--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অধিনায়কত্ব ত্যাগ কৰিলেও নেতৃত্বৰ দায়িত্ব এতিয়াও তেওঁৰ কান্ধত নিহিত হৈ আছে। যেতিয়া দলটো বিপদত পৰে তেতিয়া তেওঁ প্ৰথমে আগবাঢ়ি আহে। বলাৰসকলে তেওঁক এতিয়াও দলৰ নেতা হিচাপে গণ্য কৰে। গুজৰাটক পৰাস্ত কৰাৰ পিছত এই মন্তব্য চেন্নাইৰ পেচাৰ দীপক চহৰে। তেওঁ কয় যে ফিল্ডিং সলনি কৰাৰ সময়ত ধোনিৰ সৈতে এতিয়াও কথা পাতে।

খেলৰ অন্তত দীপকে কয়, ‘ফিল্ডিং ছেট কৰাৰ পিছতো ধোনীলৈ চাওঁ। অধিনায়ক হিচাপেও ভাল খেলি আছে ৰুতুৰাজে। কিন্তু বলিং কৰি থাকোঁতে ধোনিকো চাব লাগিব।’’

 আই পি এল আৰম্ভ হোৱাৰ আগদিনা ধোনীয়ে অধিনায়কৰ পদৰ পৰা পদত্যাগ কৰে। অধিনায়কসকলৰ ফটো শ্বুটত চেন্নাইৰ নতুন অধিনায়ক ঘোষণা কৰা হয়।

মঙলবাৰৰ খেলখনত দীপকৰ বলিঙে চকু কপালত তুলিছিল। পাৱাৰ প্লে’ত গুজৰাটক যি ঠেলা দিছিল সেয়া তেওঁলোকে চম্ভালিব পৰা নাছিল। নিজৰ বলিঙৰ সন্দৰ্ভত দীপকে কয়, ‘মই খেল আৰম্ভ কৰাৰ পৰাই পাৱাৰপ্লে’ত তিনিটা অভাৰত বলিং কৰিছিলো। গতিকে মোৰ বাবে ই নতুন কথা নহয়। নতুন নিয়মবোৰ মনত ৰাখি মই বলিং কৰিবলৈ চেষ্টা কৰিছো।"

এইবাৰৰ আই পি এলত প্ৰতি অভাৰত দুজন বাউন্সাৰৰ নিয়ম প্ৰৱৰ্তন কৰা হৈছে। সেই প্ৰসংগত দীপকে কয়, “আগতে যদি প্ৰথম দুটা-তিনিটা বলত বাউন্সাৰ দিয়া হয়, তেন্তে বেটছমেনসকল সম্পূৰ্ণ লেংথ বলৰ বাবে সাজু হ’লহেঁতেন।” কিন্তু নতুন নিয়মৰ বাবে পৰৱৰ্তী বলটো বাউন্সাৰ হ’ব পাৰে বুলি কোনেও ৰিস্ক ল’ব নিবিচাৰে। ইয়াৰ পৰা পেচাৰসকলে বহুত সহায় পাইছে।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ