ডিজিটেল ডেস্কঃ ৰাজ্যত অব্যাহত আছে ড্ৰাগছৰ ক'লা বেহা। পুৱতি নিশা লামডিঙৰ ২৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ নতুন বস্তিত AS01DT-9634 নম্বৰৰ এখন বাহনৰ পৰা ২৪টা বাকচত ভৰ্তি হেʼৰইন জব্দ কৰাৰ লগতে তিনিজন সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে।
জব্দ কৰা হেʼৰইনখিনিৰ বজাৰ মূল্য প্ৰায় ১৬ লাখ টকা বুলি অনুমান কৰা হৈছে।
জানিব পৰা মতে হেʼৰইনখিনি শ্ৰীভূমিৰ পৰা হোজাইলৈ লৈ যোৱাৰ সময়তে উদালী পহৰা চকীত আৰক্ষী দেখা পাই পলাবলৈ চেষ্টা কৰে সৰবৰাহকাৰীকেইজনে।
তীব্ৰগতিত পলায়ন কৰিবলৈ লওতে বাহনখনে লামডিঙৰ ২৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ নতুন বস্তিত এটা লোহাৰ পোষ্টত খুন্দা মাৰে।
আটকাধীন তিনিজন সৰবৰাহকাৰী হৈছে- মৌৰাঝাৰৰ মহম্মদ তাজ উদ্দিন, ডবকাৰ চাবিৰ হুছেইন আৰু উদালী খাগৰীজান বজাৰৰ ৰস্মিতা বেগম
এই ঘটনাই সমগ্ৰ অঞ্চলত চাঞ্চল্যৰ সৃষ্টি কৰিছে।
উল্লেখ্য যে ৰাজ্যত বিৰামহীনভাৱে অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান । ৰাজ্যৰ শাসনভাৰ লোৱাৰ পাছতে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ড্ৰাগছৰ বিৰুদ্ধে ৰাজ্যজুৰি কঠোৰ অভিযান আৰম্ভ কৰিছিল। ড্ৰাগছৰ বিৰুদ্ধে শূন্য সহনশীল স্থিতি গ্ৰহণ কৰা হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বিগত চাৰি বছৰত এইক্ষেত্রত ব্যাপক সফলতা লাভ কৰিবলৈ সক্ষম হৈছে।
অসম আৰক্ষীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ড্রাগছৰ বিৰুদ্ধে অভিযান চলাই বহুসংখ্যক ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে।