--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • পূজা দাসৰ মাতৃ স্বপ্না দাসে নিজৰ বৃক্ক দিয়াৰ বাবে প্ৰস্তুতি চলায়। কিন্তু এই সমস্ত চিকিৎসা প্ৰক্ৰিয়াত প্ৰয়োজন হ'ব ১৩ লাখ টকা।

ডিজিটেল ডেস্কঃ  বৃক্কৰ ৰোগত আক্ৰান্ত হৈছে, চিৰাং জিলাৰ বিজনী গাৰগাঁও দাসপাৰাৰ মেধাৱী ছাত্ৰী পূজা দাস (২২)। চলিত বৰ্ষত বিজনী মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে এই ছাত্ৰী গৰাকীয়ে।


পূজা দাসক চিকিৎসাৰ বাবে প্ৰথমে গুৱাহাটী তাৰ পিছত চেন্নাইলৈ লৈ যোৱা হয় । দুয়োটা বৃক্কই বিকল হোৱা পূজা দাসক বৃক্কৰ ট্ৰান্সপ্লাণ্ট কৰাৰ পৰামৰ্শ প্ৰদান কৰে চিকিৎসকে।


সেই মৰ্মে পূজা দাসৰ মাতৃ স্বপ্না দাসে নিজৰ বৃক্ক দিয়াৰ বাবে প্ৰস্তুতি চলায়। কিন্তু এই সমস্ত চিকিৎসা প্ৰক্ৰিয়াত প্ৰয়োজন হ'ব ১৩ লাখ টকা।


নিজৰ ঘৰৰ কাষতে সৰুকৈ এখন চাহৰ দোকান দি কোনো মতে পৰিয়াল পোহপাল দিয়া পূজা দাসৰ পিতৃ সুধাংশু দাসৰ বাবে কন্যাৰ চিকিৎসাৰ্থে ১৩ লাখ টকা যুগুত কৰা একেবাৰে অসম্ভৱ।


যাৰ বাবে বন্ধ হৈ পৰে পূজা দাসৰ চিকিৎসা। সদৌ বিটিচি বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ প্ৰতিনিধি দলৰ লগতে স্থানীয় ৰাইজ দুৰ্ভগীয়া ছাত্ৰী গৰাকীৰ বাসগৃহত উপস্থিত হৈ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে ছাত্ৰীগৰাকীৰ চিকিৎসাৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায় আৰু অসমবাসী ৰাইজক আৰ্থিক সাহায্য প্ৰদান কৰিবলৈ আহ্বান জনায়।


পূজা দাসক যদি কোনোবা ব্যক্তিয়ে আৰ্থিক সাহায্য দিব বিচাৰে তেন্তে অনলাইন যোগে দিব পাৰিব এই নম্বৰত 8822509930


FOLLOW US F
POPULAR
FEATURE
TRENDY
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু