--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আৱেগবিহ্বল হৈ পৰিছে গৌতম গম্ভীৰ৷ সদায় মাতি থকা এষাৰি মাত এতিয়াৰে পৰা নাথাকিব৷ সাঁচি থোৱা এধানি আটকীয়া স্নেহ এতিয়াৰে পৰা কালৈনো সাঁচি ৰাখিব তেওঁ! 

গৌতমৰ এনে লাগিছে যেন খহি পৰিছে তেওঁৰ বুকুৰ এফাল৷ ইমান বেদনা ইয়াৰ পূৰ্বে কাহানিও পোৱা নাই গৌতম গম্ভীৰে৷ এটা গধুৰ হুমুনিয়াহ বিয়পি পৰিছে তেওঁৰ মনৰ নিজানত৷ 

ক্ৰিকেট আৰু ৰাজনীতি৷ দুটা পৃথক ক্ষেত্ৰত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে ব্যস্ত থকা গৌতম গম্ভীৰৰ ঘৰৰ পৰা চিৰদিনৰ বাবে নোহোৱা হ’ল সুখৰ এটা উৎস৷ এতিয়াৰে পৰা ঘৰলৈ আহিলে ৰিঙা বিষাদ এটাই খেদি ফুৰিব যেন গৌতম গম্ভীৰক৷ 

প্ৰকৃততে গৌতম গম্ভীৰৰ ক্ষেত্ৰত কি হৈছে আপুনি জানেনে? গৌতম গম্ভীৰৰ পৰিয়ালৰ আটাইৰে স্নেহৰ এটা সাৰমেয়ৰ বিয়োগ ঘটিছে৷ আৰু যাৰবাবে খুব অকলশৰীয়া অনুভৱ কৰিছে ক্ৰিকেটাৰগৰাকীয়ে৷ শনিবাৰে ছ’চিয়েল মিডিয়াৰ জৰিয়তে গম্ভীৰে তেওঁৰ পোহনীয়া কুকুৰটো হেৰুওৱাৰ বাবে শোক প্ৰকাশ কৰিছে৷

পোহনীয়া কুকুৰটোৰ সৈতে এখন পুৰণি ফটো শ্বেয়াৰ কৰি গম্ভীৰে লিখিছিল যে কুকুৰটোৰ অনুপস্থিতিত তেওঁ নিজৰ ঘৰলৈ উভতি আহিবলৈ পূৰ্বৰ দৰে একেই আনন্দ অনুভৱ নকৰিব। আগতে ঘৰলৈ আহিলে কুকুৰটোৰ সৈতে একান্তই নিজাপি কিছু সময় অতিবাহিত কৰিছিল গৌতম গম্ভীৰে৷ আৰু হৈ পৰিছিল আপোনপাহৰা৷ এতিয়া স্মৃতিৰ নিদাৰুণ অত্যাচাৰে বাৰুকৈয়ে আমনি কৰিছে জনপ্ৰিয় ক্ৰিকেট তাৰকাগৰাকীক৷
FOLLOW US F
POPULAR
FEATURE
TRENDY
শিল্পীকা বৰদলৈৰ ৰাষ্ট্ৰীয় স্বীকৃতিক লৈ উৎফুল্ল যোৰহাটবাসী
ৰাছিয়াৰ কাষত মার্কিন পাৰমাণৱিক ছাবমেৰিন মোতায়েনৰ নিৰ্দেশ
ড° নগেন শইকীয়া, চৈয়দ চাদুল্লাক বাসগৃহতে সাক্ষাৎ সোণোৱালৰ
ৰঙিয়াৰ জৱাহৰ নৱোদয় বিদ্যালয়ত জঘন্য ঘটনা ; ষষ্ঠ শ্ৰেণীৰ ছাত্ৰৰ ওপৰত যৌন উৎপীড়ন
শীঘ্ৰেই ভাৰতৰ মানচিত্ৰৰ পৰা অদৃশ্য হ'ব হিমাচল প্রদেশ
প্ৰসংগ: ডিব্ৰুগড়ৰ উত্তম গগৈৰ হত্যাকাণ্ড ; ছুপাৰি কিলাৰক ১০ লাখ টকা দি হত্যা ব্যৱসায়ীজনক...