--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় ক্ৰিকেটত ফিটনেছৰ ক্ষেত্ৰত বিৰাট কোহলীৰ কোনো প্ৰতিদ্বন্দী নাই। কোহলীক দেখি বহু ক্ৰিকেটাৰ ফিটনেছৰ প্ৰতি সচেতন হৈ পৰিছে। হৰভজন সিঙে তেনে এটা ঘটনাৰ কথা উল্লেখ কৰিছিল। জাতীয় দলত থকা সময়ছোৱাত তেওঁ নিবিড়ভাৱে দেখিছিল যে কেনেকৈ কোহলীয়ে নিজৰ খাদ্যাভ্যাস নিয়ন্ত্ৰণ কৰি ফিটনেছ সচেতন হৈ উঠিছিল।

এটা চেনেলত হৰভজনে কয়, ‘ফিটনেছৰ কথা আহিলে আইনাখনৰ সন্মুখত নিজকে চালেই বুজিব পাৰি। আপোনাৰ এনে লাগিব যেন কিবা এটা কৰিব লাগিব। এটা সময় আছিল যেতিয়া এজন মানুহে অকলেই চাৰিজনৰ খাদ্য খাব পাৰিছিল। যেতিয়াই খাদ্যৰ কথা হৈছিল, মোক সুধিছিল- পাজি! এই ব্যঞ্জন অৰ্ডাৰ দিম নেকি?”- হৰভজনে ইয়াত কোহলীৰ নাম নোলোৱাকৈয়ে ক’লে।

ভজীয়ে লগতে কয়, “মই তাৰ পৰিৱৰ্তন দেখি সুধিলোঁ, ইমান নিয়ন্ত্ৰণ কেনেকৈ? এটা নিৰ্দিষ্ট পৰিমাণৰ খাদ্য খায়। সেইটোও নিৰ্দিষ্ট সময়ত। নিজৰ বাবে ডাঙৰ অনুশাসন আনিলে। সেই ক্ৰমত মোক বান্ধিবলৈ চেষ্টা কৰিলে। কোহলীৰ সৈতে খেলা দুবছৰ মোৰ বাবে বহুত ভাল। কোহলীৰ বাবে মই মোৰ ফিটনেছৰ শিখৰত উপনীত হ’লোঁ৷ মোক জিমলৈ লৈ যাবলৈ ধৰিলে। আগতে মই তেওঁক ফিটনেছ গুৰু বুলি কৈছিলোঁ। কোহলীৰ বাবেই ভাৰতীয় দলটোৱে ফিটনেছৰ ওপৰত পৃথকে পৃথকে প্ৰশিক্ষণ আৰম্ভ কৰিছিল।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক