--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি কেৱল মাৰ্চ মাহেই নহয়, ২০২৩-২৪ বিত্তীয় বৰ্ষৰো অন্ত পৰিল। কাইলৈৰ পৰা আৰম্ভ হ’ব নতুন বিত্তীয় বৰ্ষ। এই নতুন পুৱাটোৱে কেৱল নতুন তাৰিখ লৈ অহাই নহয়, বহু পৰিৱৰ্তনো আনিব, যাৰ প্ৰত্যক্ষ প্ৰভাৱ সাধাৰণ জনতাৰ পকেটত পৰিব। য’ত ধনৰ সৈতে জড়িত নিয়ম, চৰ্ত আৰু ক্ৰেডিট কাৰ্ডৰ সৈতে জড়িত কৰ নিয়মৰ পৰিৱৰ্তন হ’ব। সেই পৰিৱৰ্তনসমূহ চাওঁ আহক, যিবোৰ ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব।

যদি এতিয়ালৈকে আপুনি পুৰণি কৰ ব্যৱস্থা অনুসৰি আয়কৰ দি আহিছে, তেন্তে আপুনি মনত ৰখা উচিত যে নতুন কৰ ব্যৱস্থা দেশত ডিফল্ট হৈছে। এনে পৰিস্থিতিত প্ৰতি বছৰে ১ এপ্ৰিলৰ পিছত আপোনাৰ কৰ ব্যৱস্থা বাছি ল’ব লাগিব, নহ’লে ই স্বয়ংক্ৰিয়ভাৱে নতুন কৰ ব্যৱস্থালৈ স্থানান্তৰিত হ’ব।

যদি আপুনি পৰৱৰ্তী বিত্তীয় বৰ্ষ ২০২৪-২৫ত নতুন কৰ ব্যৱস্থালৈ যায়, তেন্তে এতিয়া আপুনি ৫০ হাজাৰ টকাৰ মানক কৰ্তনৰ সুবিধা পাব, যিটো আগতে কেৱল পুৰণি কৰ ব্যৱস্থাতহে সম্ভৱ আছিল। যদিও এই নিয়ম ইতিমধ্যে ২০২৩ চনৰ ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হৈছে, তথাপিও ২০২৪ চনৰ ১ এপ্ৰিলৰ পৰা ইয়াক সলনি কৰাৰ সুযোগ আছে। এনে কৰিলে আপোনাৰ ৭.৫ লাখ টকা পৰ্যন্ত আয় কৰমুক্ত হ’ব।

নতুন কৰ ব্যৱস্থাত ২০২৩ চনৰ ১ এপ্ৰিলৰ পৰা বৃদ্ধি কৰা হৈছে কৰ ৰেহাইৰ সীমা। এতিয়া নতুন কৰ ব্যৱস্থাত আয়ৰ ওপৰত ২.৫ লাখ টকাৰ পৰিৱৰ্তে ৩ লাখ টকালৈকে কৰ শূন্য হৈয়েই আছে, আনহাতে ধাৰা ৮৭এৰ অধীনত দিয়া কৰ ৰেহাই ৫ লাখ টকাৰ সলনি ৭ লাখ টকালৈ বৃদ্ধি কৰা হৈছে। কিন্তু পুৰণি কৰ ব্যৱস্থাত নিল টেক্স সীমা এতিয়াও ২.৫ লাখ টকা পৰ্যন্ত আৰু কৰ ৰেহাই ৫ লাখ টকা পৰ্যন্ত।

এন পি এছ গ্ৰাহকসকলক চাইবাৰ জালিয়াতিৰ পৰা ৰক্ষা কৰিবলৈ পেঞ্চন ফাণ্ড ৰেগুলেটৰী এণ্ড ডেভেলপমেণ্ট অথৰিটিয়ে নিজৰ লগইন ব্যৱস্থাত পৰিৱৰ্তন সাধন কৰিছে। এতিয়া এন পি এছ একাউণ্টত লগ ইন কৰিবলৈ এন পি এছ একাউণ্টধাৰীসকলক ইউজাৰ আই ডি আৰু পাছৱৰ্ডৰ লগতে আধাৰৰ সৈতে লিংক কৰা মোবাইল নম্বৰৰ প্ৰয়োজন হ’ব। পিএফআৰডিএই এনপিএছত আধাৰ ভিত্তিক লগইন প্ৰমাণীকৰণৰ প্ৰৱৰ্তন কৰিবলৈ ওলাইছে। এই নিয়ম ২০২৪ চনৰ ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব।

এছ বি আইৰ ক্ৰেডিট কাৰ্ডধাৰীৰ বাবে এটা বেয়া খবৰ। এতিয়া ভাড়া পৰিশোধৰ সময়ত লাভ কৰা পুৰস্কাৰ পইণ্ট ১ এপ্ৰিলৰ পৰা বন্ধ কৰা হ’ব। ইয়াৰ অধীনত এছ বি আইৰ AURUM, SBI Card Elite, SBI Card Pulse, SBI Card Elite Advantage আৰু SimplyCLICK ক্ৰেডিট কাৰ্ডত এই সুবিধা বন্ধ কৰা হৈছে।

য়েছ বেংকে নতুন বিত্তীয় বৰ্ষত ক্ৰেডিট কাৰ্ড ধাৰীসকলক উপহাৰ দিয়াৰ সিদ্ধান্ত লৈছে। এতিয়া চলিত বিত্তীয় বৰ্ষৰ এক চতুৰ্থাংশত কমেও ১০ হাজাৰ টকা খৰচ কৰি ঘৰুৱা বিমানবন্দৰৰ লাউঞ্জত বিনামূলীয়া সুবিধা লাভ কৰিব গ্ৰাহকে। ২০২৪ চনৰ ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব এই নতুন নিয়ম।

আইচিআইচিআই বেংকেও ক্ৰেডিট কাৰ্ডৰ নিয়ম সলনি কৰিবলৈ ওলাইছে। ২০২৪ চনৰ ১ এপ্ৰিলৰ পৰা গ্ৰাহকে এক চতুৰ্থাংশত ৩৫ হাজাৰতকৈ অধিক টকা খৰচ কৰিলে বিনামূলীয়াকৈ বিমানবন্দৰ লাউঞ্জৰ প্ৰৱেশ লাভ কৰিব।

প্ৰতি মাহৰ প্ৰথম দিনটোত এল পি জি গেছৰ মূল্য সলনি হয়। কেতিয়াবা দামবোৰ স্থিৰ হৈ থাকে আৰু তাৰ পিছত কিছু মাহ ধৰি বৃদ্ধি হোৱা দেখা যায়। একেদৰে ১ এপ্ৰিলতো পৰিৱৰ্তন দেখা যাব পাৰে। দাম বৃদ্ধি হ’লে ইয়াৰ প্ৰভাৱ পৰিব জনসাধাৰণৰ পকেটত।

২০২৪ চনৰ ১ এপ্ৰিলৰ পৰা ওলা মানিয়ে নিজৰ ৱালেটৰ নিয়ম সলনি কৰিবলৈ ওলাইছে। কোম্পানীটোৱে এছএমএছ প্ৰেৰণ কৰি গ্ৰাহকক জনাইছে যে সৰু পিপিআই (প্ৰিপেইড পেমেণ্ট ইনষ্ট্ৰুমেণ্ট) ৱালেট সেৱাৰ সীমা ১০ হাজাৰ টকালৈ বৃদ্ধি কৰিবলৈ ওলাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু