজৰ ঘৰলৈ উভতি আহিবলৈ পূৰ্বৰ দৰে একেই আনন্দ অনুভৱ নকৰিব। আগতে ঘৰলৈ আহিলে কুকুৰটোৰ সৈতে একান্তই নিজাপি কিছু সময় অতিবাহিত কৰিছিল গৌতম গম্ভীৰে৷ আৰু হৈ পৰিছিল আপোনপাহৰা৷ এতিয়া স্মৃতিৰ নিদাৰুণ অত্যাচাৰে বাৰুকৈয়ে আমনি কৰিছে জনপ্ৰিয় ক্ৰিকেট তাৰকাগৰাকীক৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক