--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অধিনায়কত্ব ত্যাগ কৰিলেও নেতৃত্বৰ দায়িত্ব এতিয়াও তেওঁৰ কান্ধত নিহিত হৈ আছে। যেতিয়া দলটো বিপদত পৰে তেতিয়া তেওঁ প্ৰথমে আগবাঢ়ি আহে। বলাৰসকলে তেওঁক এতিয়াও দলৰ নেতা হিচাপে গণ্য কৰে। গুজৰাটক পৰাস্ত কৰাৰ পিছত এই মন্তব্য চেন্নাইৰ পেচাৰ দীপক চহৰে। তেওঁ কয় যে ফিল্ডিং সলনি কৰাৰ সময়ত ধোনিৰ সৈতে এতিয়াও কথা পাতে।

খেলৰ অন্তত দীপকে কয়, ‘ফিল্ডিং ছেট কৰাৰ পিছতো ধোনীলৈ চাওঁ। অধিনায়ক হিচাপেও ভাল খেলি আছে ৰুতুৰাজে। কিন্তু বলিং কৰি থাকোঁতে ধোনিকো চাব লাগিব।’’

 আই পি এল আৰম্ভ হোৱাৰ আগদিনা ধোনীয়ে অধিনায়কৰ পদৰ পৰা পদত্যাগ কৰে। অধিনায়কসকলৰ ফটো শ্বুটত চেন্নাইৰ নতুন অধিনায়ক ঘোষণা কৰা হয়।

মঙলবাৰৰ খেলখনত দীপকৰ বলিঙে চকু কপালত তুলিছিল। পাৱাৰ প্লে’ত গুজৰাটক যি ঠেলা দিছিল সেয়া তেওঁলোকে চম্ভালিব পৰা নাছিল। নিজৰ বলিঙৰ সন্দৰ্ভত দীপকে কয়, ‘মই খেল আৰম্ভ কৰাৰ পৰাই পাৱাৰপ্লে’ত তিনিটা অভাৰত বলিং কৰিছিলো। গতিকে মোৰ বাবে ই নতুন কথা নহয়। নতুন নিয়মবোৰ মনত ৰাখি মই বলিং কৰিবলৈ চেষ্টা কৰিছো।"

এইবাৰৰ আই পি এলত প্ৰতি অভাৰত দুজন বাউন্সাৰৰ নিয়ম প্ৰৱৰ্তন কৰা হৈছে। সেই প্ৰসংগত দীপকে কয়, “আগতে যদি প্ৰথম দুটা-তিনিটা বলত বাউন্সাৰ দিয়া হয়, তেন্তে বেটছমেনসকল সম্পূৰ্ণ লেংথ বলৰ বাবে সাজু হ’লহেঁতেন।” কিন্তু নতুন নিয়মৰ বাবে পৰৱৰ্তী বলটো বাউন্সাৰ হ’ব পাৰে বুলি কোনেও ৰিস্ক ল’ব নিবিচাৰে। ইয়াৰ পৰা পেচাৰসকলে বহুত সহায় পাইছে।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু