--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাইচুং ভূটীয়া, সুনীল ছেত্ৰী, গুৰপ্ৰীত সিং সন্ধু, সন্দেশ জিংঘন, সুব্ৰত পালৰ পথ অনুসৰণ কৰি এইবাৰ আন এজন ভাৰতীয়ই বিদেশৰ ক্লাব ফুটবলত নিজৰ নাম উজলাবলৈ উলাইছে। চেন্নাইইন এফ চিৰ ফুটবলাৰ বিজয় ছেত্ৰীয়ে উৰুগুৱেৰ ক্লাব কলন ফুটবল ক্লাবৰ সৈতে চুক্তিবদ্ধ হৈছে। লুইছ ছুয়াৰেজ, ডিয়েগো ফৰ্লানৰ দেশত খেলা দেখা যাব তেওঁক।

২২ বছৰীয়া বিজয়ে লেটিন আমেৰিকাত ক্লাব ফুটবল খেলা প্ৰথমজন ভাৰতীয় ফুটবলাৰ হিচাপে পৰিগণিত হ’ব। ২০২৪ চনৰ শেষলৈকে তেওঁ উৰুগুৱেৰ ক্লাবত ঋণত খেলিব। ১১৬ বছৰীয়া ক্লাবটোৱে এতিয়া উৰুগুৱেৰ দ্বিতীয় বিভাগত খেলি আছে।

চেন্নাইইনৰ এগৰাকী নেত্ৰী ভিটা ডানীয়ে কয়- ''আমি অতিশয় সুখী। বিশ্বৰ প্ৰিমিয়াৰ ফুটবল ক্লাবৰ এটা ক্লাবৰ হৈ খেলাৰ সুযোগ পাইছে। উৰুগুৱেৰ ফুটবল ইতিহাসৰ বিষয়ে আমি সকলোৱে জানো। উৰুগুৱেই দুবাৰকৈ বিশ্বকাপ আৰু দুবাৰকৈ অলিম্পিকৰ স্বৰ্ণ জয় কৰিছে। লেটিন আমেৰিকাৰ অন্যতম শ্ৰেষ্ঠ ফুটবল শক্তি। প্ৰথম বিশ্বকাপৰ পূৰ্বে প্ৰতিষ্ঠা হোৱা ক্লাবত খেলাৰ সুযোগ পাইছিল বিজয়ে। আমি সকলোৱে তেওঁক লৈ গৌৰৱান্বিত।”

বিদেশী ক্লাবত খেলাৰ সুযোগ পাই বিজয় নিজেই উৎফুল্লিত হৈ পৰিছে। ইয়াৰ বাবে তেওঁ চেন্নাই কৰ্তৃপক্ষ আৰু তেওঁৰ এজেণ্ট ছকাৰ কনচালটেণ্ট গ্ৰুপক কৃতিত্ব দিয়ে। বিজয়ে কয়, ‘এজন পেছাদাৰী ফুটবলাৰ হিচাপে মই নতুন প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ সাজু। মই মোৰ সাধ্য অনুসৰি দিবলৈ চেষ্টা কৰিম। আশাকৰোঁ উৰুগুৱেৰ ক্লাবত খেলাৰ অভিজ্ঞতাই মোক ফুটবলাৰ হিচাপেও উন্নত কৰিব। ভাৰতীয় ফুটবলৰ মানদণ্ড বজাই ৰাখিবলৈ চেষ্টা কৰিম।\

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু