--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • পূজা দাসৰ মাতৃ স্বপ্না দাসে নিজৰ বৃক্ক দিয়াৰ বাবে প্ৰস্তুতি চলায়। কিন্তু এই সমস্ত চিকিৎসা প্ৰক্ৰিয়াত প্ৰয়োজন হ'ব ১৩ লাখ টকা।

ডিজিটেল ডেস্কঃ  বৃক্কৰ ৰোগত আক্ৰান্ত হৈছে, চিৰাং জিলাৰ বিজনী গাৰগাঁও দাসপাৰাৰ মেধাৱী ছাত্ৰী পূজা দাস (২২)। চলিত বৰ্ষত বিজনী মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে এই ছাত্ৰী গৰাকীয়ে।


পূজা দাসক চিকিৎসাৰ বাবে প্ৰথমে গুৱাহাটী তাৰ পিছত চেন্নাইলৈ লৈ যোৱা হয় । দুয়োটা বৃক্কই বিকল হোৱা পূজা দাসক বৃক্কৰ ট্ৰান্সপ্লাণ্ট কৰাৰ পৰামৰ্শ প্ৰদান কৰে চিকিৎসকে।


সেই মৰ্মে পূজা দাসৰ মাতৃ স্বপ্না দাসে নিজৰ বৃক্ক দিয়াৰ বাবে প্ৰস্তুতি চলায়। কিন্তু এই সমস্ত চিকিৎসা প্ৰক্ৰিয়াত প্ৰয়োজন হ'ব ১৩ লাখ টকা।


নিজৰ ঘৰৰ কাষতে সৰুকৈ এখন চাহৰ দোকান দি কোনো মতে পৰিয়াল পোহপাল দিয়া পূজা দাসৰ পিতৃ সুধাংশু দাসৰ বাবে কন্যাৰ চিকিৎসাৰ্থে ১৩ লাখ টকা যুগুত কৰা একেবাৰে অসম্ভৱ।


যাৰ বাবে বন্ধ হৈ পৰে পূজা দাসৰ চিকিৎসা। সদৌ বিটিচি বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ প্ৰতিনিধি দলৰ লগতে স্থানীয় ৰাইজ দুৰ্ভগীয়া ছাত্ৰী গৰাকীৰ বাসগৃহত উপস্থিত হৈ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে ছাত্ৰীগৰাকীৰ চিকিৎসাৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায় আৰু অসমবাসী ৰাইজক আৰ্থিক সাহায্য প্ৰদান কৰিবলৈ আহ্বান জনায়।


পূজা দাসক যদি কোনোবা ব্যক্তিয়ে আৰ্থিক সাহায্য দিব বিচাৰে তেন্তে অনলাইন যোগে দিব পাৰিব এই নম্বৰত 8822509930


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ