--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী মা সৰস্বতী পূজা। বাগদেৱীৰ বন্দনাৰে মুখৰিত হৈছে চৌপাশ। বসন্ত পঞ্চমীৰ দিনটো মাতৃ সৰস্বতীৰ নামত উচৰ্গা কৰা হৈছে। হিন্দু ধৰ্মত দেৱী সৰস্বতীক জ্ঞান, শিল্প আৰু সংগীতৰ দেৱী বুলি গণ্য কৰা হয়। এই দিনটোত মানুহে মাতৃ সৰস্বতীক বিশেষভাৱে পূজা কৰে। 

সৰস্বতী পূজাৰ আগত বগৰী নোখোৱাৰ পৰম্পৰা আছে। পৌৰাণিক কাহিনী অনুসৰি সৰস্বতী দেৱীক সন্তুষ্ট কৰাৰ বাবে মহামুনি ব্যাসদেৱে বদৰিকাশ্ৰমত তপস্যা কৰিছিল। তপস্যা আৰম্ভ কৰাৰ পূৰ্বে তপস্যা স্থলৰ কাষত এটি বগৰীৰ বীজ থৈ চৰ্ত আৰোপ কৰা হৈছিল যে যেতিয়া এই বগৰী গুটি অংকুৰিত হৈ পুলি হ'ব, পুলিৰ পৰা গছ, গছত ফুল ফুলি নতুন বগৰী হ'ব আৰু সেই বগৰী পকি ব্যাসদেৱৰ মূৰত পৰিব সেই দিনাই তেখেতৰ তপস্যা পূৰ্ণ হব বা সৰস্বতী দেৱী সন্তুষ্ট হব। ব্যাস দেৱেও সেই চৰ্ত মানি লৈ তপস্যা আৰম্ভ কৰিলে। লাহে লাহে বগৰী গুটিৰ পৰা পুলি, পুলিৰ পৰা ডাঙৰ গছ, ডাঙৰ গছত ফুলৰ পৰা নতুন বগৰী হৈ এদিন পকি ব্যাস দেৱৰ মূৰত পৰিল।

ব্যাস দেৱে বুজি পালে যে তেখেতৰ তপস্যা পূৰ্ণ হৈছে।(বগৰীৰ আন এক নাম বদ্ৰী) বদ্ৰী-বগ্ৰী-বগৰী! তপস্যাৰ লগত বদ্ৰীৰ সম্পৰ্ক থকাৰ বাবে সেই ঠাইৰ নাম বদ্ৰীকাশ্ৰম নামে জনাজাত হয়।

তিথিটো আছিল বসন্ত পঞ্চমী। সেইদিনা বেদমাতা সৰস্বতীক বদ্ৰী/বগৰী ফল নিবেদন কৰি পূজা অৰ্চনা কৰি ব্যাস দেৱে ব্ৰহ্মসূত্ৰ ৰচনা আৰম্ভ কৰে আৰু আই সৰস্বতী সন্তুষ্ট হৈছিল।

সেয়ে সেই তিথিৰ আগত বগৰী খাব নালাগে। বসন্ত পঞ্চমীৰ দিনা দেৱী সৰস্বতীক বগৰী অৰ্পণ কৰাৰ পাছত হে বগৰী খোৱা হয়।

বসন্ত ফল হোৱাৰ বাবে বসন্ত পঞ্চমীৰ আশে-পাশে বগৰী ওলাবলৈ আৰম্ভ কিন্তু মানুহে সৰস্বতী পূজাৰ আগত বগৰী নাখায় কিয়নো বগৰীক মাতৃ সৰস্বতীৰ প্ৰিয় ফল বুলি ধৰা হয়। এনে অৱস্থাত জনসাধাৰণে বিশ্বাস কৰে যে দেৱীৰ প্ৰিয় ফল প্ৰথমে দেৱীক নুখুৱাই বা অৰ্পণ নকৰাকৈ খাব নোৱাৰি। সেয়েহে সৰস্বতী পূজাত দেৱীৰ চৰণত প্ৰসাদ হিচাপে বগৰী আগবঢ়োৱা হয়। বগৰী অবিহনে সৰস্বতী পূজাক আধৰুৱা বুলি গণ্য কৰা হয়।




FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ