--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰত মহাসাগৰীয় এটা ক্ষুদ্ৰ দ্বীপক লৈ দেশত আৰম্ভ হৈছে নতুন ৰাজনীতি। দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এক টুইটৰ পাছতে সূত্ৰপাত ঘটিছে ৰাজনৈতিক বাকযুদ্ধৰ। ভাৰতৰ ৰামেশ্বৰমৰ সমীপত থকা কচ্চাথিভু নামৰ দ্বীপটোক শ্ৰীলংকাক গটাই দিয়াক লৈ সূত্ৰপাত ঘটিছল নতুন ৰাজনৈতিক যুদ্ধৰ। প্ৰধানমন্ত্ৰীয়ে ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰা অনুযায়ী কংগ্ৰেছৰ কাৰ্যকালতে কচ্চাথিভুক গটাই দিয়া হৈছিল শ্ৰীলংকাক। যাৰ বাবে কংগ্ৰেছক তীব্ৰ সমালোচনা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। 

শেহতীয়াকৈ লাভ কৰা এক আৰ টি আই তথ্যৰ ভিত্তিত এনেদৰে কংগ্ৰেছক দোষাৰোপ প্ৰধানমন্ত্ৰীগৰাকীৰ। দৰাচলতে দীৰ্ঘদিন ধৰি বিতৰ্কৰ কেন্দ্ৰবিন্দু হৈ আহিছে কচ্চাথিভু দ্বীপ। ভাৰত আৰু শ্ৰীলংকাৰ মাজত অৱস্থিত এই দ্বীপটোৰ অধিকাৰক লৈ দাবী জনাই আহিছে দুয়োখন ৰাষ্ট্রই। 

কচ্চাথিভুক নিজৰ অন্তৰ্গত অঞ্চল বুলি দাবী কৰি আহিছে তামিলনাডুৱে। ১৯৯১ চনত এই দ্বীপটোক শ্ৰীলংকাৰ পৰা নিজৰ দখললৈ আনিবলৈ ভাৰত চৰকাৰক অনুৰোধ জনাই তামিলনাডু বিধানসভাত গ্ৰহণ কৰা হৈছিল প্ৰস্তাৱ। এই সন্দৰ্ভত ২০০৮ চনত তামিলনাডুৰ তদানীন্তন মুখ্যমন্ত্ৰী প্ৰয়াত জয়াললিতাই কাষ চাপিছিল সৰ্বোচ্চ ন্যায়ালয়ৰ। কচ্চাথিভুক লৈ ভাৰত আৰু শ্ৰীলংকাৰ মাজত থকা চুক্তি বাতিল কৰাৰ বাবে আৱেদন জনাইছিল জয়াললিতাই। কি পৰিস্থিতিত ভাৰতৰ অংগ কচ্চাথিভু শ্ৰীলংকাৰ দখললৈ গৈছিল তাক লৈ শাসক-বিৰোধীৰ মাজত অব্যাহত আছিল বিতৰ্ক। 

আনহাতে ২০২৩ চনৰ ১০ আগষ্টত লোকসভাত কচ্চাথিভুৰ প্ৰসংগ উত্থাপন কৰি বিৰোধীক সমালোচনা কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

এনে বিতৰ্কৰ মাজতে শেহতীয়াকৈ তামিলনাডু বিজেপিৰ ৰাজ্যিক সভাপতি কে আন্নামলায়ে কচ্চাথিভুক লৈ দাখিল কৰা RTI আৱেদনত পোহৰলৈ আহিল বিস্ফোৰক তথ্য। সংশ্লিষ্ট বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি ১৯৭৪ চনত তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে কচ্চাথিভুক গটাই দিছিল শ্ৰীলংকাক। দ্বীপ ৰাষ্ট্র শ্ৰীলংকাৰ তদানীন্তন শ্ৰীমাভু বন্দৰনায়কৰে হোৱা এক চুক্তিৰ আধাৰত এনেদৰে দেশখনক গটাই দিছিল ভাৰতৰ এক গুৰুত্বপূৰ্ণ অঞ্চল। 
 
শেহতীয়াকৈ এই তথ্য প্ৰকাশ পোৱাৰ পাছতে লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত আন  এক ৰাজনৈতিক অস্ত্ৰ লাভ কৰিলে বিজেপিয়ে। বিৰোধী কংগ্ৰেছক কচ্চাথিভুৰ প্ৰসংগৰে তীব্ৰ আক্ৰমণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। কচ্চাথিভুক কংগ্ৰেছে শ্ৰীলংকাক গটাই দি দেশৰ অখণ্ডতাক দুৰ্বল কৰাৰ গুৰুতৰ অভিযোগ তুলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। স্বাভাৱিকতে নিৰ্বাচনৰ প্ৰাকক্ষণত কচ্চাথিভু প্ৰসংগই নিশ্চিতভাৱে ক্ষতি কৰিব কংগ্ৰেছক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
গোসাইগাঁৱৰ বল্লামগুৰিত মাৰণাস্ত্ৰসহ চাৰিজন ছুপাৰী কিলাৰক আটক
ওজন কমোৱাত সহায় কৰে ব্লেক কফিয়ে; আপুনি খায়নে?
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
ভিয়েটনামত ভয়ংকৰ নাও দুৰ্ঘটনা; ১৫ গৰাকী ভাৰতীয় পৰ্যটকৰ সলিল সমাধি
Advertisement